প্ৰথমে শ্বৰ্টছৰ প্ৰচলন ক’ত আৰু কেতিয়া হৈছিল জানেনে?

শ্বৰ্টছৰ সৃষ্টি হৈছিল পশ্চিমীয়া দেশত। ১৮শ শতিকাৰ পৰাই ইউৰোপ আৰু আমেৰিকাত শ্বৰ্টছ ব্যৱহাৰ কৰা দেখা যায়। ঘাইকৈ ব্ৰিটিছ, আমেৰিকান আৰু অন্যান্য দেশৰ সামৰিক জোৱান আৰু বিষয়াই প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত গ্ৰীষ্মপ্রধান অঞ্চলত যুদ্ধৰত অৱস্থাত বেছিকৈ শ্বৰ্টছ পৰিধান কৰিছিল।

তাৰ পাছৰ পৰাই লাহে লাহে শ্বৰ্টছ সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ বিয়পি পৰে। ইউৰোপ আৰু আমেৰিকাত স্কুলীয়া ছাত্ৰক শিশু অৱস্থাত শ্বৰ্টছ পৰিধান কৰিবলৈ দিয়া হৈছিল। শৈশৱৰ পৰা কৈশোৰত প্ৰৱেশ কৰাৰ সময়ত তেওঁলোকক লংপেণ্ট পৰিধান কৰিবলৈ দিয়া হৈছিল। সেই পৰম্পৰা আমাৰ দেশতো অটুট আছে। পশ্চিমীয়া দেশত পৰৱৰ্তী সময়ত বিভিন্ন ক্ষেত্ৰলৈ আৰু বিভিন্ন পৰিৱেশলৈ শ্বৰ্টছৰ আগমন ঘটিল। লগে লগে সলনি হ’ল শ্বৰ্টছৰ ৰেহৰূপ। ৪০ৰ দশকৰ পৰাহে ইউৰোপ আৰু আমেৰিকাত মহিলাই শ্বৰ্টছ পৰিধান কৰিবলৈ ধৰিলে। সেই সময়ত হলীউডৰ নায়িকাই প্রথমে শ্বৰ্টছ পৰিধান কৰা দেখা গৈছিল আৰু তাৰ পৰাই সমাজৰ বিভিন্ন স্তৰলৈ শ্বৰ্টছৰ আগমন ঘটিল। পশ্চিমীয়া দেশত এতিয়া শ্বৰ্টছ বহুলভাৱে ব্যৱহাৰ হয়। স্কুল-কলেজ, আনকি কোনো ঠাইত বিজনেছ কেজুৱেল হিচাপে কার্যালয়লৈও অনেকে শ্বৰ্টছ পৰিধান কৰি যায়। তথাপি পশ্চিমীয়া ড্ৰেছ ক’ড অক্ষুন্ন ৰাখিয়েই পাশ্চাত্যৰ দেশত শ্বৰ্টছ পৰিধান কৰা হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...