আৰক্ষীৰ জিম্মাত যুৱকৰ মৃত্যু কেনেকৈ হৈছিল?

প্ৰসংগঃ বটদ্ৰৱা কাণ্ড। আৰক্ষীৰ জিম্মাত এজন যুৱকৰ মৃত্যু হোৱাৰ পাছত উত্তাল হৈছিল বটদ্ৰৱা। একাংশ উত্তেজিত লোকে জ্বলাই দিছিল বটদ্ৰৱা থানা। তাৰ পাছতেই নগাঁও প্ৰশাসনে থানা জ্বলোৱাৰ সন্দেহত বুলডোজাৰ লগাই ভাঙি দিছিল কেইবাটাও পৰিয়ালৰ ঘৰ। আইনবিৰোধী এই কাৰ্য। সেই কাৰ্যক নিন্দা কৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে। কাইলৈ সেই ঘটনা সন্দৰ্ভত অতিৰিক্ত মুখ্য সচিবৰ জেৰাৰ সন্মুখীন হব নগাঁৱৰ তদানীন্তন এছ পি লীনা দলেসহ ১৭গৰাকী আৰক্ষী বিষয়া।

আকৌ লীনা দলে
এটা পুৰণি ঘটনা
বটদ্ৰৱা কাণ্ডৰ ফাইল খুঁচৰি…
প্ৰশ্নবাণৰ সন্মুখীন হ’ব এসময়ৰ নগাঁৱৰ SP

আৰম্ভণি আৰম্ভণিৰ পৰা কৰিছোঁ। কি হৈছিল। কেনেকৈ হৈছিল। কিয় হৈছিল। বটদ্ৰৱাত থানা জ্বলা, ঘৰ ভঙা দৃশ্যবোৰ দেখি তেনে বহু প্ৰশ্ন আহিছিল ৰাজ্যবাসীৰ মনলৈ। উত্তৰ আজিও নাই। কিছুমান প্ৰশ্নৰ উত্তৰ হয়তো আছে তেতিয়া নগাঁৱৰ এছ পি হৈ থকা লীনা দলেৰ ওচৰত। নাইবা আন কোনোবা শীৰ্ষ আৰক্ষী বিষয়াৰ হাতত। সেইবাবেই জেৰাৰ সন্মুখীন হ’ব লীনা দলে
২১ মে, ২০২২
সেইনিশা বটদ্ৰৱা আৰক্ষীয়ে আটক কৰিছিল ছফিকুল ইছলাম নামৰ এজন লোকক। আৰক্ষীৰ জিম্মাত থকা অৱস্থাতেই লোকনজৰ মৃত্যু হৈছিল। তাৰ পাছতেই প্ৰথমে উত্তেজনা। পৰিয়াল আৰু ৰাইজে
ছফিকুলক আৰক্ষীয়ে মৰিয়াই মৰিয়াই হত্যা কৰাৰ অভিযোগ তুলিছিল।

