ৰক্তাক্ত গাজাত নিহতৰ সংখ্যা ৩ সহস্ৰাধিকলৈ বৃদ্ধি

৭৫ বছৰীয়া ইতিহাসৰ আটাইতকৈ ৰক্তক্ষয়ী যুঁজত ৯০০ ইজৰাইলীৰ মৃত্যু
ডেৰ হাজাৰ হামাছ বিদ্ৰোহীৰ মৃতদেহ উদ্ধাৰ হোৱা বুলি দাবী ইজৰাইলৰ
আন ৬০০ পেলেষ্টাইনী নাগৰিকৰ মৃত্যু এই সংঘৰ্ষত
বুধবাৰে গাজাৰ ইছলামিক বিশ্ববিদ্যালয়ত প্ৰচণ্ড আক্ৰমণ ইজৰাইলৰ

গাজা ভূখণ্ডত ৰক্তাক্ত যুদ্ধ অব্যাহত আছে। ৰাষ্ট্ৰসংঘৰ সকীয়নি নেওচি ইজৰাইলে গাজাত বোমাবৰ্ষণ অব্যাহত ৰাখি ধ্বংসস্তূপত পৰিণত কৰিছে হামাছৰ পৃষ্ঠভূমি পেলেষ্টাইন। বুধবাৰে পুৱা গাজাৰ ইছলামিক বিশ্ববিদ্যালয় ইজৰাইলে বোমাবৰ্ষণ কেইবাটাও দালান ভাঙি পেলায়। ইজৰাইলে এতিয়ালৈকে গাজা ভূখণ্ডৰ হামাছ অধীকৃত এলেকা দখল কৰা বুলি দাবী জনাইছে।

ইজৰাইলৰ বোমাত ২২,৬০০ আৱাসিক ঘৰ ধ্বংসপ্ৰাপ্ত
১০টা স্বাস্থ্যকেন্দ্ৰ, ৪৮খন স্কুল ভৱন ধূলিত পৰিণত
গাজাৰ শক্তি উৎপাদন কেন্দ্ৰৰো বিজুলি যোগান ব্যাহত

যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনে পঠিওৱা অস্ত্ৰভৰ্তি বিমান ইতিমধ্যে ইজৰাইলত অৱতৰণ কৰিছে। আমেৰিকাই পঠোৱা এই অস্ত্ৰসমূহ ইজৰাইলে ব্যৱহাৰ কৰিব হামাছৰ বিৰুদ্ধে যুদ্ধত।

উন্নত প্ৰযুক্তিৰ অস্ত্ৰ আমেৰিকাই দিছে ইজৰাইলক

একে সময়তে ইজৰাইলত ছিৰিয়া আৰু লেবাননেও আক্ৰমণ কৰাৰ বাতৰি আহিছে। ছিৰিয়াৰ ফালৰ পৰা অহা গোলাবৰ্ষণ ইজৰাইলৰ ভূখণ্ডত পৰাৰ পিছত মৰ্টাৰ আক্ৰমণেৰে প্ৰত্যুত্তৰ দিছে ছিৰিয়াক। লেৱাননৰ দিশেদি হিজবুল মুজাহিদীনে আক্ৰমণ চলাইছে ইজৰাইলত। প্ৰত্যুত্তৰত ইজৰাইলে ছিৰিয়া, লেবানন সীমান্তত সেনা নিয়োগ কৰিছে।

গাজাত প্ৰায় ২ লাখ ৬০ হাজাৰ লোক এতিয়ালৈকে গৃহহাৰা হৈছে
প্ৰায় ৪ লাখ লোকে আশ্ৰয় লৈছে গাজাত থকা ৰাষ্ট্ৰসংঘৰ আশ্ৰয় শিবিৰত

এই ৰক্তক্ষয়ী যুদ্ধ অব্যাহত থাকিলে অনাগত দিনত আৰু বহু লোকৰ মৃত্যু হ’ব বুলি আশংকা প্ৰকাশ কৰিছে ৰাষ্ট্ৰসংঘই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰামৰ চৰিত্ৰত ছলমান, সীতাৰ চৰিত্ৰত সোণালী বেন্দ্ৰে! ৰণবীৰৰ ‘ৰামায়ণ’ৰ মুক্তিৰ পূৰ্বে নতুন চৰ্চা

ৰামৰ চৰিত্ৰত অভিনয় কৰিছে ৰণবীৰ কাপুৰে। ইতিমধ্যে ছবিখনৰ প্ৰমোচনৰ...

ওঁঠ ফুলিছে, বিষত চকুপানী ওলাইছে! উৰ্ফীৰ কি হৈছে?

অভিনৱ কায়দাৰ পোছাক পৰিধান কৰি সকলোকে চমক দিয়ে উৰ্ফী...

আফ্ৰিকাতো সফল হৈছে ট্ৰাম্পৰ মধ্যস্থতা! কাটাৰত যুদ্ধবিৰতি চুক্তিত উপনীত ডি আৰ কংগো চৰকাৰ-বিদ্ৰোহীৰ

শনিবাৰে কাটাৰৰ ৰাজধানী দোহাত আমেৰিকাৰ মধ্যস্থতাত মধ্য আফ্ৰিকাৰ দেশ...

ভাৰত সীমান্তৰ সমীপত ব্ৰহ্মপুত্ৰৰ ওপৰত বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে চীনে

ভাৰত সীমান্তৰ সমীপৰ তিব্বতত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত বিশ্বৰ সবাতোকৈ...