আজি SUPER 8ত বাংলাদেশৰ বিৰুদ্ধে খেলপথাৰত নামিব ৰোহিত বাহিনী

এখন ৰোমাঞ্চকৰ মেচৰ সাক্ষী হ’ব ক্ৰিকেটপ্ৰেমী
আজি SUPER 8ত বাংলাদেশৰ বিৰুদ্ধে খেলপথাৰত নামিব ৰোহিত বাহিনী
ৰোহিত-কোহলিৰ অপেনিং যুটিৰ ওপৰত চকু থাকিব অনুৰাগীৰ
এন্টিগুৱাত বৰষুণে বিঘিনি ঘটোৱাৰ আশংকা খেলখনত

আজি SUPER 8ৰ মেচ নম্বৰ ৭। সমুখ-সমৰত ভাৰত-বাংলাদেশ। আফগানিস্তানৰ বিৰুদ্ধে SUPER 8ৰ ভাৰতৰ প্ৰথমখন মেচত জয়লাভৰ পিছত ছেমি-ফাইনেলৰ কাষ চপাৰ দিশে টীম ইণ্ডিয়া। বাংলাদেশৰ বিৰুদ্ধে জয়লাভ কৰিবলৈ সক্ষম হ’লে ছেমি-ফাইনেলত প্ৰায় স্থান নিশ্চিত হ’ব ভাৰতীয় ক্ৰিকেট দলৰ। অৱেশ্য, ৰোহিত-কোহলিৰ বেটিঙৰ ছন্দৰ ওপৰত এতিয়াও প্ৰশ্ন উত্থাপন হৈ আছে। গ্ৰুপ পৰ্যায়ৰ পৰা SUPER 8ৰ প্ৰথমখন মেচলৈকে একেৰাহে বিফল হৈছে ৰোহিত-কোহলিৰ যুটি। ইপিনে, শিৱম ডুবেৰ প্ৰৰ্দশনৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰা দেখা গৈছে ক্ৰিকেট সমালোচকে।

চলিত বিশ্বকাপত ডুবেই অৰ্জন কৰিছে কেৱল ৪৪ ৰান
আমেৰিকাৰ বিৰুদ্ধে ৩১ ৰানেই আছিল ডুবেৰ সৰ্বাধিক স্ক’ৰ
বাংলাদেশৰ বিৰুদ্ধে ডুবেৰ পৰিৱৰ্তে সঞ্জু ছেমছনে দলত স্থান পোৱাৰ সম্ভাৱনা আছে

আনহাতে যদি আজি বাংলাদেশে পৰাস্ত হয় তেন্তে ছেমি-ফাইনেলত স্থান লাভ কৰাৰ সম্ভাৱনা হৈ পৰিব কঠিন। SUPER 8ৰ প্ৰথমখন মেচত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে DLS পদ্ধতিত ২৮ ৰানত পৰাস্ত হৈছিল বাংলাদেশ। কিন্তু বাংলাদেশৰ লেগ স্পিনাৰ ৰিছাদ হুছেইনৰ চলিত বিশ্বকাপত চমকপ্ৰদ প্ৰদৰ্শনে আশা দিছে বাংলাদেশৰ অনুৰাগীসকলক। ছাকিব আল হাছানৰ বিশ্বকাপত শেহতীয়া উচ্চ প্ৰদৰ্শনে বেটিঙত শক্তি প্ৰদান কৰিছে। আনফালে, ৰোহিত-কোহলিৰ যুটি বিফল হ’লেও SKY, পন্ট আৰু হাৰ্ডিকৰ বেটৰ পৰা আহিছে ৰান। ইফালে ভাৰতীয় বলাৰে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব বাংলাদেশৰ সন্মুখত। এতিয়া অপেক্ষা সন্ধিয়া ৮ বজালৈ। খেলখনত জয়েৰে ছেমি ফাইনেললৈ আগুৱাওক ভাৰত এই কামনা সকলো ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আমেৰিকাত ভাৰতৰ ২৮ বছৰীয়া যুৱকক গুলীয়াই হত্যা

পুনৰ আমেৰিকাত ভাৰতীয় যুৱকৰ সৈতে ভয়ংকৰ ঘটনা। আমেৰিকাৰ ফেলাডেলফিয়াৰ...

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ…

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ। ৰিচা চাড্ডা...

ডায়েট ডিব্ৰুগড়ত সম্পন্ন শিশু বৈজ্ঞানিক প্ৰদৰ্শনী

বিকশিত আৰু স্বাৱলম্বী ভাৰতৰ বাবে ষ্টেম শীৰ্ষক বিষয়বস্তুক আধাৰ...

পুনৰ গুৱাহাটীত যুৱতীৰ ৰহস্যজনক মৃত্যু

পুনৰ চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে গুৱাহাটী মহানগৰী। ৰহস্যজনক অৱস্থাত উদ্ধাৰ...