ভাৰত-ব্ৰিটেইন বাণিজ্য চুক্তি: গাড়ী, চকলেট আৰু বিস্কুট হ’ব সস্তা, সাধাৰণ জনতাৰ বাবে ডাঙৰ সুবিধা

ভাৰত আৰু ব্ৰিটেইনৰ মাজত স্বাক্ষৰিত হোৱা ঐতিহাসিক ‘সামগ্ৰিক অৰ্থনৈতিক আৰু বাণিজ্য চুক্তি’ (Comprehensive Economic and Trade Agreement – CETA) বুধবাৰৰ (১৫ জুলাই) পৰা কাৰ্যকৰী হৈছে। এই চুক্তিৰ ফলত ২০৩০ চনৰ ভিতৰত দুয়োখন দেশৰ মাজত ব্যৱসায়ৰ পৰিমাণ ১০০ বিলিয়ন ডলাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে। এই চুক্তিৰ ফলত সাধাৰণ গ্ৰাহকৰ পৰা আৰম্ভ কৰি ব্যৱসায়ীসকললৈকে সকলোৱে পোনপটীয়াভাৱে লাভৱান হ’ব।

কোনবোৰ সামগ্ৰী সস্তা হ’ব?

ব্ৰিটেইনৰ পৰা ভাৰতলৈ আমদানি কৰা কেইবাটাও সামগ্ৰীৰ ওপৰত আমদানি শুল্ক (Import Duty) হ্ৰাস পাব, যাৰ ফলত এইবোৰৰ মূল্য কম হ’ব:

  • চকলেট, বিস্কুট আৰু প্ৰসাধন সামগ্ৰী (Cosmetics): এই সামগ্ৰীসমূহৰ ওপৰত থকা কৰ কম কৰা হ’ব। কছমেটিক্সৰ ওপৰত থকা কৰ সম্পূৰ্ণৰূপে আঁতৰাই দিয়া হ’ব।
  • স্কচ হুইস্কি (Scotch Whisky) আৰু জিন (Gin): বৰ্তমান ভাৰতত স্কচ হুইস্কিৰ ওপৰত ১৫০% পৰ্যন্ত আমদানি শুল্ক আছে। নতুন চুক্তি অনুসৰি ইয়াক প্ৰথম পৰ্যায়ত ৭৫% আৰু পৰৱৰ্তী ১০ বছৰত ৪০% লৈ হ্ৰাস কৰা হ’ব।
  • ব্ৰিটিছ গাড়ী আৰু বৈদ্যুতিক বাহন (EV): ব্ৰিটেইনৰ দামী গাড়ী আৰু ইভি (EV)ৰ ওপৰত থকা ১১০% কৰ পৰ্যায়ক্ৰমে মাত্ৰ ১০% লৈ হ্ৰাস কৰা হ’ব।

ভাৰতীয় উদ্যোগ আৰু ব্যৱসায়ীসকল কেনেকৈ লাভবান হ’ব?

  • শুল্কহীন ৰপ্তানি: এই চুক্তিৰ অধীনত ভাৰতে ইয়াৰ প্ৰায় ৯৯% সামগ্ৰী কোনো ধৰণৰ আমদানি কৰ নিদিয়াকৈ ব্ৰিটেইনলৈ ৰপ্তানি কৰিব পাৰিব।
  • লাভান্বিত হ’বলগীয়া খণ্ডসমূহ: কাপোৰ (Textiles), পাদুকা (Footwear), চামৰাৰ সামগ্ৰী, ৰত্ন আৰু আ অলংকাৰ (Gems & Jewellery), সাগৰীয় খাদ্য (Seafood), প্লাষ্টিক, খেলনা আৰু অটো পাৰ্টছ (Auto parts) উদ্যোগ আটাইতকৈ বেছি লাভান্বিত হ’ব।

কৃষক আৰু দুগ্ধ শিল্পৰ সুৰক্ষা:

ভাৰত চৰকাৰে দেশৰ থলুৱা কৃষক আৰু দুগ্ধ উৎপাদনকাৰীসকলক সুৰক্ষিত কৰিবলৈ গাখীৰ আৰু দুগ্ধজাত সামগ্ৰী, চেনি, চাউল, আপেল, কুকুৰা আৰু কণী আদি সামগ্ৰীসমূহক এই মুক্ত বাণিজ্য চুক্তিৰ আওতাৰ পৰা বাহিৰত ৰাখিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে এই চুক্তিয়ে ভাৰতৰ খেতিয়ক, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ (MSME) আৰু ষ্টাৰ্টআপসমূহৰ বাবে নতুন সুযোগৰ দুৱাৰ মুকলি কৰিব আৰু ‘বিকশিত ভাৰত ২০৪৭’ৰ লক্ষ্যত উপনীত হোৱাত বিশেষভাৱে সহায় কৰিব। ২০৪০ চনৰ ভিতৰত দুয়োখন দেশৰ মাজত ব্যৱসায় প্ৰায় ৩৯% বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটী ৰিং ৰোডৰ অধীনত যোৰাবাটৰ বান নিয়ন্ত্ৰণৰ বাবে ১৫০ কোটি টকীয়া প্ৰকল্প ঘোষণা

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে অসম বিধানসভাৰ...

ইউক্ৰেইনত পাৰমাণৱিক আক্ৰমণ কৰিব খুজিছিল পুটিনে, বাধা দিলে প্ৰধানমন্ত্ৰী মোদীয়ে: পোলেণ্ডৰ মন্ত্ৰীৰ ডাঙৰ দাবী

পোলেণ্ডৰ উপ-বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ৱ্লাডিছল' টিওফিল বাৰ্ট'চেভস্কিয়ে (Wladyslaw Teofil...

কিমানগৰাকী ভাৰতীয়ৰ হাতত পাছপ’ৰ্ট আছে? নাগৰিকত্বৰ বিতৰ্কৰ মাজতে স্পষ্ট কৰিলে MEAয়ে

পাছপ’ৰ্ট নাগৰিকত্বৰ নথি নহয়, ই কেৱল ভ্ৰমণৰ বাবেহে: বৈদেশিক...

AC নোহোৱাকৈয়ে কমাব পাৰিব কোঠাৰ ভিতৰৰ আৰ্দ্ৰতা: ঘৰখনক আৰামদায়ক কৰি ৰাখিবলৈ কিছু সহজ টিপছ

বৰ্ষাকাল বা বাৰিষাৰ আগমন নিশ্চয়কৈ এক সকাহজনক খবৰ। কিন্তু...