খলনায়িকা! পুটিনৰ ৰক্ষিতা কোন এই এলিনা কাবাএভা

✍️ অচিন্ত্য শৰ্মা

ইউক্ৰেইন যুদ্ধৰ প্ৰচণ্ড ধামখুমীয়াৰ মাজতে হঠাৎ বিশ্বজুৰি চৰ্চিত হৈছে এগৰাকী সুন্দৰী ৰমণীৰ নাম। তেওঁ হৈছে একালৰ বিশ্ববিখ্যাত জিমনাষ্ট, মডেল তথা অলিম্পিকত একাধিক স্বৰ্ণপদক বিজয়িনী এয়া ৰুছ ৰমণী এলিনা কাবাএভা।

ক্ৰীড়াজগতৰপৰা ৰাজনীতি আৰু পিছলৈ ব্যবসায় জগতত প্ৰবেশ কৰা এলিনাক হঠাৎ আকৌ এবাৰ চৰ্চালৈ আনিছে শেহতীয়া ইউক্ৰেইন যুদ্ধই। কাৰণ প্ৰচণ্ড যৌন আবেদনময়ী, সুন্দৰী এলিনাৰ বতৰ্মানৰ মুখ্য পৰিচিত ৰুছ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ৰক্ষিতা ৰূপে। দুটাকৈ অলিম্পিক পদক, ১৪টাকৈ বিশ্ব চেম্পিয়নশ্বিপ পদক আৰু ২১টাকৈ ইউৰোপীয়ান চেম্পিয়নশ্বপ পদক বিজয়িনী এলিনা ২০০১চনত এক ড’পিং কেলেংকাৰীত জড়িত হৈ পৰিছিল আৰু তেওঁৰপৰা কিছু পদক আৰু সন্মান কাঢ়ি লোৱা হৈছিল। তথাপি কমি যোৱা নাছিল তেওঁৰ খ্যাতি আৰু গ্লেমাৰ।
২০০৮চনত কাবাএভাই ক্ৰীয়াৰপৰা অৱসৰ গ্ৰহণ কৰে আৰু জড়িত হৈ পৰে সক্ৰিয় ৰাজনীতিত। নিৰ্বাচিত হয় পুটিনৰ শাসনাধিস্থিত দল ইউনাইটেড ৰুছিয়া পাৰ্টিৰ সংসদৰূপে। হয়তো সেই তেতিয়াৰ পৰাই বা তাৰ আগৰপৰাই আৰম্ভ হৈছিল পুটিন আৰু এলিনাৰ সম্পৰ্ক। এই বিতৰ্কিত সম্পৰ্কৰ বিষয়ে সেই বৰ্ষতে এখন কাকতে বাতৰি পৰিবেশন কৰিছিল যদিও খোদ পুটিনে উক্ত বাতৰিৰ সত্যতা দৃঢ়ভাৱে বন্ধ হৈ গৈছিল সেই কাকতখন আৰু কাকতখনৰ কাৰ্যালয়টো। এলিনাই নিজেও বাতৰিটো সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছিল ” এনেধৰণে আনৰ ব্যক্তিগত কথাত নাক সুমুবাই ফুৰাসকলক মই সদায় ঘৃণা কৰোঁ।”

