কেনেকৈ, ক’ৰ পৰা আহিল ‘চেমখৰ’ নিৰ্মাণৰ ধাৰণা?

অৱশেষত চিত্ৰগৃহত মুক্তি লাভ কৰিব বহুচৰ্চিত চেমখৰে। গুৱাহাটীত বিশেষ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰিছে চিনেমাখনৰ। বিশ্ব চলচ্চিত্ৰ জগতৰ কান চলচ্চিত্র মহোৎসৱত অসমৰ অভিনেত্রী তথা ছবি নির্মাতা আইমী বৰুৱাৰ বহুল চৰ্চিত ‘চেমখৰ’ৰ বিষয়ে জানিবলৈ উৎসুক হৈ আছিল আন্তর্জাতিক সংবাদ মাধ্যম তথা বিশ্বৰ চলচ্চিত্ৰ অনুৰাগী। তাৎপর্যপূর্ণভাৱে কান চলচ্চিত্র মহোৎসৱৰ ‘কাণ্টী অব অ’নাৰ’ৰ ইণ্ডিয়ান পেভেলিয়নত আইমী বৰুৱাই ‘চেমখৰ’ সন্দৰ্ভত ১০ মিনিট সময় ভাষণ প্ৰদান কৰিছিল বিশ্বৰ চলচ্চিত্ৰপ্ৰেমীৰ লগতে আন্তর্জাতিক সংবাদ মাধ্যমৰ প্রতিনিধিক। সেই অনুষ্ঠানতেই প্ৰদৰ্শন কৰা ‘চেমখৰ’ৰ ট্ৰেইলৰেও মুগ্ধ কৰিছিল সকলোকে। অসমৰ এক ক্ষুদ্র জনগোষ্ঠী হিচাপে পৰিচিত ডিমাচা ভাষাত নিৰ্মিত ‘চেমখৰ’ৰ বিভিন্ন কথা জানিবলৈ উৎসুক হৈ পৰিছিল সকলো। বিশেষকৈ ‘চেমখৰ’ নিৰ্মাণ কৰা ধাৰণাটো কেনেকৈ, কিয় আৰু ক’ৰ পৰা আহিল, ছবিখনৰ নিৰ্মাণৰ ক্ষেত্ৰত কি কি প্রত্যাহ্বান আৰু এইসমূহ কেনেকৈ পাৰ হ’ল, অসমত এনেকুৱা এখন ঠাই এতিয়াও আছেনে নাই আদি বিভিন্ন প্রশ্ন সাংবাদিক তথা চলচ্চিত্র অনুৰাগীয়ে সুধিছিল চিনেমাখনৰ নিৰ্মাতা আইমী বৰুৱাক।

উল্লেখযোগ্য যে ‘চেমখৰ’ সন্দৰ্ভত কান চলচ্চিত্র মহোৎসৱৰ ইণ্ডিয়ান পেভেলিয়নত বক্তব্য ৰখাৰ বাবে ভাৰত চৰকাৰৰ পৰা আনুষ্ঠানিকভাৱে নিৰ্বাচিত কৰিছিল চিনেমাখনৰ নিৰ্মাতা আইমী বৰুৱাক। আনহাতে, এই অনুষ্ঠানতে মুকলি কৰা হয় আইমী বৰুৱাৰ নতুন তথ্যচিত্র ‘স্ক্রিমিং বাটাৰফ্লাইছ’ৰ পোষ্টাৰ আৰু ট্ৰেইলৰ। মুম্বাইৰ আন্তর্জাতিক চলচ্চিত্র মহোৎসৱৰ প্ৰতিযোগিতা শাখাৰ বাবে নির্বাচিত হৈছিল চিনেমাখন।

ইফালে কান চলচ্চিত্র মহোৎসৱত ‘চেমখৰ’ৰ বিষয়ে বক্তব্য দিয়াৰ সুযোগ পোৱা আইমী বৰুৱাই নিজৰ মনৰ কথা ব্যক্ত কৰিছিল এনেদৰে — ‘সঁচা অৰ্থত মই অভিভূত হৈ পৰিছো। ৱৰ্ল্ড মিডিয়া তথা বিশ্বৰ চলচ্চিত্র সমাজৰ সন্মুখত ‘চেমখৰ’ৰ বিষয়ে ক’বলৈ পাই মই যি সুখ অনুভৱ কৰিছো তাতকৈ বেছি আচৰিত হৈছো বিশ্ব সমাজে ‘চেমখৰ’ৰ বিষয়ে জানিবলৈ প্ৰকাশ কৰা প্ৰবল আগ্ৰহত। এটা নতুন ভাষা, নতুন কথা, নতুন পৰম্পৰা, নতুন ঠাই আদিৰ বিষয়ে জানিবলৈ তেওঁলোকে যি ধৰণৰ উৎসুকতা প্ৰকাশ কৰিলে সেয়া মোৰ বাবে আছিল সপোনৰো অগোচৰ। অসমত এতিয়াও এনেকুৱা ঠাই আছেনে নাই সেই বিষয়ে জানিবলৈ তেওঁলোকৰ যি আগ্রহ সেয়া সঁচা অৰ্থত ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি। আমাৰ বাবে এয়াই হৈছে সর্বশ্রেষ্ঠ সন্মান, সর্বোচ্চ উপহাৰ। সকলোকে চিনেমাখন চাবলৈ আহ্বান অভিনেত্ৰী আইমী বৰুৱাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...