নগাঁৱৰ জাজৰিত চিকিৎসাকৰ্মীৰ কাণ্ডজ্ঞানহীনতা

নগাঁৱৰ জাজৰিত চিকিৎসাকৰ্মীৰ কাণ্ডজ্ঞানহীনতা। শিশুৰ মূৰত ঔষধৰ সলনি ঢালিলে এচিড। দলংঘাট মহাত্মা গান্ধী আদর্শ চিকিৎসালয়ত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। দুৰ্ঘটনাত আহত এটি শিশুক ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়খনত। দুৰ্ঘটনাত পতিত হৈ মূৰত গুৰুতৰভাৱে আঘাত পাইছিল শিশুটিয়ে। আঘাত পৰিস্কাৰ কৰি আছিল এগৰাকী নাৰ্ছে। আঘাতৰ স্থানত ঔষধৰ পৰিৱৰ্তে ঢালি দিলে এচিড। মূৰত এচিড ঢালি দিয়াত আঘাত অধিক গুৰুতৰ হয় শিশুটিৰ। শিশুটিৰ পৰিয়ালৰ সন্মুখতে নাৰ্ছে কৰিলে এই ভয়ংকৰ কাণ্ড। শিশুটিয়ে লগে লগে প্ৰচণ্ড বিষত আৰ্তনাদ কৰে চিকিৎসালয়ত। এচিড ঢালি দিয়াৰ এই ঘটনাক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। চিকিৎসালয়তে এই ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰে পৰিয়ালটোৱে। চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে পৰিয়ালটোক ভয়-ভাবুকি দিয়াৰ অভিযোগ। উপায়ন্তৰ হৈ শিশুটিক পৰিয়ালটোৱে লৈ যায় নগাঁৱলৈ। শিশুটিৰ মূৰত এচিড ঢলা বুলি নিশ্চিত কৰে নগাঁৱৰ চিকিৎসকে। ঘটনা সন্দৰ্ভত চিকিৎসক, স্বাস্থ্যকৰ্মীৰ বিৰুদ্ধে বড়ি বজাৰ থানাত গোচৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...