বৃহস্পতিবাৰে লাভ কৰিছিল চাকৰিৰ এপইণ্টমেণ্ট লেটাৰ, চাকৰিত যোগদান কৰা নহ’ল…তীব্ৰবেগী এম্বুলেঞ্চৰ খুন্দাত শেষ হৈ গ’ল সকলো

সৰস্বতী পূজাৰ দিনটোতেই গুৱাহাটীৰ কাহিলীপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। এম্বুলেঞ্চৰ খুন্দাত এগৰাকী যুৱতীৰ, সংকটজনক অৱস্থাত এজন যুৱকক GMCHত ভৰ্তি কৰোৱা হৈছে এজন যুৱকক। নিহত যুৱতীগৰাকী বঙাইগাঁৱৰ উত্তৰ শালমাৰাৰ লুনা ভৰদ্বাজ। আনফালে আহত যুৱকজন দেৰগাঁৱৰ অচ্যুৎ বৰুৱা।

শোকাৱহ দুৰ্ঘটনাটোৰ পাছতে GMCHত উপস্থিত হয় মৃত লুনা ভৰদ্বাজৰ পৰিয়ালৰ লোক। কিন্তু মৃত্যুৰ পাছত যুৱতীগৰাকীৰ মৃতদেহ লৈ যাবলৈও GMCHত ৱাৰ্ডবয় নাপালে পৰিয়ালৰ লোকে। উপায়ন্তৰ হৈ ভিনিয়েকেই কঢ়িয়াবলগীয়া হ’ল খুলশালীয়েক লুনাৰ মৃতদেহ।

পৰিয়ালৰ লোকে জনোৱা অনুসৰি বৃহস্পতিবাৰে যুৱতীগৰাকীলৈ আহিছিল চাকৰিৰ এপইণ্টমেণ্ট লেটাৰ। কিন্তু চাকৰিত যোগদান কৰাৰ সপোনটো আধৰুৱা হৈয়েই ৰ’ল যুৱতীগৰাকীৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰথমে ভ্ৰমণ, তাৰ পিছত যুদ্ধ… গণৰাজ্য দিৱসৰ মুখ্য অতিথি হোৱা পাকিস্তানী নেতা দুজন কোন আছিল?

ভাৰতত গণৰাজ্য দিৱস উদযাপন কৰিবলৈ বিদেশী অতিথিক নিমন্ত্ৰণ কৰাৰ...

পদ্ম সন্মান লাভ কৰা ব্যক্তিয়ে কি কি লাভ কৰে? তিনিটা সন্মানৰ মাজত কি পাৰ্থক্য আছে?

ভাৰত চৰকাৰে প্ৰতি বছৰে গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত পদ্ম সন্মান...

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘উল্লাস’ৰ এদিনীয়া কৰ্মশালা

গুৱাহাটী বিশ্ববিদ্যালয়ত 'উল্লাস'ৰ এদিনীয়া কৰ্মশালাঅনাখৰীজনো শিক্ষিত, সাক্ষৰ কৰিবলৈ লাগিব...

ভাৰত বনাম নিউজিলেণ্ড T20ৰ বাবে সাজু বৰ্ষাপাৰা

বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অহা ২৫ জানুৱাৰীৰ সন্ধিয়া...