আধাৰৰ ঠিকনা সলনিৰ বাবে কি কৰিব লাগিব?

আধাৰ কাৰ্ডত ঠিকনা আপডেটৰ নিয়মত সাল সলনি কৰা হৈছে। UIDAI-এ পূৰ্বৰ নিয়মত সালসলনি কৰিছে। ঠিকনা আপডেটৰ বাবে এতিয়াৰে পৰা বাধ্যতামূলক হল ঠিকনাৰ প্ৰমাণ পত্ৰ। অনলাইনযোগে ঠিকনা সলনি কৰিব পাৰিব আবেদনকাৰীয়ে। মোবাইলতে সহজতে ঠিকনা সলনি কৰিব পাৰিব। ইয়াৰ বাবে UIDAIৰ ৱেবছাইটত লগ ইন কৰিব লাগিব। ইয়াৰ পিছত ‘Proceed to Update Aadhar’ লিংকত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপোনাৰ ১২ সংখ্যক আধাৰ নম্বৰ দিব লাগিব। ইয়াৰ পিছত কেপছা কোড দিয়াৰ পিছত ‘Send OTP’ত ক্লিক কৰিব লাগিব। লগে লগে পঞ্জীকৃত ফোন নম্বৰত অহা OTPটো দি ‘Login’ত ক্লিক কৰিব লাগিব। লগইন কৰাৰ পিছতে আধাৰৰ তথ্য দেখা পাব। সেই স্থানত সঠিক ঠিকনা দিব লাগিব। লগতে ঠিকনাৰ প্ৰমাণ পত্ৰৰ এটা স্কেন কপি আপলোড কৰি ছাবমিট কৰিব লাগিব। আনহাতে, অফলাইন আৱেদনৰ বাবে আধাৰ কেন্দ্ৰলৈ যাব লাগিব আবেদনকাৰীয়ে। আপডেট ফৰ্ম জমা কৰি নিজৰ বায়মেট্ৰিক্স দিব লাগিব। আধাৰ কৰ্তৃপক্ষই এটা URN নম্বৰ দিব আবেদনকাৰীক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...