বিয়াৰ প্ৰলোভনেৰে বহি:ৰাজ্যলৈ সৰবৰাহ অসমৰ কিশোৰী

গুৱাহাটী, ১০ আগষ্ট, NKTV: অসমত পুনৰ সক্ৰিয় হৈ উঠিছে নাৰী ব্যৱসায় চক্ৰ৷ নগাঁৱৰ কচুৱাত ৰাজস্থানৰ নাৰী ব্যৱসায় চক্ৰ আটকবিয়াৰ প্ৰলোভনেৰে অসমৰ পৰা বহি:ৰাজ্যলৈ সৰবৰাহ হয় বহু কিশোৰী যুৱতী৷ নগাঁৱৰ কচুৱাত ৰাইজৰ হাতত আটক হ’ল মহিলা সহ চাৰিজন নাৰী ব্যৱসায় চক্ৰৰ লগত জড়িত থকা ব্যক্তি৷ সুদুৰ ৰাজস্থানৰ পৰা আহি নাৰী ব্যৱসায় কৰা এটা কুখ্যাত চক্ৰক কচুৱাৰ পণ্ডিটঘাটৰ ৰাইজে আটক কৰি কচুৱা আৰক্ষীক চমজাই দিয়ে ৷ আটকাধীন নাৰী ব্যৱসায় চক্ৰৰ লোক কেইজন ক্ৰমে ৰাজস্থানৰ মুকেশ কুমাৰ, ৰাকেশ কুমাৰ, নগাঁৱৰ ৰাম বাবু আৰু ৰামধাৰী দেৱী বুলি জানিব পৰা গৈছে ৷ জানিব পৰা মতে ৰাজস্থানৰ মুকেশ কুমাৰ আৰু ৰাকেশ কুমাৰে নগাঁৱৰ ৰামধাৰী দেৱী আৰু পূজাৰী ৰাম বাবুৰ সহযোগত কচুৱা পণ্ডিটঘাটৰ এটি দৰিদ্ৰ পৰিয়ালৰ এগৰাকী চৈধ্য বছৰীয়া কিশোৰীক বিয়াৰ প্ৰলোভন দিয়ে৷ নৱম শ্ৰেণীৰ ছাত্ৰী গৰাকীক সোমবাৰে আনুষ্ঠানিকভাৱে বিয়া কৰাবলৈ আহিছিল যদিও সচেতন ৰাইজৰ জেৰাৰ ফলত চক্ৰটোৰ সকলো ৰহস্য ফাদিল হৈ পৰে৷ যোৱা সপ্তাহত নাৰী ব্যৱসায়ী চক্ৰটোয়ে ছাত্ৰী গৰাকীৰ পিতৃক বিয়াৰ বাবদ দহ হাজাৰ টকা দি গৈছিল৷ পূজাৰী ৰামবাবু আৰু মহিলা সৰবৰাহকাৰী ৰামধাৰী দেৱীক লগত লৈ দৰা ৰাজস্থানৰ মুকেশ কুমাৰৰ লগতে বন্ধু ৰাকেশ কুমাৰ সোমবাৰে কইনাৰ ঘৰত উপস্থিত হয়৷ নাবালিকা কইনাই কথাটো গম পাই স্থানীয় লোকক অৱগত কৰাত তৎক্ষণাত পণ্ডিটঘাট আৰু শিঙিমাৰীৰ গাওঁৰক্ষী বাহিনীৰ সম্পাদকে ৰাইজৰ সহযোগত চক্ৰটোৰ এগৰাকী মহিলা সহ চাৰিজনক আটক কৰি আৰক্ষীক চমজাই দিয়ে ৷ কচুৱা আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি জেৰা অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে, চক্ৰটোৰ পৰা আৰক্ষীয়ে সেন্দুৰৰ টেমা, ফুলৰ মালা আদি উদ্ধাৰ কৰে৷ জানিব পৰা মতে ধৃত নাৰী ব্যৱসায় চক্ৰটোয়ে দীৰ্ঘদিন ধৰি দৰিদ্ৰ পৰিয়ালৰ কিশোৰী যুৱতীক বিয়াৰ প্ৰলোভন দি ৰমৰমীয়া ব্যৱসায় কৰি আহিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...

NEGCত সততা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বৃহত্তম কেন্দ্ৰ হৈ উঠিছে USTM টিমোথি ডি শিৰা

University of Science and Technology Meghalayaত অনুষ্ঠিত উত্তৰ-পূৰ্ব স্নাতক...

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...