ৰক্তাক্ত গাজাত নিহতৰ সংখ্যা ৩ সহস্ৰাধিকলৈ বৃদ্ধি

৭৫ বছৰীয়া ইতিহাসৰ আটাইতকৈ ৰক্তক্ষয়ী যুঁজত ৯০০ ইজৰাইলীৰ মৃত্যু
ডেৰ হাজাৰ হামাছ বিদ্ৰোহীৰ মৃতদেহ উদ্ধাৰ হোৱা বুলি দাবী ইজৰাইলৰ
আন ৬০০ পেলেষ্টাইনী নাগৰিকৰ মৃত্যু এই সংঘৰ্ষত
বুধবাৰে গাজাৰ ইছলামিক বিশ্ববিদ্যালয়ত প্ৰচণ্ড আক্ৰমণ ইজৰাইলৰ

গাজা ভূখণ্ডত ৰক্তাক্ত যুদ্ধ অব্যাহত আছে। ৰাষ্ট্ৰসংঘৰ সকীয়নি নেওচি ইজৰাইলে গাজাত বোমাবৰ্ষণ অব্যাহত ৰাখি ধ্বংসস্তূপত পৰিণত কৰিছে হামাছৰ পৃষ্ঠভূমি পেলেষ্টাইন। বুধবাৰে পুৱা গাজাৰ ইছলামিক বিশ্ববিদ্যালয় ইজৰাইলে বোমাবৰ্ষণ কেইবাটাও দালান ভাঙি পেলায়। ইজৰাইলে এতিয়ালৈকে গাজা ভূখণ্ডৰ হামাছ অধীকৃত এলেকা দখল কৰা বুলি দাবী জনাইছে।

ইজৰাইলৰ বোমাত ২২,৬০০ আৱাসিক ঘৰ ধ্বংসপ্ৰাপ্ত
১০টা স্বাস্থ্যকেন্দ্ৰ, ৪৮খন স্কুল ভৱন ধূলিত পৰিণত
গাজাৰ শক্তি উৎপাদন কেন্দ্ৰৰো বিজুলি যোগান ব্যাহত

যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনে পঠিওৱা অস্ত্ৰভৰ্তি বিমান ইতিমধ্যে ইজৰাইলত অৱতৰণ কৰিছে। আমেৰিকাই পঠোৱা এই অস্ত্ৰসমূহ ইজৰাইলে ব্যৱহাৰ কৰিব হামাছৰ বিৰুদ্ধে যুদ্ধত।

উন্নত প্ৰযুক্তিৰ অস্ত্ৰ আমেৰিকাই দিছে ইজৰাইলক

একে সময়তে ইজৰাইলত ছিৰিয়া আৰু লেবাননেও আক্ৰমণ কৰাৰ বাতৰি আহিছে। ছিৰিয়াৰ ফালৰ পৰা অহা গোলাবৰ্ষণ ইজৰাইলৰ ভূখণ্ডত পৰাৰ পিছত মৰ্টাৰ আক্ৰমণেৰে প্ৰত্যুত্তৰ দিছে ছিৰিয়াক। লেৱাননৰ দিশেদি হিজবুল মুজাহিদীনে আক্ৰমণ চলাইছে ইজৰাইলত। প্ৰত্যুত্তৰত ইজৰাইলে ছিৰিয়া, লেবানন সীমান্তত সেনা নিয়োগ কৰিছে।

গাজাত প্ৰায় ২ লাখ ৬০ হাজাৰ লোক এতিয়ালৈকে গৃহহাৰা হৈছে
প্ৰায় ৪ লাখ লোকে আশ্ৰয় লৈছে গাজাত থকা ৰাষ্ট্ৰসংঘৰ আশ্ৰয় শিবিৰত

এই ৰক্তক্ষয়ী যুদ্ধ অব্যাহত থাকিলে অনাগত দিনত আৰু বহু লোকৰ মৃত্যু হ’ব বুলি আশংকা প্ৰকাশ কৰিছে ৰাষ্ট্ৰসংঘই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহা ২-৩ দিনত গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা

ৰাজ্যৰ বৰ্তমানৰ বতৰ বিজ্ঞান সম্পৰ্কীয় পৰিস্থিতি আৰু মৌচুমী প্ৰবাহৰ...

ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু GST ফাঁকি ৰোধৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠক

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ কৰ ভৱনত ৰাজ্যখনৰ কৰ...

আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া আন্তঃগাঁথনি: নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁৱত নিৰ্মীয়মান ২০...

আগতে ইংৰাজী পঢ়ুৱাইছিল, এতিয়া ঘণ্টাত ২৫০ কিঃমিঃ বেগত গাড়ী চলায়! ভাৰতৰ প্ৰথম ‘ফেৰাৰী গাৰ্ল’

যেনে ৰূপ, তেনে গুণ। ফেৰাৰী চলাই ৰেচিং প্ৰতিযোগিতাত অংশগ্ৰহণ...