প্ৰৱল বানৰ গ্ৰাসত আফগানিস্তান

মুষলধাৰ বৃষ্টিৰ পিছত কেইবাখনো প্ৰদেশত বানৰ তাণ্ডৱ
অকল বাঘলানতেই ২ শতাধিক লোকৰ মৃত্যু
বানৰ প্ৰকোপত দেশখনৰ আন্তঃগাঁথনিৰো ব্যাপক ক্ষতি

শুকুৰবাৰে হোৱা প্ৰচুৰ বৰষুণৰ ফলত সৃষ্ট বানপানীয়ে হাহাকাৰ সৃষ্টি কৰিছে তালিবান শাসিত আফগানিস্তানত। বানৰ প্ৰকোপত কেইবাখনো প্ৰদেশ ক্ষতিগ্ৰস্ত হোৱাৰ বাতৰি আহিছে। ৰাষ্ট্ৰসংঘৰ সংগঠন ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন ফৰ মাইগ্ৰেশ্যনৰ তথ্য অনুসৰি এই বৰষুণৰ ফলত কেইবাখনো প্ৰদেশত বানপানীয়ে তাণ্ডৱ সৃষ্টি কৰিছে। আফগানিস্তানৰ বাঘলান প্ৰদেশত হাহাকাৰ সৃষ্টি কৰিছে এই বানে।

বানৰ ফলত বাঘলানৰ জডিদ জিলাৰ ২ সহস্ৰাধিক লোকৰ ঘৰ ধ্বংসপ্ৰাপ্ত
জিলাখনত ১০০ৰো অধিক লোকৰ পানী ডুবি মৃত্যু
তালিবান চৰকাৰৰ মতে শুকুৰবাৰে নিশাই ৬২ গৰাকী লোকৰ মৃত্যু
হঠাৎ হোৱা বানৰ ফলত তাখাৰ প্ৰদেশত ২০জনৰো অধিকৰ মৃত্যুৰ বাতৰি

আফগানিস্তানৰ শুস্ক শীতকালৰ ফলত মাটিয়ে পানী শুহিব নোৱৰাৰ ফলত বানৰ প্ৰকোপ বৃদ্ধি পোৱা বুলি চৰকাৰী সূত্ৰই জানিবলৈ দিছে। ৪ দশকজোৰা গৃহযুদ্ধত বিধ্বস্ত আফগানিস্তান বিশ্বৰ অন্যতম দৰিদ্ৰ দেশ হিচাপে চিহ্নিত। এনেধৰণৰ প্ৰাকৃতিক দুৰ্যোগৰ মোকাবিলা কৰাৰ বাবে আফগানিস্তান সাজু নহয় বুলি ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰিছে। বানত মৃত্যুৰ সংখ্যা আৰু বাঢ়িব বুলি আশংকা কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

2 COMMENTS

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...