আহি আছে বিমানৰ দৰে সকলো সুবিধা থকা ১৬০ কিঃ মিঃ বেগত চলিব পৰা বন্দে ভাৰত এক্সপ্ৰেছ

ভাৰতীয় ৰে’লত শীঘ্ৰে সংযোজন হ’ব এক নতুন অধ্যায়ৰ। ঘণ্টাত ১৬০ কিঃ মিঃ বেগেৰে চলিব বন্দে ভাৰত এক্সপ্ৰেছ। দুবছৰৰ ভিতৰত দ্ৰুতগতিত ৰেল চলাচল কৰোৱাৰ পৰিকল্পনা ৰেল বিভাগৰ। দেশৰ ৰে’লপথত চলাচল কৰিব ৭৫খন হাইস্পীড ৰে’ল। দেশজুৰি বন্দে ভাৰত এক্সপ্ৰেছ চলাচল কৰাৰ পৰিকল্পনা কৰিছে ভাৰতীয় ৰে’ল বিভাগে। ২০২৩ চনৰ ভিতৰত ভাৰত এক্সপ্ৰেছৰ যাত্ৰাৰম্ভ হব। বন্দে ভাৰতে কম খৰচত বিমানৰ দৰে সেৱা প্ৰদান কৰিব। সম্পূৰ্ণ শীত–তাপ নিয়ন্ত্ৰিত হ’ব বন্দে ভাৰত ডবা। বন্দে ভাৰত এক্সপ্ৰেছত থাকিব প্ৰিমিয়াৰ এয়াৰক্ৰাফটৰ নিচিনা বহাৰ ব্যৱস্থা। পৃথকে ডিজাইন কৰা হৈছে হাইস্পীড বন্দে ভাৰত এক্সপ্ৰেছ। ৰে’লসমূহত থাকিব ইউৰোপীয় ষ্টাইলৰ আসন, এক্সিকিউটিভ ক্লাচত থাকিব ৰোটেটিং চীট। ডিফিউচড LED লাইটিং, প্ৰতিটো আসনত নিজস্ব লাইটৰ ব্যৱস্থা থাকিব। অটোমেটিক প্ৰৱেশ আৰু এক্সিট দুৱাৰ থাকিব বন্দে ভাৰত এক্সপ্ৰেছত। ৰে’লখনৰ ভিতৰত ধুলিমুক্ত ব্যৱস্থা থাকিব । ইয়াৰ লগতে মডুলাৰ বায়ো-ভেকুয়াম শৌচালয়ৰ সুবিধা থাকিব ৰেলখনত। মিনি পেন্ট্ৰিৰ লগতে আন বহুতো ব্যৱস্থা কৰা হৈছে বন্দে ভাৰত এক্সপ্ৰেছত। ব্যয়বহুল ডবাৰ লগতে থাকিব এচি ৩ টায়াৰ ডবাৰ ব্যৱস্থা। ৰেলখনৰ গতিবেগ হ’ব ঘণ্টাত ১৬০ কিলোমিটাৰ। ২০২৩ চনৰ ভিতৰত ভাৰত এক্সপ্ৰেছৰ যাত্ৰাৰম্ভ হব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...