তালিবানৰাজ ২.০ : ব্যয়বহুল হ’ব পাৰে হায়দৰাবাদী বিৰিয়ানি!

আফগানিস্তানত তালিবান শাসনৰ প্ৰত্যাৱৰ্তন হায়দৰাবাদৰ বিৰিয়ানী প্ৰেমীসকলৰ বাবে এক ব্যয়বহুল বিষয় হ’ব পাৰে। শুকান ফল আৰু বিভিন্ন ধৰণৰ মচলাৰে প্ৰস্তুত কৰা বিখ্যাত হায়দৰাবাদী বিৰিয়ানী অতি সোনকালেই অধিক ব্যয়বহুল হ’ব পাৰে। তালিবানে পাকিস্তানৰ পৰিবহন পথৰ মাজেৰে কাৰ্গোৰ চলাচল বন্ধ কৰি দিছে বুলি জানিব পৰা গৈছে। ইয়াৰ ফলত ভাৰতত বিক্ৰী হোৱা শুকান ফলৰ মূল্য বৃদ্ধি পাইছে কিয়নো ভাৰতে প্ৰায় ৮৫ শতাংশ শুকান ফল আফগানিস্তানৰ পৰা আমদানি কৰে। শুকান ফলৰ মূল্য বৃদ্ধি হোৱাৰ সৈতে, হায়দৰাবাদী বিৰিয়ানিৰ ব্যয় অতি সোনকালেই বৃদ্ধি হ’ব পাৰে।

ইয়াৰ পূৰ্বে ফেডাৰেচন অৱ ইণ্ডিয়ান এক্সপোৰ্ট অৰ্গেনাইজেশ্যনে (এফআইইঅ’) আফগানিস্তানৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ বাবে পাকিস্তানৰ মাজেৰে যোৱা শুকান ফলৰ মূল্যক লৈ উদ্বেগ প্ৰকাশ কৰিছিল।

“আমি আফগানিস্তানৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছো। তাৰ পৰা আমদানিকৃত ফল সমূহ পাকিস্তানৰ পৰিবহন পথৰ মাজেৰে আহে। এই মুহূৰ্তত তালিবানে পাকিস্তানলৈ কাৰ্গোৰ চলাচল বন্ধ কৰি দিছে, সেয়েহে আমদানি প্ৰায় বন্ধ হৈ গৈছে,” ফেডাৰেচন অৱ ইণ্ডিয়ান এক্সপোৰ্ট অৰ্গেনাইজেচনৰ সঞ্চালক প্ৰধান (ডিজি) ড০ অজয় চাহাই ইণ্ডিয়া টুডেক কয়।

তেওঁ কয়, “যদি বাণিজ্য পুনৰ আৰম্ভ নহয়, তেন্তে বৰ্তমানৰ শুকান ফলৰ ষ্টকৰ মূল্য বৃদ্ধি হ’ব আৰু ব্যৱসায়ীসকলে যোগানৰ বিকল্প উৎসও বিচাৰিব লাগিব।

“নতুন দিল্লীৰ খাদী বাৱাৰী (শুকান ফলৰ বাবে বিখ্যাত এখন বজাৰ)ৰ এজন ব্যৱসায়ী গৌৰৱ জাগ্গীয়ে কয় যে যোৱা কেইদিনমানত আফগানিস্তানৰ পৰা আখৰোট, এপ্ৰিকট আৰু কাঠবাদামৰ মূল্য দুগুণৰ পৰা তিনিগুণ বৃদ্ধি পাইছে।

“আমি ইতিমধ্যে মূল্যৰ ওপৰত প্ৰভাৱ দেখিছো। ই গ্ৰাহকক প্ৰভাৱিত কৰিছে। যোৱা কেইদিনমানৰ পৰা মূল্য ক্ৰমান্বয়ে বৃদ্ধি পাইছে। এইটো শুকান ফলৰ বাবে শস্য চপোৱাৰ বতৰ কিন্তু যিহেতু যোগান শৃংখলাটো বন্ধ হৈ হৈছে, সেয়েহে আমি আশা নকৰো যে যিকোনো সময়তে সতেজ সামগ্ৰী আহি পাব,” গৌৰৱ জাগ্গীয়ে কয়।

ইফালে, জম্মুৰ ব্যৱসায়ীসকলে কয় যে শুকান ফলৰ মূল্য বৃদ্ধিৰ ফলত তেওঁলোকে বিত্তীয় লোকচানৰ সন্মুখীন হৈছে। জম্মু ড্ৰাই ফ্ৰুট ৰিটেইল ট্ৰেডাৰ্ছ এছ’চিয়েশ্যনৰ সভাপতি জ্যোতি গুপ্তাই কয় যে যদি আফগানিস্তানত অনিশ্চয়তা অব্যাহত থাকে তেন্তে শুকান ফলৰ মূল্য আৰু বৃদ্ধি পাব।

“লকডাউনৰ ফলত আমি যথেষ্ট লোকচানৰ সন্মুখীন হৈছিলো। এতিয়া, আফগানিস্তানৰ পৰিস্থিতিয়ে আমাৰ বাবে বিষয়টো অধিক বেয়া কৰি তুলিছে,” জ্যোতি গুপ্তাই কয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSত ভাৰতৰ অৱস্থান: সম্ভাৱনা, প্ৰত্যাহ্বান আৰু বাস্তৱতা

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS শীৰ্ষ সন্মিলনে ভাৰতৰ বৈদেশিক...

প্ৰধানমন্ত্ৰীৰ য’তেই গুৰুত্বপূৰ্ণ বৈঠক, ত’তেই তেওঁ, কোন এইজন বিষয়া?

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনৰ বিভিন্ন মুহূৰ্তত প্ৰধানমন্ত্ৰী...

তেজপুৰৰ চাৰিমাইলত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

তেজপুৰৰ চাৰিমাইলত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক...

কিয় BRICSৰ নৈশভোজত অংশ ন’ললে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে ?

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে শনিবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...