যুদ্ধসদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছিল বটদ্ৰৱাত। ঘটনাৰ সুযোগ লৈ একাংশ লোকে জ্বলাই দিছিল বটদ্ৰৱা থানা। সেই কাণ্ডই জোকাৰি গৈছিল সমগ্ৰ ৰাজ্য। তাৰ পাছতেই ঘটনাই বেলেগ ৰূপ লৈছিল।
আৰক্ষীৰ জিম্মাত যুৱকৰ মৃত্যু কেনেকৈ হৈছিল?
সেই ঘটনাৰ তদন্ত আগ নাবাঢ়িল। বিচাৰ চলিল বটদ্ৰৱা থানা জ্বলালে কোনে? কিন্তু
বিচাৰ মানে বটদ্ৰৱাত বুলডোজাৰ
থানাত আক্ৰমণ কৰাৰ সন্দেহত বহু লোকৰ ঘৰ ভাঙি পেলালে নগাঁও-আৰক্ষী প্ৰশাসনে। মৃত ছফিকুল ইছলামৰ পৰিয়ালৰ বাসগৃহ ভাঙিলে। ভাঙিলে আন কেইবাজনৰো ঘৰ। দুই এজন মন্ত্ৰীয়েও বাংলাদেশীৰ অপযশেৰে প্ৰশাসনৰ এই কাৰ্যক ন্যায্যতা প্ৰদানৰ চেষ্টা চলালে। সেই ঘটনাই কিন্তু প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল ৰাজ্যত। বিষয়টো তেতিয়া পালেগৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়া। ঘটনা সন্দৰ্ভত ন্যায়ালয়ে যি কলে সেয়া আছিল গুৰুত্বপূৰ্ণ। ন্যায়ালয়ে কলে তদন্তৰ নামত নীতি বহিৰ্ভূতভাৱে ঘৰত বুলডোজাৰ চলোৱাৰ কোনো নিয়ম ফৌজদাৰী আইনত নাই। এটা অপৰাধৰ তদন্তৰ নামত আৰক্ষীয়ে বুলডোজাৰ লগাই এটা ঘৰ ভাঙি পেলাব পাৰেনে। কাইলৈ কিবা আছে বুলি কৈ আৰক্ষীয়ে আদালতৰ কক্ষও খান্দি পেলাব নেকি। নীতি বহিৰ্ভূতভাৱে বুলডোজাৰ লগাই ঘৰ ভঙাৰ অনুমতি কোনেও দিব নোৱাৰে। যদি সেইটো হয় এইখন দেশত মানুহ কেনেকৈ থাকিব। কি আইনৰ ভিত্তিত আপোনালোকে এই কামটো কৰিছিল। এয়া গুণ্ডামি নে আৰক্ষীৰ তদন্ত। অভিযুক্তই কৰা অপৰাধৰ বাবে তেওঁক শাস্তি বিহক। সেইটো ঠিক আছে। কিন্তু বুলডোজাৰ লগাই ঘৰ ভাঙি দিয়াৰ ক্ষমতা এছ পিক কোনে দিলে? এইদৰে কৈ ন্যায়ালয়ে বুলডোজাৰ কাণ্ডৰ লগত জড়িত বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা লবলৈও নিৰ্দেশ দিলে। তাৰ পাছতেই আহিছে নিৰ্দেশনা।
১২ অক্টোবৰ
হাজিৰ হ’ব লাগিব লীনা দলে…
অতিৰিক্ত মুখ্য সচিব অবিনাশ পি দাস যোশীৰ সন্মুখত হাজিৰ হ’ব লাগিব নগাঁৱৰ তদানীন্তন SP লীনা দলে, তদানীন্তন অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰা, নিৰুপম হাজৰিকা, DSP ত্ৰিদীপ প্ৰতীম কুংবাং, দিপ্তী মালি, দুৰ্লভ চন্দ্ৰ দাস, কলিয়াবৰৰ তদানীন্তন SDPO মৃন্ময় দাসসহ মুঠ ১৭জন আৰক্ষী বিষয়া। এতিয়া কি হ’ব? ৰাইজৰ দাবী, ন্যায়ালয়ৰ হেঁচাৰে জেৰাৰ পৰ্যায় পাইছেগৈ বিষয়টো।

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

গুৱাহাটীবাসীয়ে শীঘ্ৰে লাভ কৰিব আৰু এখন অত্যাধুনিক উদ্যান

ব্ৰহ্মপুত্ৰৰ পাৰৰ সৌন্দৰ্যবৰ্ধনক নতুন মাত্ৰা দিব উদ্যানখনে। বৃহস্পতিবাৰে নিৰ্মিয়মান...

তামাৰহাটৰ গঙ্গাধৰ নৈত এতিয়া অবৈধ বালি খনন

ডাম্পাৰ আৰু নচলিববাঁহ বান্ধি দিলে ৰাইজেউত্তাল তামাৰহাট তামাৰহাটৰ গঙ্গাধৰ নৈত...

জম্মু-কাশ্মীৰ, হিমাচল, উত্তৰাখণ্ডত তাপমান নামিছে শূন্য ডিগ্ৰীৰ তললৈ

উৎকট শীত প্ৰবাহে গ্রাস কৰিছে সমগ্র উত্তৰ ভাৰতজম্মু-কাশ্মীৰ, হিমাচল,...

হাতীগাঁৱৰ নাহৰণি পথত ছুৰিকাঘাতৰ শিহৰণকাৰী ঘটনা

তেজৰ টোপাল লাগি থকা জোতা-হেলমেট ৰাস্তাতGMCHত মৃত্যু হ’ল মৰাণৰ...