ওবামাক হেণ্ডকাফ লগাই টানি টানি লৈ যোৱা হৈছে! AIৰ ভিডিঅ’ পোষ্ট ট্ৰাম্পৰ

হাতকেৰেয়া পিন্ধাই প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি বাৰাক ওবামাক টানি নিয়া হৈছে! এই কাল্পনিক দৃশ্যৰ এটা ভিডিঅ’ সোমবাৰে সামাজিক মাধ্যমত পোষ্ট কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। এইটো সম্ভৱ হৈছে কৃত্ৰিম বুদ্ধিমত্তা বা AIৰ সৌজন্যত।

ট্ৰাম্পে পোষ্ট কৰা ভিডিঅ’ৰ আৰম্ভণিতে দেখা যায়, ওবামাই কৈছে, “কোনোৱেই, আনকি ৰাষ্ট্ৰপতিও আইনৰ ঊৰ্ধ্বত নহয়।” তাৰ পিছত জো বাইডেনকে ধৰি একাধিক প্ৰাক্তন ডেমোক্ৰেট ৰাষ্ট্ৰপতিকো একেটা কথা কোৱা শুনা যায়। তাৰ পিছতেই বিদ্ৰূপাত্মক ভংগীত এজন ব্যক্তিক হাঁহি থকা দেখা যায়। ভিডিঅ’ৰ পৰৱৰ্তী অংশত দেখুওৱা হৈছে, হোৱাইট হাউচত আমেৰিকাৰ চোৰাংচোৱা সংস্থা এফবিআইৰ বিষয়াসকলে ওবামাৰ হাতত হাতকেৰেয়া পিন্ধাই টানি টানি লৈ গৈছে। কাষত বহি ট্ৰাম্পে হাঁহি আছে। ভিডিঅ’ৰ পৰৱৰ্তী অংশত কমলা ৰঙৰ পোছাক পৰিধান কৰি ওবামা জে’লৰ ভিতৰত থিয় হৈ থকা দেখা যায়। সমগ্ৰ ভিডিঅ’টোৰ ওপৰত লিখা আছে, “কোনোৱেই আইনৰ ঊৰ্ধ্বত নহয়।”

ট্ৰাম্পে এই ভিডিঅ’ কিয় পোষ্ট কৰিলে, তাৰ কাৰণ স্পষ্ট নহয়। তেওঁ নিজে এই বিষয়ে কোনো ব্যাখ্যা দিয়া নাই। কিন্তু তেওঁ ওবামাক গ্ৰেপ্তাৰ কৰাৰ ইংগিত দিছে নেকি, তাকে লৈ আমেৰিকাৰ ৰাজনৈতিক মহলত আলোচনা আৰম্ভ হৈছে। কেইদিনমান আগতেই ট্ৰাম্প প্ৰশাসনৰ চোৰাংচোৱাপ্ৰধান তুলচী গাবাৰ্ডে চৰকাৰী নথি উদ্ধৃত কৰি দাবী কৰিছিল যে, ২০১৬ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ট্ৰাম্পৰ জয়ক তুচ্ছজ্ঞান কৰি দেখুৱাবলৈ চেষ্টা কৰিছিল ওবামাই। ওবামাৰ বিৰুদ্ধে বিচাৰ আৰম্ভ হোৱা উচিত বুলিও তুলচীয়ে কৈছিল। ধাৰণা কৰা হৈছে, তাৰ পৰাই ট্ৰাম্প-ওবামাৰ দ্বন্দ্বৰ সূত্ৰপাত হৈছে। যদিও আন এজন প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি জিমি কাৰ্টাৰৰ শেষকৃত্যত ট্ৰাম্প আৰু ওবামাক একেলগে বহি কথা পাতি থকা দেখা গৈছিল। সেই ভিডিঅ’ই সামাজিক মাধ্যমত বিশেষ চৰ্চাৰ সৃষ্টি কৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মেকেঞ্জি স্কটৰ নতুন অভিলেখ । এতিয়ালৈ দান কৰিলে ২.৪৬লাখ কোটি টকা

শেহতীয়াকৈ উত্তৰ কেৰ’লিনাৰ Elizabeth City State Universityক মেকেঞ্জি স্কটে...

কোন এই ছাৰাহ খালিফা ? কিয় ইজিপ্তৰ এইগৰাকী বাতৰি উপস্থাপকৰ বিৰুদ্ধে দিয়া হ’ল মৃত্যুদণ্ডৰ ৰায়দান ?

ইম্পছিবল নামৰ অপৰাধ আৰু নিৰাপত্তা বিষয়ক টেলিভিছন অনুষ্ঠানৰ জৰিয়তে...

চীন মাষ্টাৰ্ছত সতৱিক-চিৰাগৰ খিতাপ জয়

ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈ সতৱিকছাইৰাজ ৰেংকিৰেড্ডী আৰু চিৰাগ শেট্টীয়ে...

UN Map Resolution-লৈ ভাৰতৰ সমৰ্থন, J&K-লাডাখক লৈ কিয় আপোচ নকৰে দিল্লীয়ে?

বিশ্বৰ মানচিত্ৰত দেশসমূহ আৰু মহাদেশসমূহৰ ভৌগোলিক আকাৰ অধিক সঠিকভাৱে...