প্ৰৱল বানৰ গ্ৰাসত আফগানিস্তান

মুষলধাৰ বৃষ্টিৰ পিছত কেইবাখনো প্ৰদেশত বানৰ তাণ্ডৱ
অকল বাঘলানতেই ২ শতাধিক লোকৰ মৃত্যু
বানৰ প্ৰকোপত দেশখনৰ আন্তঃগাঁথনিৰো ব্যাপক ক্ষতি

শুকুৰবাৰে হোৱা প্ৰচুৰ বৰষুণৰ ফলত সৃষ্ট বানপানীয়ে হাহাকাৰ সৃষ্টি কৰিছে তালিবান শাসিত আফগানিস্তানত। বানৰ প্ৰকোপত কেইবাখনো প্ৰদেশ ক্ষতিগ্ৰস্ত হোৱাৰ বাতৰি আহিছে। ৰাষ্ট্ৰসংঘৰ সংগঠন ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন ফৰ মাইগ্ৰেশ্যনৰ তথ্য অনুসৰি এই বৰষুণৰ ফলত কেইবাখনো প্ৰদেশত বানপানীয়ে তাণ্ডৱ সৃষ্টি কৰিছে। আফগানিস্তানৰ বাঘলান প্ৰদেশত হাহাকাৰ সৃষ্টি কৰিছে এই বানে।

বানৰ ফলত বাঘলানৰ জডিদ জিলাৰ ২ সহস্ৰাধিক লোকৰ ঘৰ ধ্বংসপ্ৰাপ্ত
জিলাখনত ১০০ৰো অধিক লোকৰ পানী ডুবি মৃত্যু
তালিবান চৰকাৰৰ মতে শুকুৰবাৰে নিশাই ৬২ গৰাকী লোকৰ মৃত্যু
হঠাৎ হোৱা বানৰ ফলত তাখাৰ প্ৰদেশত ২০জনৰো অধিকৰ মৃত্যুৰ বাতৰি

আফগানিস্তানৰ শুস্ক শীতকালৰ ফলত মাটিয়ে পানী শুহিব নোৱৰাৰ ফলত বানৰ প্ৰকোপ বৃদ্ধি পোৱা বুলি চৰকাৰী সূত্ৰই জানিবলৈ দিছে। ৪ দশকজোৰা গৃহযুদ্ধত বিধ্বস্ত আফগানিস্তান বিশ্বৰ অন্যতম দৰিদ্ৰ দেশ হিচাপে চিহ্নিত। এনেধৰণৰ প্ৰাকৃতিক দুৰ্যোগৰ মোকাবিলা কৰাৰ বাবে আফগানিস্তান সাজু নহয় বুলি ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰিছে। বানত মৃত্যুৰ সংখ্যা আৰু বাঢ়িব বুলি আশংকা কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

2 COMMENTS

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...