অৰুণোদয় প্ৰথম আৰু দ্বিতীয়ৰ অধীনত ২৬লাখ হিতাধিকাৰী উপকৃত হ’ব : মুখ্যমন্ত্রী

কোকৰাঝাৰত অনুষ্ঠিত এক কার্যসূচীত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই নতুন হিতাধিকাৰীক কাৰ্ড প্ৰদান কৰি অৰুণোদয় কার্ড বিতৰণৰ প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰে।

উল্লেখ্য যে, অৰুণোদয় ২.০ ৰ অধীনত ৭.৩০ লাখ নতুন হিতাধিকাৰীক সামৰি লোৱা হ’ব। ইয়াৰ ফলত অৰুণোদয়ৰ অধীনত মুঠ হিতাধিকাৰীৰ সংখ্যা ২৬ লাখ হ’ব। কোকৰাঝাৰ জিলাত অৰুণোদয় ২.০৩ মুঠ ২১ হাজাৰ নতুন হিতাধিকাৰীক সামৰি লোৱা হ’ব।

এই উপলক্ষে আয়োজিত সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে প্রত্যক্ষ লাভালাভ হস্তান্তৰ আঁচনিসমূহত দুৰ্বল শ্ৰেণীক অন্তর্ভুক্ত কৰাটো ৰাজ্য চৰকাৰৰ অগ্ৰাধিকাৰৰ বিষয়। ক্ষমতালৈ অহাৰ পিছত বৰ্তমানৰ ৰাজ্য চৰকাৰে আৰ্থিকভাবে দুর্বল মহিলাসকলক অৰুণোদয়ৰ পৰিসৰৰ অধীনলৈ অনাৰ প্ৰতিশ্ৰুতি পূৰণ কৰিলে। তেওঁ লগতে কয় যে ২৬ লাখ মহিলাই প্রতিমাহৰ ১০ তাৰিখে ১,২৫০ টকাকৈ তেওঁলোকৰ বেংক একাউণ্টৰ জৰিয়তে পোনপটীয়াকৈ লাভ কৰিব। তেওঁ লগতে কয় যে দৰিদ্ৰতাৰ পৰা উদ্ভৱ হোৱা জনসাধাৰণৰ সমস্যা দূৰ কৰাৰ উদ্দেশ্যৰে ৰাজ্য চৰকাৰে এই আঁচনিখন গ্ৰহণ কৰিছে। তেওঁ কয় যে চৰকাৰে অৰুণোদয় হিতাধিকাৰীৰ ধনৰাশিৰ পৰিমাণ বৃদ্ধি কৰিছে যাতে হিতাধিকাৰীসকলে তেওঁলোকৰ বিভিন্ন প্রয়োজনীয়তা পূৰ্ণ কৰিব পাৰে।

মুখ্যমন্ত্ৰীয়ে কয় যে অৰুণোদয় আঁচনিখনত হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি কৰা হ’ব। অনাগত দিনত অৰুণোদয়ৰ তালিকাত আৰু ৫ লাখতকৈ অধিক হিতাধিকাৰীক সংযোজন কৰা হ’ব বুলি উল্লেখ কৰি তেওঁ কয় যে অৰুণোদয় আঁচনিখন ৰাজ্যখনৰ সৰ্ববৃহৎ প্রত্যক্ষ পুঁজি হস্তান্তৰ আঁচনি । ৰাজ্য চৰকাৰে জনসাধাৰণৰ উন্নয়নৰ বাবে লোৱা বিভিন্ন কল্যাণমূলক আঁচনিৰ কথা আলোকপাত কৰি তেওঁ কয় যে ৰাজ্য চৰকাৰে সকলো শ্ৰেণীৰ জনসাধাৰণৰ সৰ্বাংগীন কল্যাণ সাধনৰ বাবে আৰু কিছু আঁচনি আৰম্ভ কৰিব। তেওঁ কয় যে ডাবল ইঞ্জিন চৰকাৰৰ বাবে ৰাজ্যখনত কল্যাণমূলক আঁচনিসমূহৰ পৰিসৰ বৃদ্ধি কৰাটো সম্ভৱ হৈ উঠিছে। তেওঁ কয় যে অহা কেইদিনমানৰ ভিতৰতে ৰাজ্য চৰকাৰে ছাত্ৰীসকলক চাইকেল বিতৰণ কৰাৰ লগতে অসম ক্ষুদ্ৰ বিত্তীয় ঋণ ৰেহাই আঁচনিৰ অধীনত ঋণ ৰেহাই লাভ কৰা মহিলাসকলক প্ৰমাণপত্ৰ প্ৰদান কৰিব।

শান্তিৰ প্রতি দায়বদ্ধতা প্ৰদৰ্শন কৰা বি টি আৰ আৰু ইয়াৰ জনসাধাৰণক প্ৰশংসা কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, অঞ্চলটোত শান্তিপূর্ণ পৰিৱেশ বিৰাজ কৰা বাবেই চৰকাৰে এই অঞ্চলটো আৰু জনসাধাৰণৰ উন্নয়নৰ বাবে বহু আঁচনি হাতত লোৱাত সহায় কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কলিয়াবৰৰ বিধ্বস্ত অংগনবাড়ী কেন্দ্ৰ; অসুৰক্ষিত অৱস্থাত চলিছে শিশুৰ পাঠদান

কলিয়াবৰৰ শালবাৰী অংগনবাড়ী কেন্দ্ৰৰ শোচনীয় অৱস্থাই এতিয়া প্ৰশ্নৰ অৱতাৰণা...

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...