আপুনি খোৱা ৰেষ্টুৰেণ্টৰ খাদ্য কিমান গ্ৰহণযোগ্য?

আপুনি ৰেষ্টুৰেণ্টৰ খাদ্য খাই ভালপায় নেকি?
ছি:হ কি বিভৎস…

খাদ্য প্ৰস্তুত কৰা এখন টাৱা আৰু এই টাৱাতেই নিগনীয়ে পিল পিলাই আছে। এই পাত্ৰতেই আপুনি খাই ভালপোৱা খাদ্য প্ৰস্তুত কৰি হয়তো দিছে আপোনাকো। গুৱাহাটীৰ GS Road ত থকা এইখন Barbie হোটেল এণ্ড ফাষ্ট ফুডৰ বিভৎস দৃশ্য। ভিতৰলৈ সোমাই গ’ল NKTV ৰ কেমেৰা। আৰু তাৰপিছৰ পৰিবেশ চাওঁক আপুনি নিজেই। খাদ্য বস্তু ৰখা ঠাই কিমান অপৰিষ্কাৰ, লেতেৰা মানে বিভৎস লেতেৰা।

পতাইচোৰা,নিগনি,মাখি,মহ কি নাই খাদ্যৰ ওপৰত?

বৃহস্পত্তি বাৰে নিশা চলা গুৱাহাটী পৌৰ নিগমৰ এক অভিযানৰ পাছতেই পোহৰলৈ আহিছে এইখন Barbi হোটেল এণ্ড ফাষ্ট ফুডৰ কদৰ্য পৰিবেশ।

আন এখন Barbie হোটেল এণ্ড ফাষ্ট ফুডৰ ভিতৰৰ অস্বাস্থ্যকৰ পৰিবেশ বোৰ ভালদৰে চাওঁক আপুনি। কাৰণ আপুনি যদি গুৱাহাটীৰ বাসিন্দা নিশা হয়তো কেতিয়া এইখন ৰেষ্টুৰেণ্টৰ খাদ্য খাই পাইছে! যদি খাইছিল তেন্তে পুনৰ এবাৰ চিন্তা কৰক

ফাষ্টফুডৰ নামত আপুনি খাইছিল নেকি বৰবিহ?
এইখন ৰেষ্টুৰেণ্টতো চলিল GMC ৰ অভিযান
ছিল কৰি দিয়া হ’ল G D Road ৰ Barbie হোটেল এণ্ড ফাষ্টফুড

এতিয়া প্ৰশ্ন উঠিছে গুৱাহাটীৰ একাংশ হোটেল এণ্ড Restaurant য়ে খাদ্যৰ নামত আপোনাক খুৱাই আছে কি? জন স্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে এনে একাংশ Restaurant য়ে। প্ৰশাসন,পৌৰ নিগমৰ এনে অভিযান চলে ঠিকেই। কিন্তু হঠাৎ এদিন বন্ধ হৈ যায় এনে অভিযান। পুনৰ খোল খাই এনেবোৰ ৰেষ্টুৰেণ্ট তাৰ পিছত আকৌ এনেদৰেই চলি থাকে। এনেবোৰ ৰেষ্টুৰেণ্টৰ ট্ৰেড লাইচেন্স সম্পূৰ্ণৰূপে কিয় বন্ধ কৰি নিদিয়ে সেয়াহে এক বৃহৎ সাঁথৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...