অৱশ্যে পুটিন বা এলিনাই যিয়েই নকওঁক কিয়, তেওঁলোকৰ সম্পৰ্কৰ কথা সেইসময়ত লুকাই থকানাছিল আৰু এতিয়া লুকাই থকা নাই। বৰং ২০১৪চনৰ শীতকালীন অলিম্পিকত এলিনাই শিখা কঢ়িওবাৰ সুযোগ লাভ কৰিছিল পুটিনৰ সৌজনতে; এয়াও আছিল তদানীন্তন সংবাদমাধ্যমত এক চৰ্চাৰ বিষয়।
পুটিনৰ লগত হোৱা বদনামৰ কাৰণেই হওঁক, বা অন্য কিবা কাৰণতেই হওঁক, এলিনা কাবাএভাই সক্ৰিয় ৰাজনীতিত সৰহদিন নাথাকে। ৰাজনীতিৰপৰা অৱসৰ লৈ তেওঁ ৰুছিয়াৰ নিউ মেডিয়া গ্ৰুপত অধ্যক্ষ হিচাপে যোগদান কৰে। অবশ্যে ইউক্ৰেন যুদ্ধই নিষেধাজ্ঞা মাতি অনাৰ লগে লগে গ্ৰুপৰ ৱেবছাইটৰপৰা এলিনাৰ নাম আৰু আলোকচিত্ৰ আঁতৰাই দিয়া হয়।
মাৰ্কিন মহলে সন্দেহ কৰামতে পুটিনৰ সহায়ত এলিনা আৰু তেওঁৰ পৰিয়াল ব্যাপক ধন সম্পত্তিৰ অধিকাৰী হৈছে। আনহাতে বৰ্তমান কাৰাৰূদ্ধ পুটিনবিৰোধী ৰুছ নেতা এলেক্সী নাভালনীৰমতে পুটিনে দুৰ্নীতিৰে আহৰণ কৰা বিশাল পৰিসাণৰ ধন লুকাই থবলৈ এলিনাক ব্যবহাৰ কৰিছে। এনে অৱস্থাত স্বভাবিকতেই ইউক্ৰেইনে বিশ্বৰ প্ৰতি আহ্বান জনাইছে এলিনা কাবাএভাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিবলৈ। ইতিমধ্যে যুক্তৰাষ্ট্ৰই ব্যক্তিগত পৰ্যায়তো পুটিন আৰু তেওঁৰ দুই কন্যাৰ ওপৰত নিষেধজ্ঞা আৰোপ কৰিছে । কিন্তু নিষেধাজ্ঞা আৰোপ কৰিলে ৰুছিয়াৰ লগত সংঘাত অধিক বৃদ্ধি পাব পাৰে। তাৎপৰ্যপূৰ্ণভাৱে এলিনাক সঘনে ছুইজাৰলেণ্ডত দেখা যোৱাৰ পৰিপেক্ষিতত সেইখন দেশৰ প্ৰতিও ইউক্ৰেইনে আহ্বান জনাইছে এলিনাৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ বাবে। পিচে চুইজাৰলেণ্ড চৰকাৰৰো ভাষ্য, এলিনা চুইজাৰলেণ্ডলৈ অহাৰ কোনো তথ্য তেওঁলোকৰ হাতত নাই।
এলিনা কাবাএভা ইউক্ৰেইন যুদ্ধৰ এগৰাকী উগ্ৰ সমৰ্থক। তেওঁ ৰাজহুৱাভাৱে বিবৃতিও দিছে। তেওঁৰ মতে “যুদ্ধৰ গৌৰৱময় কাহিনীসমূহ আমি পৰৱৰ্তী প্ৰজন্মক দি যাব লাগিব।” তথাপি এনে এগৰাকী নাৰীক বাইদেন প্ৰশাসনে কিয় ভয় কৰি চলিছে ৰহস্যৰ বিষয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জন্মভূমিৰ ক্ষতি কৰাজন জাতিৰ প্রধান শত্রু : জয়ন্ত মল্লবৰুৱা

মন্ত্ৰীগৰাকীৰ ৰহস্যময় ‘আজিৰ চিন্তা’ ফেচবুক পোষ্টক কেন্দ্ৰ কৰি ৰাজনৈতিক...

প্ৰথম ব্ৰাজিল, তাৰ পাছত ভাৰত… ফিফা বিশ্বকাপৰ সময়ত কি অভিলেখ গঢ়িলে ভাৰতে?

২০২৬ৰ ফিফা বিশ্বকাপত যোগ্যতা অৰ্জন কৰিব নোৱাৰিলেও ভাৰতৰ ফুটবলৰ...

ফিফা বিশ্বকাপত ভাৰত কিয় নাই? ভাৰতীয় ফুটবলৰ কিংবদন্তি সুনীল ছেত্ৰীয়ে কি কয়?

চলি আছে ২০২৬ৰ ফিফা বিশ্বকাপ। আলজেৰিয়াৰ বিৰুদ্ধে লিয়'নেল মেচিৰ...

ডিমৰীয়া সম জিলাত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন

সুস্থ বাৰ্ধক্যৰ বাবে যোগাসন(Yoga for healthy ageing) শীৰ্ষক মূলমন্ত্ৰৰে...