‘RCB য়ে IPL ট্ৰফী জয় নকৰালৈকে মই বিয়া নকৰো’!

এগৰাকী মহিলাৰ ইতিবাচক বেনাৰে খলকনি তুলিছে ছ’ছিয়েল মিডিয়াত।ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL)ৰ মন পৰশা বেনাৰবোৰে সকলোৰে মনযোগ আকৰ্ষণ কৰে। এজন পুৰুষৰ চাকৰি এৰি দিয়া প্লেকাৰ্ডৰ পিছত,এজনী ছোৱালী,এই খেলখনত গেলেৰীত এখন ফেন্সি বেনাৰৰ সৈতে ভাইৰেল হৈছিল। তেওঁৰ বেনাৰত লিখা আছিল “RCBয়ে IPL জয় নকৰালৈকে মই বিয়া নকৰো!”খেলখনৰ সময়ত দৃশ্যটো টিভিত দেখুওৱাৰ লগে লগে অনুৰাগীজনী ভাইৰেল হৈ পৰিছিল।


চেন্নাই চুপাৰ কিংছে (CSK) মঙলবাৰে মুম্বাইত বেংগালুৰুৰ দলৰ সৈতে যুঁজ দিয়াৰ সময়ত,খেলখনত বহুতো আকৰ্ষণীয় মুহূৰ্ত সৃষ্টি হৈছিল, যিয়ে অনুৰাগীসকলক পৰ্দাত আকৰ্ষিত কৰি ৰাখিছিল,বিশেষকৈ অম্বাতি ৰায়াডুৰ এক হাতেৰে আশ্চৰ্যকৰ কেচ ধৰি আকাশ দীপক শূন্য ৰাণত বিদায় ল’বলৈ বাধ্য কৰোৱা দৃশ্য়টো আছিল অনবদ্য। অৱশ্যে,খেলপথাৰত কৰা কাৰ্য্যৰ বাহিৰেও,এগৰাকী মহিলাৰ হাতত থকা এখন বেনাৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। “RCBয়ে IPL ট্ৰফী জয় নকৰালৈকে বিয়া নকৰো” অনুৰাগীজনীক ষ্টেণ্ডৰ পৰা বেনাৰখন ধৰি থকা দেখা গৈছিল যিটো টিভিৰ পৰ্দাত একাধিকবাৰ ফ্লেছ হৈছিল। অনুৰাগীৰজনীৰ এনে কাণ্ড দেখি অনলাইনত হাঁহি আৰু সহানুভূতি আৰম্ভ হৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...