পঞ্চায়তত চলে চিকিৎসালয়

জামুগুৰি গাঁও পঞ্চায়ত স্বাস্থ্য উপকেন্দ্ৰ!
শুনোঁতে আচহুৱা, কিন্তু সঁচা
‘আৰোগ্য মন্দিৰ’ৰ ৰুগীয়া অৱস্থা
পঞ্চায়তত চলে চিকিৎসালয়

এয়া ৰাজ্যৰ বিয়াগোম স্বাস্থ্য ব্যৱস্থা। এই ফলকখন জামুগুৰি গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ। ফলকখনৰ মৰ্মেই এইটো পঞ্চায়তৰে কাৰ্যালয়। কিন্তু পঞ্চায়তৰ ভিতৰলৈ সোমাই গ’লে আপুনি পাব ডাক্তৰ নাৰ্চ। চলে বিভিন্ন ৰোগৰ চিকিৎসা। এটা স্থায়ী গৃহৰ অভাৱত পঞ্চায়তৰ সৰু কোঠাটোতে চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ। এটা কোঠাতে চিকিৎসক, নাৰ্চকে প্ৰমূখ্য কৰি ১১-১২ জন কৰ্মচাৰী। ঔষধকে আদি কৰি আন আন যাৱতীয় সামগ্ৰী ৰখা হৈছে কোঠাটোত৷ GFX ৰোগীৰ বহিবৰ বাবে ব্যৱস্থা নাই, চিকিৎসাৰ বাবে নাই কোনো সু-ব্যৱস্থা ৷ উৎকট গৰমত ফেনৰ অভাৱতে পালন কৰিবলগীয়া হৈছে দায়িত্ব। উপায় নাই।

নাম ফলকৰে জামুগুৰি আয়ুস্মান মন্দিৰ বুলি উপকেন্দ্ৰ এটি আছে। ফলকত টেগ লাইন, ‘আৰোগ্য পৰম ধন’।
কিন্তু ৰুগ্নপ্ৰায় আৰোগ্য মন্দিৰৰ অৱস্থা। জহি খহি যোৱাৰ বাবে মেৰামতিৰ দায়িত্ব দিয়া হৈছিল এজন ঠিকাদাৰক। ২–৩ মাহত সমাপন কৰাৰ কথা আছিল কাম। কিন্তু কথাতে শেষ। কামত নাই।

উপায় নাই। পঞ্চায়ত কাৰ্যালয়ত বিভিন্ন সমস্যা সন্মুখত লৈ চলাবলগীয়া হৈছে চিকিৎসা ৷ আনহাতে কেন্দ্ৰটোৰ টিনপাতসমহ সলনি নকৰি পুৰণা টিনপাতকে ৰং কৰি দি দায়িত্ব সামৰাৰ আছে অভিযোগ। ৰোগীয়েও ভুগিছে অনেক যাতনা। অতি সোনকালে গৃহটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ আহ্বান।

ভাষণে শ্লোগানে বৈ থকা উন্নয়ণ গংগাখন বহু ঠাইতে ৰাইজে দেখিবলৈকে পোৱা নাই। মন্ত্ৰী সলনি হ’ল স্বাস্থ্য বিভাগৰ। দায়িত্বত খোদ মুখ্যমন্ত্ৰী। ৰাইজৰ আশা, ‘কিবা এটা হ’ব’। সময়ত লক্ষণীয় হ’ব সকলো।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...