কালিকা লাগিছে নেকি ৰাজ্যৰ ৰাজপথত?

এটা দুৰ্ঘটনাই সলনি কৰি দিব পাৰে কাৰোবাৰ জীৱন। এটা দুৰ্ঘটনাই কাঢ়ি নিব পাৰে জীৱনৰ সৰ্বস্ব। ৰাজ্যত পুনৰ সংঘটিত হৈছে তেনে কেইটামান দুৰ্ঘটনা। মৃত্যু হৈছে কেইবাজনো লোকৰ। আনহাতে আহত হৈছে আন কেইবাজনো।

মৃত্যু যে চিৰন্তন সত্য। কাৰ কেতিয়া ক’ত মৃত্যু হয় সেয়া কোনেও ক’ব নোৱাৰে। কিন্তু কিছুমান দুৰ্ঘটনাই কাঢ়ি নিয়ে জীৱনৰ সৰ্বস্ব। তেনে কেইটামান দুৰ্ঘটনা সংঘটিত হৈছে ৰাজ্যত। প্ৰথমটো দুৰ্ঘটনা কাছাৰৰ লক্ষীপুৰত। এক্সকেভেটৰৰ খুন্দাত থিতাতে নিহত এটি কণমানি। নিহত ৫ বছৰীয়া শিশু নুৰুল হুদা। শিলচৰ-মনিপুৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ আলীপুৰত সংঘটিত হয় এই ঘটনা। ঘটনাৰ পিছতে উত্তেজিত হৈ পৰে স্থানীয় লোকসকল। উত্তেজিত ৰাইজে প্ৰায় দুঘন্টা ধৰি অৱৰোধ কৰে ৰাষ্ট্ৰীয় ঘাইপথ। ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰিছিল এক্সকেভেটৰ খনে। প্ৰায় ৫ কিঃমিঃ বাট খেদি খেদি চালক-হেণ্ডিমেনক আটক কৰে ৰাইজে। লগতে দুৰ্ঘটনা সংঘটিত কৰা এক্সকেভেটৰখনো জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।

পুৰণিগুদামত সংঘটিত হয় ‘হিট এণ্ড ৰান’ৰ ঘটনা। দুৰ্ঘটনাত মৃত্যু হয় এজন লোকৰ। নগাঁও অসামৰিক চিকিৎসালয়ত মৃত্যু নিতুল বৰা নামৰ লোকজনৰ। এখন দ্ৰুতবেগী টেম্প’ৱে খুন্দিয়াইছিল নিতুল বৰাক। লোকজনক প্ৰায় ১ কিঃমিঃ পথ চোঁচৰাই নিছিল টেম্প’খনে। লোকজনক চোঁচৰাই ন আলিমূৰত পেলাই থৈ যায় টেম্প’খনে। তাৰপাছতে ৰাইজে ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যায় যদিও মৃত্যু হয় লোকজনৰ। ইপিনে এতিয়াও পুৰণিগুদাম আৰক্ষীয়ে সন্ধান পোৱা নাই টেম্প’খনৰ।

-কামৰূপৰ গৰৈমাৰীতো ভয়ংকৰ পথ দুৰ্ঘটনা৷ গৰৈমাৰীৰ দক্ষিণ মহিমাৰীত দুখন মটৰ চাইকেলৰ মাজত সংঘৰ্ষ। ফলত সংঘটিত হয় এই দুৰ্ঘটনা৷ গুৰুতৰভাৱে আহত হয় আদিল ছাবিৰ জিন্না নামৰ এজন শিক্ষক। আহত যুৱকজনক সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ব্যক্তিগত খণ্ডৰ শিক্ষকজনৰ। দুৰ্ঘটনা সংঘটিত কৰা AS 01FM 7212 নম্বৰ স্কুটিখনৰ লগতে নম্বৰবিহীন য়ামাহা R15 বাইকখন গৰৈমাৰী আৰক্ষীয়ে জব্দ কৰে।

ইপিনে তেজপুৰৰ গোটলুঙত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা৷ চলন্ত ট্ৰাকত খুন্দা টাটা নেক্সন বাহনৰ৷ কথমপি প্ৰাণ ৰক্ষা নেক্সন বাহনৰ চালকসহ আৰোহীৰ৷ খুন্দা মাৰি ট্ৰাকৰ পিছৰ অংশত সোমাই পৰে নেক্সন বাহনখন৷ কনকলতা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আহতক। পৰৱৰ্তী সময়ত উন্নত চিকিত্সাৰ বাবে TMCHলৈ প্ৰেৰণ আহতক৷ ঘটনাস্থলীত উপস্থিত হয় তেজপুৰ যান-বাহন আৰক্ষী৷

ৰাজ্যত শেহতীয়াকৈ বৃদ্ধি পোৱা এইসমূহ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলে জীৱনৰ বাবে হেৰুৱালে তেওলোকৰ আপোনজনক। আনপিনে আহত সকল হ’ল চিৰদিনৰ বাবে ঘূণীয়া।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

যোৰহাটত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন

৫০ লক্ষাধিক ভকত বৈষ্ণৱক আদৰিবলৈ সাজু শংকৰ সংঘ। যোৰহাট...

শুকুৰবাৰেও ডাঠ কুঁৱলীয়ে আৱৰি ৰাখিছে গুৱাহাটী চহৰ

শুকুৰবাৰেও ডাঠ কুঁৱলীয়ে আৱৰি ৰাখিছে গুৱাহাটী চহৰ। ডাঠ কুঁৱলীৰ...

সুৰাৰ ৰাগীত ভাগিনীয়েকে মৰিয়াই মৰিয়াই হত্যা কৰিলে এজন লোকক

সুৰাই মানুহক কি পৰ্যায়লৈ লৈ যাব পাৰে এবাৰ ভাবক,...

জাপানৰ অ’ছাকাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

জাপানৰ অ’ছাকাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ৮০ গৰাকী জাপানী...