প্ৰথমবাৰৰ বাবে বিশ্বকাপ জয় কৰি হৰমনপ্ৰীত, স্মৃতিয়ে মুঠ কিমান টকা পালে?

বিশ্ব চেম্পিয়ন হোৱাৰ লগতে কেইবা কোটি টকা উপাৰ্জন কৰিলে হৰমনপ্ৰীত কৌৰ, স্মৃতি মন্ধনা আদি খেলুৱৈয়ে। টকাৰ পৰিমাণ ভাৰতৰ পুৰুষ দলতকৈও অধিক। আনকি ২০২৩ চনত পুৰুষৰ এদিনীয়া বিশ্বকাপ জিকা অষ্ট্ৰেলিয়াই যিমান টকা পাইছিল, তাৰো অধিক পালে ভাৰতীয় মহিলা দলে।

বিশ্বকাপ জয়ৰ বাবে পুৰস্কাৰ হিচাপে ৩৯ কোটি ৭৮ লাখ টকা লাভ কৰিছে ভাৰতীয় মহিলা দলে। এই ধনৰাশি দলৰ খেলুৱৈ আৰু সহায়ক কৰ্মীসকলৰ মাজত বিলাই দিয়া হ’ব। ২০২৩ চনত পুৰুষৰ বিশ্বকাপত ৰোহিত শৰ্মাৰ নেতৃত্বাধীন ভাৰতক পৰাজয় কৰি অষ্ট্ৰেলিয়াই পাইছিল ৩৫.৫ কোটি টকা। অৰ্থাৎ পেট কামিন্সৰ দলে যি পৰিমাণ পাইছিল, হৰমনপ্ৰীতৰ দলে তাৰ পৰা ৪ কোটিৰো অধিক লাভ কৰিছে।

এইবাৰ চেম্পিয়ন দলক আগৰ মহিলা বিশ্বকাপৰ চেম্পিয়ন দলতকৈ ২৩৯ শতাংশ অধিক ধন দিয়া হৈছে। ৰানাৰ্ছ-আপৰ দলেও আগৰবাৰতকৈ ২৭৩ শতাংশ বেছি পৰিমাণ লাভ কৰিছে। আগৰবাৰ চেম্পিয়ন আৰু ৰানাৰ্ছ-আপে যথাক্ৰমে ১১ কোটি আৰু ৫ কোটি টকা পাইছিল। এইবাৰ দুই ছেমি-ফাইনেলিষ্ট অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডে ৯.৩ কোটি টকাকৈ লাভ কৰিছে; আগৰবাৰ তাৰ পৰিমাণ আছিল ২.৫ কোটি টকা।

এইবাৰৰ বিশ্বকাপৰ মুঠ পুৰস্কাৰমূল্য ১২৩ কোটি টকা, যিটো আগৰবাৰৰ (২৯ কোটি) তুলনাত চাৰিগুণ। এইবাৰৰ পৰাই আইচিচিয়ে পুৰুষ আৰু মহিলাৰ বাবে সমান পুৰস্কাৰমূল্য প্ৰৱৰ্তন কৰিছে। আগৰবাৰ পুৰুষৰ বিশ্বকাপত দিয়া ৮৪ কোটি টকাৰ পৰাও মহিলা ক্ৰিকেটাৰসকলে অধিক ধন লাভ কৰিছে।

বিশ্বকাপত অংশগ্ৰহণ কৰা প্ৰতিটো দলে ২ কোটি টকাকৈ পাইছে। পঞ্চম আৰু ষষ্ঠ স্থান লাভ কৰা দলে ৫.৮ কোটি টকাকৈ, সপ্তম আৰু অষ্টম স্থানৰ দলে ২.৩ কোটি টকাকৈ লাভ কৰিছে। লিগ পৰ্যায়ত প্ৰতিটো জয়ৰ বাবে ২৮ লাখ টকাকৈ দিয়া হৈছে।

২০২৪ চনৰ টি-২০ বিশ্বকাপ জয়ৰ পিছত ৰোহিত শৰ্মা, বিৰাট কোহলীসহ গোটেই দলটোক ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে ১২৫ কোটি টকা দিছিল। হৰমনপ্ৰীতৰ দলে ট্ৰফী জয় কৰাৰ পিছত ব’ৰ্ডৰ সচিব দেৱজিৎ শইকীয়াই ঘোষণা কৰিছে যে, ভাৰতীয় দলক ৫১ কোটি টকা দিয়া হ’ব। তাৰ পৰাও হৰমনপ্ৰীত আৰু তেওঁৰ সতীৰ্থসকলে অংশ লাভ কৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...

গুৱাহাটীত RRৰ বিৰুদ্ধে ধোনী, কোহলি, ৰোহিতৰ মেচ!

একেৰাহে দ্বিতীয়বাৰৰ বাবে T20 বিশ্বকাপ জয়ৰ পিছত দেশত ক্ৰিকেটৰ...

ৰাজ্যসভাৰ সদস্য নিৰ্বাচনৰ সূত্ৰ কি, আৰু কোনে ভোট দিয়ে? ১৬ মাৰ্চত ভোটগ্ৰহণ…

ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ৮০ অনুসৰি ৰাজ্যসভা (Council of States)...