মুষলধাৰ বৃষ্টিত মধ্যপ্ৰাচ্যৰ বিভিন্ন স্থানত বানপানী

বানৰ গ্ৰাসত মৰুভূমি
মুষলধাৰ বৃষ্টিত মধ্যপ্ৰাচ্যৰ বিভিন্ন স্থানত বানপানী
বানৰ গ্ৰাসত ওমানত উটি গ’ল ১৮ গৰাকী লোক
উটি যোৱা লোকৰ ভিতৰত আছে ৯ গৰাকী ছাত্ৰ-ছাত্ৰী
বিশ্বৰ অন্যতম ব্যস্ত ডুবাই বিমানবন্দৰত বিমানযাত্ৰা ব্যাহত
ডুবাই মহানগৰৰো বিভিন্ন পথ ডুব গ’ল কৃত্ৰিম বানত

মৰুভূমিৰ প্ৰান্ত মধ্যপ্ৰাচ্যৰ দেশসমূহত বৰষুণ হয় অতি কিঞ্চিত পৰিমাণে। বৰষুণ নোহোৱা বাবেই এই দেশসমূহ হৈ পৰিছে মৰুভূমিৰ দেশ। কিন্তু প্ৰতিকূল প্ৰকৃতিয়ে এইবাৰ দেখুৱাইছে ব্যতিক্ৰম। যোৱা দুদিন ধৰি মুষলধাৰ বৃষ্টিত উটি-ভাঁহি গৈছে মধ্যপ্ৰাচ্যৰ বিভিন্ন চহৰ। মধ্যপ্ৰাচ্যৰ এখন দেশ ওমানৰ ৰাজধানী মস্কটত প্ৰলয়ংকৰী বানে বিঘ্নিত কৰে মহানগৰখনৰ জীৱনযাত্ৰা। বিশেষকৈ বৰষুণৰ পানী ওলাই যাব পৰা নলা-নৰ্দমা নথকাৰ ফলত বানে সৃষ্টি কৰে প্ৰলয়। যোৱা দেওবাৰে বৰষুণৰ ফলত সৃষ্ট বানে এখন স্কুলবাছ উটুৱাই নিয়াৰ ফলত বাছচালক আৰু ৯ গৰাকী কণ কণ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি ঘটে।

বৰষুণৰ বাবে দুদিন ধৰি বন্ধ মস্কট, ডুবাইৰ শিক্ষানুষ্ঠান, চৰকাৰী কাৰ্যালয়
মঙলবাৰে ডুবাইত ১২৮ মিলিমিটাৰ পৰ্যন্ত বৰষুণ
পানীৰে আবদ্ধ হৈ পৰাত বিমানযাত্ৰা বিঘ্নিত ডুবাই বিমানবন্দৰত
বাহৰেইন, কাটাৰ, ছৌদি আৰবো জৰ্জৰিত মুষলধাৰ বৃষ্টিত

সংযুক্ত আৰব গণৰাজ্যৰ বাণিজ্যিক ৰাজধানী ডুবাইতো যোৱা দুদিন ধৰি হোৱা বৰষুণে ব্যাপক প্ৰভাৱ পেলায়। বিশ্বৰ অন্যতম ব্যস্ত ডুবাই বিমানবন্দৰ পানীৰে আবদ্ধ হৈ পৰাৰ ফলত বাতিল হয় বহু বিমানৰ যাত্ৰা। আন বহু বিমানৰ যাত্ৰাৰ সালসলনি কৰিবলগীয়া হয়।

প্ৰখ্যাত ডুবাই মল, মল অব এমিৰেটছো ডুব যায় কৃত্ৰিম বানপানীত
ডুবাইৰ বহু বাট-পথ ডুব যায় বৰষুণৰ পানীত
গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে বৰষুণ, বানৰ পূৰ্বানুমান দিছিল বতৰ বিজ্ঞান বিভাগে
ডুবাইত অনুষ্ঠিত হ’বলগীয়া এছিয়ান চেম্পিয়নশ্বিপ লীগ ফুটবলো বাতিল

মধ্যপ্ৰাচ্যৰ বাবে এনে প্ৰচণ্ড বৰষুণ এক নোহোৱা-নোপোজা ঘটনাৰূপে চিহ্নিত হৈছে। এনেধৰণৰ অসচৰাচৰ বৰষুণৰ বাবে মধ্যপ্ৰাচ্য সাজু হৈ নথকাত বানৰ ফলত দেশ কেইখনত ক্ষয়-ক্ষতি যথেষ্ট হৈছে। বুধবাৰে বৰষুণ শাম কাটিছে যদিও পুনৰ গাজনী-ঢেৰেকণিৰে বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে দেশখনৰ বতৰ বিজ্ঞানে।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...