১ এপ্ৰিলৰ পৰা প্ৰচণ্ড গৰমে দহিব দেশক, এইকেইখন ৰাজ্যত হ’ব উৎকট গৰম!

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে সৰ্তকবাণী জাৰি কৰিছে । ১ এপ্ৰিলৰ পৰা উত্তৰ-পশ্চিম, মধ্য আৰু পশ্চিম ভাৰতত প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে । মাৰ্চ মাহতে ৰাজধানী দিল্লীকে ধৰি দেশৰ কেইবাখনো ৰাজ্যত মে-জুন মাহৰ গৰম অনুভৱ কৰিবলৈ লৈছে দেশবাসীয়ে । দেশৰ বতৰ বিজ্ঞানীসকলে অৱগত কৰে যে অনাগত দিনবোৰত দেশবাসীয়ে আৰু অধিক গৰমৰ সন্মুখীন হ’ব। গুজৰাট, হিমাচল প্ৰদেশ আৰু কচ্ছত গ্ৰীষ্ম প্ৰবাহ হোৱাৰ সম্ভাৱনা আছে । দক্ষিণ হাৰিয়ানা, দক্ষিণ উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড, ওড়িশা, পশ্চিম বংগ, পূব মধ্য প্ৰদেশৰ উত্তৰ অংশ, উত্তৰ মধ্য মহাৰাষ্ট্ৰ আৰু মাৰাঠাৱাড়াত তাপ প্ৰবাহে চুই যোৱাৰ সতৰ্কবাণী। ইয়াৰ লগতে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অবগত কৰে যে পৰৱৰ্তী দিনত মহাৰাষ্ট্ৰত ২-৩ ডিগ্ৰী চেলচিয়াছ তাপমাত্ৰা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

৩ খন সফল আই পি এল মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ এ চি এৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

গুৱাহাটীৰ এচিএ ষ্টেডিয়ামত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ তিনিখন খেলৰ সফল...

গুৱাহাটীত অষ্টম পুৰুষ-মহিলা ৰাষ্ট্ৰীয় যুৱ বক্সিং চেম্পিয়নশ্বিপ

দেশৰ ৩৩ খন ৰাজ্যৰ প্ৰায় আঠশ খেলুৱৈ, প্ৰশিক্ষক, কাৰিকৰী...

অধিনায়ক ৰিয়ানৰ সাহসে নিৰ্ভীক কৰিছে দলক: শ্বেন বণ্ড

‘যি ৰণনীতিৰে আমি ছিজনৰ আৰম্ভণি কৰিছিলো সেয়া প্ৰথম তিনিখন...