চাপৰৰ ছাগলখুটিত শিহৰণকাৰী ঘটনা

0 29

চাপৰৰ ছাগলখুটিত শিহৰণকাৰী ঘটনা। হাবিৰ মাজৰ নিৰ্জন এলেকাৰ এটা গৰাকীবিহীন পৰিত্যক্ত ঘৰত উদ্ধাৰ হ’ল এগৰাকী মহিলাৰ উলংগ মৃতদেহ। নিহত মহিলাগৰাকী ৬ সন্তানৰ মাতৃ আজিৰুণ নেছা। গোৱালপাৰা জিলাৰ পৰা আহি ছাগলখুটি গাঁৱত অস্থায়ীভাৱে বসবাস কৰিছিল মহিলাগৰাকীয়ে। ঘটনা সন্দৰ্ভত ফৰেনছিকৰ দলৰ অনুসন্ধানৰ লগতে তদন্ত অব্যাহত ৰাখিছে চাপৰ আৰক্ষীয়ে। গোৱালপাৰাৰ দক্ষিণ কাটলামাৰীৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মহিলাগৰাকীৰ ২য় স্বামী আৰু পৰিত্যক্ত ঘৰটোৰ গৰাকীক।

চাপৰৰ ছাগলখুটিত শিহৰণকাৰী ঘটনা
গৰাকীবিহীন পৰিত্যক্ত ঘৰত মহিলাৰ উলংগ মৃতদেহ
ধৰ্ষণ কৰি হত্যাৰ সন্দেহ আজিৰুণ নেছাক
ঘটনাস্থলীত ফৰেনছিকৰ দলৰ অনুসন্ধান
গোৱালপাৰাৰ পৰা দুজনক গ্ৰেপ্তাৰ চাপৰ আৰক্ষীৰ
নিহত মহিলাৰ ২য় স্বামী, ঘৰৰ গৰাকীক গ্ৰেপ্তাৰ

চাপৰৰ ছাগলখুটিত গাঁৱত পুৱাই তীব্ৰ চাঞ্চল্য। হাবিৰ মাজৰ এডোখৰ নিৰ্জন ঠাইত থকা এটা পৰিত্যক্ত ঘৰ ঘেৰাও কৰি ৰাখিছে চাপৰ আৰক্ষীয়ে। ঘৰটোৰ চাৰিওফালে আৰক্ষীৰ বৃহৎ দল। দৃশ্য চাবলৈ ঘটনাস্থলীত উপস্থিত হৈছে শ শ লোক। ঘটনাৰ কেন্দ্ৰবিন্দু এই পৰিত্যক্ত ঘৰটো। ঘৰৰ ভিতৰত ওলাইছে এগৰাকী মহিলাৰ উলংগ মৃতদেহ। হাত, মুখ বান্ধি চিপ লোৱা অৱস্থাত আছিল মৃতদেহটো। মৃতদেহ উদ্ধাৰ কৰি উলিয়াই আনিলে আৰক্ষীয়ে। মহিলাগৰাকীও চিনাক্ত হ’ল। নিহত মহিলাগৰাকী আজিৰুণ নেছা। ৬ সন্তানৰ মাতৃ আছিল আজিৰুণ। গোৱালপাৰাৰ দক্ষিণ কাটলামাৰীৰ মহিলাগৰাকীয়ে চাপৰৰ ছাগলখুটিত গাঁৱত অস্থায়ীভাবে বসবাস কৰিবলৈ লৈছিল। কিন্তু অচিনাক্ত লোকে নৃশংসভাবে হত্যা কৰি থৈ যায় মহিলাগৰাকীক। ঘটনাক আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা হত্যাকাৰীৰ। পুৱা সেই দৃশ্য দেখি থিতাতে ঢলি পৰিল এগৰাকী মহিলা।

স্থানীয় লোকৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত উপস্থিত হয় চাপৰ আৰক্ষী। বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়া, চক্ৰ আৰক্ষী বিষয়া আৰু দণ্ডাধীশো উপস্থিত হয় ঘটনাস্থলীত। গোৱালপাৰাৰ পৰা নিহত আজিৰুণ নেছাৰ এজন পুত্ৰও আহি উপস্থিত হয় ঘটনাস্থলীত।

আজিৰুণ নেছাৰ মৃতদেহ উদ্ধাৰ হোৱা পৰিত্যক্ত ঘৰটো আৰক্ষীয়ে ঘেৰাও কৰি ৰাখে। দিনৰ ভাগত ঘটনাস্থলীত উপস্থিত হয় ফৰেনছিকৰ দল। ঘটনাস্থলী পুংখানুপুংখকৈ পৰীক্ষা কৰে ফৰেনছিকৰ দলে। মহিলাগৰাকীৰ সন্দেহজনক ধৰ্ষণ আৰু হত্যাৰ সৈতে জড়িত বহু তথ্যও সংগ্ৰহ কৰে ফৰেনছিকৰ দলটোৱে। তাৰ পিছতে মৃতদেহটো উদ্ধাৰ কৰি প্ৰেৰণ কৰা হয় মৰণোত্তৰ পৰীক্ষাৰ বাবে। ইপিনে এই শিহৰণকাৰী ধৰ্ষণ-হত্যাৰ সৈতে জড়িত থকাৰ অভিযোগত গোৱালপাৰাৰ পৰা চাপৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুজন লোকক। ধৃত লোকদুজনৰ এইজন ছাইদুল ইছলাম। নিহত আজিৰুণ নেছাৰ দ্বিতীয় স্বামী। লগতে গ্ৰেপ্তাৰ হয় বেল্লাল হুছেইন নামৰ এই বৃদ্ধজন। পৰিত্যক্ত ঘৰটোৰ গৰাকী আছিল বেল্লাল হুছেইন।

চাপৰ আৰক্ষীয়ে অভিযান চলাই গোৱালপাৰাৰ দক্ষিণ কাটলামাৰীৰ পৰা গ্ৰেপ্তাৰ কৰে ছাইদুল আৰু বেল্লালক। অৱশ্যে আৰক্ষীৰ তদন্ত এতিয়াও শেষ হোৱা নাই। আজিৰুণ নেছাক কোনে কিয় হত্যা কৰিলে, সেয়া ৰহস্য। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনলৈও অপেক্ষা চাপৰ আৰক্ষীৰ। মৰণোত্তৰ প্ৰতিবেদনেহে নিশ্চিত কৰিব- সঁচাকৈয়ে ধৰ্ষণৰ বলি হৈছিল নেকি আজিৰুণ নেছা!

Leave A Reply

Your email address will not be published.