আমাৰ মৰমৰ ঘৰখনত এতিয়া কোবাল সোঁত বৈ আছে ব্ৰহ্মপুত্ৰৰ, মাইজানৰ বেদনা শুনিব কোনে?

সেই তাতে আছিল আমাৰ সপোনৰ ঘৰখন, আমাৰ মৰমৰ ঘৰখনত এতিয়া কোবাল সোঁত বৈ আছে ব্ৰহ্মপুত্ৰৰ। ওপৰত বৰষুণ, তলত বোকা, মথাউৰিয়ে এতিয়া আশ্ৰয়স্থল মাইজানৰ জনতাৰ। জুপৰি সাজি এইদৰে আৰু কিমানদিনলৈ?

এই মথাউৰিয়ে এতিয়া তেওঁলোকৰ শেষ আশা ভৰসা। ইতিমধ্যে নদীৰ খহনীয়াই লৈ গ’ল তেওঁলোকৰ সকলো। নদীৰ বুকুত বিলীন হ’ল ঘৰ মাটি পোহনীয়া জীৱ জন্তু। হাতৰ কাষতে পোৱা এপদ দুপদ সম্পদ লৈ এইদৰে আশ্ৰয় লৈছে এই মঠাউৰীতে তেওঁলোকে। খাদ্য, খোৱাপানীৰ অভাৱৰ বাবে সমস্যাৰ কৱলত এতিয়া তেওঁলোক। মাইজানৰ বিননি শুনিব কোনে?

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নেপালত হিমস্খলনৰ ভয়ংকৰ তাণ্ডৱ! ৪ জনৰ মৃত্যু, সন্ধানহীন ১২জন

নেপালৰ উত্তৰ-মধ্যাঞ্চলৰ ৭,১২৬ মিটাৰ উচ্চতাৰ মাউণ্ট হিমলুংত ভয়ংকৰ হিমস্খলনত...

ৰেংকিঙৰ জোৰত এছিয়ান গেমছৰ ছেমিফাইনেলত ভাৰত

এটা বলো নোহোৱাকৈয়ে এছিয়ান গেমছ ২০২৬ৰ ক্ৰিকেটৰ কোৱাৰ্টাৰ ফাইনেলৰ...

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...