চোৰক ধন্যবাদ জনাইছে নলবাৰীৰ একাংশ লোকে

খং নহয়। এটা চোৰক ধন্যবাদ জনাইছে নলবাৰীৰ একাংশ লোকে। ৭ অক্টোবৰত চোৰে নলবাৰীৰ বৰনৰ্দ্দীৰ ঐতিহাসিক গণেশ দেৱালয়ত লুটপাত চলাইছিল। মূল বিগ্ৰহ, সোণৰ পদক লৈ গৈছিল চোৰে। চাৰিদিন পাছত চোৰে সকলো সামগ্ৰী ঘূৰাই দিলে। তাকে লৈ এতিয়া আনন্দিত সকলো।

এটা চোৰৰ শুভবুদ্ধিৰ উদয় হ’ল… চোৰে বিৰিঙালে হাঁহি
শংখ বজাই চোৰক ধন্যবাদ জ্ঞাপন ৰাইজৰ

এয়া ১৮০১ চনতেই স্থাপিত নলবাৰীৰ বৰনৰ্দ্দীৰ ঐতিহাসিক শ্ৰী শ্ৰী গণেশ দেৱালয়। ৭ অক্টোবৰত ৰাইজে অন্তৰত আঘাত পোৱা এটা ঘটনা ঘটিল। ঐতিহাসিক মন্দিৰটোত চুৰি হল। মন্দিৰৰ মূল বিগ্ৰহ, সোণৰ চেইন, ৰূপৰ চেইন, সোণৰ পদক, ৰূপৰ পদক আৰু আ-অলংকাৰ চোৰে লৈ গল। তাৰ পাছতেই দুখ মনেৰে সময় পাৰ কৰিছিল ৰাইজে। চুৰি হোৱাৰ পাছত আৰক্ষী আহিল। সাংবাদিক আহিল। ওলাল বাতৰি। আৰু বুধবাৰে চোৰে ঘূৰাই দিলে মন্দিৰৰ সামগ্ৰী।
৭ অক্টোবৰত নিয়া প্ৰায় সকলো সামগ্ৰীয়ে পুৱা মন্দিৰৰ বাহিৰত থৈ গল চোৰে। তাকে দেখি উতফুল্লিত হৈ উঠিল ৰাইজ। শংখ-তাল বজাই আনন্দ কৰিলে সকলোৱে। বিষন্ন মনেৰে থকা এওঁলোকৰ মুখত হাঁহি বিৰিঙিল। খবৰ দিয়াৰ পাছতেই বেলশৰ আৰক্ষীয়েও ততকালে ব্যৱস্থা লৈছিল। কিন্তু কোনো সূংশুত্ৰ পোৱা নাছিল চোৰৰ। সন্ধান উলিয়াব পৰা নাছিল চুৰি হোৱা সামগ্ৰীৰো। ঐতিহাসিক মন্দিৰত হোৱা চুৰিৰ এই ঘটনা সঁচাকৈ আছিল দুখজনক। কিন্তু চোৰে সামগ্ৰীখিনি ঘূৰাই দিয়াত এতিয়া আনন্দিত সকলো।

ৰাইজৰ মতে বাতৰি সম্প্ৰচাৰ হোৱাৰ খবৰ পালে চোৰে। মন্দিৰটোৰ ঐতিহ্যৰ কথা ভাবিয়েই চোৰে সামগ্ৰী কেইপদ ঘূৰাই দিলে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহা ২-৩ দিনত গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা

ৰাজ্যৰ বৰ্তমানৰ বতৰ বিজ্ঞান সম্পৰ্কীয় পৰিস্থিতি আৰু মৌচুমী প্ৰবাহৰ...

ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু GST ফাঁকি ৰোধৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠক

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ কৰ ভৱনত ৰাজ্যখনৰ কৰ...

আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া আন্তঃগাঁথনি: নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁৱত নিৰ্মীয়মান ২০...

আগতে ইংৰাজী পঢ়ুৱাইছিল, এতিয়া ঘণ্টাত ২৫০ কিঃমিঃ বেগত গাড়ী চলায়! ভাৰতৰ প্ৰথম ‘ফেৰাৰী গাৰ্ল’

যেনে ৰূপ, তেনে গুণ। ফেৰাৰী চলাই ৰেচিং প্ৰতিযোগিতাত অংশগ্ৰহণ...