ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ বিষয়ে ১০টা আকৰ্ষণীয় তথ্য

১. জেলেনস্কি এজন প্ৰাক্তন অভিনেতা, কৌতুক অভিনেতা আৰু চলচ্চিত্ৰ নিৰ্মাতা যি ইউক্ৰেইনৰ বিভিন্ন টিভি ছিৰিজ আৰু চলচ্চিত্ৰত অভিনয় কৰিছে।

২. ৰাষ্ট্ৰপতি হোৱাৰ আগতে, তেওঁ চাৰ্ভেন্ট অফ দ্য পিপল শীৰ্ষক এটা ৰাজনৈতিক ব্যংগ টিভি শৃংখলাত অভিনয় কৰিছিল, য’ত তেওঁ এজন বিদ্যালয়ৰ শিক্ষকৰ চৰিত্ৰত অভিনয় কৰিছিল যি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি হ’বলৈ যায়। এই ছিৰিজটো ২০১৫ চনৰ পৰা ২০১৮ চনলৈ সম্প্ৰচাৰিত হৈছিল আৰু এবছৰ পিছত ২০১৯ চনত, তেওঁ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈছিল।

৩. ৰাষ্ট্ৰপতি হোৱাৰ পূৰ্বে, জেলেনস্কিৰ ৰাজনৈতিক অভিজ্ঞতা নাছিল। তেওঁ তেওঁৰ ৰাজনৈতিক দলৰ নাম টিভি ছিৰিজ চাৰ্ভেন্ট অফ দ্য পিপলৰ নামেৰে ৰাখিছিল।

৪. ভলোডিমিৰ জেলেনস্কি এজন ৰাছিয়ান ভাষী ইহুদী।

৫. ককাদেউতাক চেমিয়ন ইভানোভিচ জেলেনস্কিয়ে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ৰেড আৰ্মীত অংশগ্ৰহণ কৰিছিল, ৫৭তম গাৰ্ডছ মটৰ ৰাইফল ডিভিজনত চেমিয়নৰ দেউতাক আৰু তিনিজন ভাতৃ হ’ল’কষ্টত নিহত হৈছিল।

৬. ভলোডিমিৰ জেলেনস্কিয়ে ২০০৩ত ওলেনা জেলেনস্কাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে, যি এগৰাকী স্থপতিবিদ। তেওঁক ইউক্ৰেইনৰ আটাইতকৈ প্ৰভাৱশালী মহিলা হিচাপে গণ্য কৰা হয়। দম্পতীটোৰ এজন পুত্ৰ আৰু এগৰাকী কন্যা সন্তান আছে।

৭. ভলোডিমিৰ জেলেনস্কিয়ে প্ৰাক্তন ৰাষ্ট্ৰপতি পেট্ৰো পোৰোচেঙ্কোক ২০১৯ চনত ৭০%তকৈও অধিক ভোটত পৰাজিত কৰিছিল।

৮. দুৰ্নীতিত জড়িত থকাৰ সন্দেহত তেওঁ পাণ্ডোৰা পেপাৰছতো আছিল।

৯. জেলেনস্কিয়ে মংগোলীয় চহৰ এৰ্ডেনেটত চাৰি বছৰ অতিবাহিত কৰিছিল, য’ত তেওঁৰ দেউতাকে প্ৰাথমিক বিদ্যালয়ত কাম কৰিছিল।

১০. ৰাষ্ট্ৰপতি হোৱাৰ পূৰ্বে জেলেনস্কিয়ে কৈছিল যে, তেওঁ এটা কাৰ্যকালৰ বাবেহে প্ৰতিদ্বন্দিতা আগবঢ়াইছে।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

এয়াৰ ইণ্ডিয়াৰ বিমানখনৰ সৌভাগ্যশালী যাত্ৰী ৰমেশ বিশ্বাস কুমাৰ

বৃহস্পতিবাৰে আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তৰ্জাতিক বিমানবন্দৰৰ সমীপৰ মেঘানিনগৰত...

১০ মিনিট দেৰি কৰাৰ বাবে ফ্লাইটখন মিছ কৰিছিল এইগৰাকী সৌভাগ্যশালী মহিলাই

আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তৰ্জাতিক বিমানবন্দৰৰ সমীপৰ মেঘানিনগৰত এয়াৰ...

এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনা : ৮,২০০ ঘণ্টাৰ উৰণৰ অভিজ্ঞতা আছিল কেপ্তেইন সুমিত ছভাৰৱালৰ

আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তৰ্জাতিক বিমানবন্দৰৰ সমীপৰ মেঘানিনগৰত এটা...

বোৱিং ৭৮৭-৮ ড্ৰিমলাইনাৰৰ কাৰিকৰী সমস্যাৰ ইতিহাস

বোৱিং ৭৮৭-৮ ড্ৰিমলাইনাৰ, যি এখন অত্যাধুনিক বাণিজ্যিক বিমান হিচাপে...