ছুটকেছত উদ্ধাৰ কংগ্ৰেছৰ যুৱনেত্ৰীৰ মৃতদেহ

ছুটকেছত উদ্ধাৰ কংগ্ৰেছৰ যুৱনেত্ৰীৰ মৃতদেহ। ভাৰত জড়ো যাত্ৰাত ৰাহুলৰ সংগীৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য। পৌৰ নিৰ্বাচনৰ আগ দিনা কোনে হত্যা কৰিলে যুৱ নেত্ৰীক?

এক চাঞ্চল্যকৰ ঘটনা। পৌৰ নিৰ্বাচনৰ আগদিনা ৰাস্তাৰ কাছত পৰি থকা ছুটকেছৰ ভিতৰত ওলাল যুৱ কংগ্ৰেছ নেত্ৰীৰ মৃতদেহ। ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাৰ সংগী আছিল যুৱতীগৰাকী।

ভাৰত জোড়ো যাত্ৰাত সক্ৰিয় ভূমিকা লৈছিল যুৱতী কংগ্ৰেছীগকাৰীয়ে। যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ হ’ল ছুটকেছত। সমগ্ৰ দেশজুৰি চাঞ্চল্যৰ সৃষ্টি হোৱা এই সংঘটিত হৈছে হাৰিয়ানাৰ ৰোহতকত।

যুৱতী কংগ্ৰেছ নেত্ৰীগৰাকীৰ নাম হিমানী নাৰৱাল। শীৰ্ষ কংগ্ৰেছ নেতাৰ আস্থা লাভ কৰা হিমানী বয়স ২২ বছৰ।অতি ব্যস্ত বাছষ্টেণ্ডত মৃতদেহ উদ্বাৰ হোৱা হিমানী পৰিচিত আছিল সমগ্ৰ হাৰিয়ানাতে।

দেওবাৰে হাৰিয়ানাৰ ৩৩ খন পৌৰসভাৰ নিৰ্বাচন। শনিবাৰে উদ্ধাৰ হ’ল যুৱতী কংগ্ৰেছ নেত্ৰীৰ মৃতদেহ। হিমানীৰ হত্যাৰ সৈতে ৰাজনীতি জড়িত থকাৰ সন্দেহ।

নিজৰ দলৰ ওপৰতো সন্দেহ হিমানীৰ পৰিয়ালৰ। কাৰণ কম সময়ৰ ভিতৰতে ৰাজনীতিত বহু প্ৰভাব পেলাবলৈ সক্ষম হৈছিল যুৱতীগৰাকীয়ে।

কংগ্ৰেছ নেতা দীপেন্দ্ৰ হুদাৰো ঘনিষ্ট হৈ পৰিছিল যুৱতী নেত্ৰীগৰাকী। কিন্তু মৰ্মান্তিক ঘটনা ঘটাৰ পিছত কংগ্ৰেছ কোনো নেতাই খবৰ কৰা নাই। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে হাৰিয়ানাত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ম্যানমাৰত নগা উগ্ৰপন্থীৰ শিবিৰত ভয়ংকৰ আক্ৰমণ, নিহত ৩৬ উগ্ৰপন্থী

ম্যানমাৰ সেনাই নগা উগ্ৰপন্থীৰ বিৰুদ্ধে চলোৱা এক ভয়ংকৰ সামৰিক...

সন্মুখত দুই লাখ নিযুক্তিৰ লক্ষ্য, HBS 2.0ৰ প্ৰথম নিযুক্তি সমাৰোহত ৪৩৯গৰাকীক নিযুক্তি পত্ৰ প্ৰদান মুখ্যমন্ত্ৰীৰ

ৰাজ্যত চৰকাৰী নিযুক্তিৰ ধাৰা অব্যাহত ৰাখি মুখ্যমন্ত্ৰী ড° হিমন্ত...