হিটমেন’ৰ আজি জন্মদিন

আজি ভাৰতৰ অন্যতম সফল ক্ৰিকেটাৰ ৰোহিত শৰ্মাৰ ওপজা দিন। আজিৰ দিনটোত ১৯৮৭ চনত নাগপুৰত জন্মগ্ৰহণ কৰিছিল তেওঁ। ‘হিটমেন’ বুলি পৰিচিত ৰোহিত শৰ্মাই ভাৰতীয় ক্ৰিকেটক বিশ্বৰ ভিতৰত অন্যতম শ্ৰেষ্ঠ দল বনোৱাত মুখ্য অৱদান আছে।

বৰ্তমানৰ ভাৰতীয় দলৰ আটাইকেইটা ফৰ্মেটৰ অধিনায়ক ৰোহিত শৰ্মাৰ আক্ৰমণাত্মক বেটিং শৈলীৰ বাবে ব্যাপকভাৱে জনপ্ৰিয়। এদিনীয়া ক্ৰিকেটত তিনিটা দ্বিশতক অৰ্জন কৰা তেওঁ হৈছে বিশ্বৰ একমাত্ৰ বেটছমেন। তেওঁ এদিনীয়া ক্ৰিকেটৰ এটা ইনিংছত এজন বেটছমেনৰ দ্বাৰা সংগ্ৰহ কৰা সৰ্বাধিক ৰাণৰ অভিলেখো দখল কৰিবলৈ সক্ষম হৈছে। তেওঁৰ আক্ৰমণাত্মক বেটিং শৈলীৰ বাবে ৰোহিতক ‘হিটমেন’ বুলি অভিহিত কৰে অনুৰাগীসকলে। শৰ্মাই ২০০৭ চনৰ ২৩ জুনত বেলফাষ্টত আয়াৰলেণ্ডৰ বিৰুদ্ধে এদিনীয়া ক্ৰিকেটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰথমবাৰৰ বাবে আত্মপ্ৰকাশ ঘটাইছিল।

ৰোহিত শৰ্মাই বৰ্তমানলৈকে ২৩০ খন এদিনীয়া খেলিছে যত ৪৮.৬০ৰ বেটিং গড়ৰে মুঠ ৯,২৮৩ ৰাণ সংগ্ৰহ কৰিছে। তেওঁ ৫০ অভাৰৰ ক্ৰিকেটত এতিয়ালৈকে ৪৪টা অৰ্ধশতক আৰু ২৯টা শতক সংগ্ৰহ কৰিছে। ইপিনে টেষ্ট ক্ৰিকেটতো ৪৫খন খেল খেলি ৩১৩৭ ৰাণ বনাবলৈ সক্ষম হৈছে তেওঁ। আনহাতে, ৰোহিতে ১২৫ খন টি-২০ আন্তৰ্জাতিক মেচত ১৩৯.৫৫ৰ ষ্ট্ৰাইক ৰেটৰ সৈতে ৩৩১৩ ৰাণ কৰিবলৈ সক্ষম হৈছে। IPLতো মুম্বাই ইণ্ডিয়ানছৰ হৈ ৫ টা ট্ৰফী সংগ্ৰহ কৰিছে তেওঁ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...