বেটেলিয়নৰ জোৱানলৈ এমাহ ছুটী, বছৰত এবাৰ স্বাস্থ্য পৰীক্ষা

গুৱাহাটী, ৯ জুন, NKTV: কাজিৰঙাত মুখ্যমন্ত্রী ডo হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল। ১০টা কমাণ্ডো বেটেলিয়ন গঠনৰ আনুষ্ঠানিক ঘোষণা। নাগালেণ্ড সীমান্তকে ধৰি স্পৰ্শকাতৰ অঞ্চলত বেটেলিয়ন গঠন কৰা হ’ব। বছৰত দুবাৰ আৰক্ষী অধীক্ষকৰে বৈঠক। আৰক্ষী অধীক্ষকৰে পৰৱৰ্তী বৈঠক দুলীয়াজানত অনুষ্ঠিত হ’ব। বছৰত দুবাৰ উপায়ুক্তসকলৰ সৈতেও বৈঠক অনুষ্ঠিত হোৱাৰ কথা আজিৰ সংবাদমেলত ঘোষণা কৰে মুখ্যমন্ত্ৰী ডo শৰ্মাই।

NSGৰ সমপৰ্যায়ৰ হ’ব কমাণ্ডো বেটেলিয়ন। প্রতিখন থানাত দুটা SHIFTত কাম-কাজ। আৰক্ষীৰ সংখ্যা বৃদ্ধিৰ উদ্দেশ্যৰে অতিৰিক্ত নিযুক্তি। ড্রাগছৰ বিৰুদ্ধে আপোচহীন স্থিতি গ্রহণৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।

গৰুৰ চোৰাং বেহা বন্ধ কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। অসমৰ মাজেৰে ড্রাগছৰ সৰবৰাহ বন্ধ হ’ব। ছমাহত ৭টা নতুন ফৰেনছিক লেব স্থাপন কৰা হ’ব। বেটেলিয়নৰ জোৱানলৈ এমাহ ছুটী, বছৰত এবাৰ স্বাস্থ্য পৰীক্ষা। আলোচনাৰে আলফা সমস্যা সমাধানৰ চেষ্টা। গৃহমন্ত্রী অমিত শ্বাহৰ ভ্রমণৰ বিতং আলোচনা। ড্রাগছৰ বেপাৰ বন্ধ কৰাৰ ক্ষেত্রত দায়বদ্ধ হ’ব এছ পি:মুখ্যমন্ত্ৰী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...