১২ মে’ৰ পৰা ৩ দিনীয়াকৈ উদযাপিত হ’ব ঐতিহাসিক ফাট বিহু

ঢকুৱাখনাৰ চাৰিকড়ীয়া নদীৰ আছে এক সাতামপুৰুষীয়া ঐতিহ্য। এই নদীৰ পাৰতে ম’হঘূলি চাপৰিত তাহানিৰে পৰা পালন কৰি অহা হৈছে ফাট বিহু। এইবাৰো ঐতিহ্যৰ ভেটি চিকুণাই-অতাই সাজু হৈ উঠিছে চাৰিকড়ীয়াৰ পাৰ। ১২ মে’ৰ পৰা ৩ দিনীয়াকৈ উদযাপিত হ’ব ঐতিহাসিক ফাট বিহু।

উদুলি-মুদুলি ম’হঘূলি চাপৰি
চাৰিকড়ীয়া নদীৰ পাৰত যুদ্ধকালীন প্ৰস্তুতি
১২ মে’ৰ পৰা ৩ দিনীয়াকৈ উদযাপিত হ’ব ঐতিহাসিক ফাট বিহু
৯০ শতাংশ সম্পূৰ্ণ তোৰণ, অতিথি গৃহৰ কাম

ঢকুৱাখনাত পূৰ্ণ গতিত চলিছে ঐতিহ্যমণ্ডিত ফাটবিহুৰ প্ৰস্তুতি। ফাটবিহুৰ বাকৰিত চলিছে যুদ্ধকালীন তৎপৰতা। এজাক যুৱতীৰ খিল খিল হাঁহিত মুখৰিত হৈ পৰিছে ফাটবিহুৰ বাকৰি। সকলোৰে যেন ব্যস্ততাৰ অন্ত নাই। ঐতিহ্য আৰু পৰম্পৰাৰ সমাহাৰ ঘটাই  ১২মে’ৰ পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপিত হব ঐতিহ্যমণ্ডিত ফাটবিহু। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে চাৰিকড়ীয়া নৈৰ পাৰত অৱস্থিত ম’হঘুলি চাপৰিৰ সেউজ পৰিৱেশত উদযাপিত হব এই ফাটবিহু। ন-ৰূপত সজাই পৰাই তোলা হৈছে ৩৭বিঘা মাটিৰে পৰিবেষ্টিত ফাটবিহুৰ বাকৰি। ১১খনকৈ উপ-সমিতিৰ বিষয়ববীয়াই যুদ্ধসদৃশ তৎপৰতাৰে উজান দিছে কামত।

ইফালে, অহা ১৪ মে’লৈকে অনুষ্ঠিত হ’বলগীয়া ফাটবিহু ২০২৩ উৎসৱৰ বাবে বিহুপ্ৰেমীক আদৰিবলৈ সাজু হৈছে উদযাপন সমিতি। ইতিমধ্যে অতিথিগৃহ,তোৰণ নিৰ্মাণৰ কাম ৯০ শতাংশ সম্পূৰ্ণ হৈ উঠিছে। ম’হঘুলি চাপৰিৰ বিনন্দীয়া পৰিৱেশত বিহুত উতলা হ’বলৈ সাজু হৈছে ঢকুৱাখনাৰ বিভিন্ন জাতি-জনগোষ্ঠীয় ৰাইজ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...