গৰমে দহিছে ইউৰোপ, গৰমত অতিষ্ঠ মানুহে আশ্ৰয় লৈছে পানীৰ

সমগ্ৰ ইউৰোপক দহিছে অভূতপূৰ্ব উষ্ণ প্ৰবাহে। গৰমত অতিষ্ঠ মানুহে আশ্ৰয় লৈছে পানীৰ। ঘৰৰ ছাদত আইনাৰে তৈয়াৰ কৰা চুইমিং পুলত নিজকে ডুবাই ৰাখিছে একাংশই, আন এচামে আশ্ৰয় লৈছে চুইমিং পুলত।

নিজৰ সকলো কাম–কাজ এৰি মানুহে এনেদৰে দিনটো অতিবাহিত কৰিবলগীয়া হৈছে পুলৰ পানীত। অকল ৰুফটপ চুইমিং পুলেই নহয়, মাটিত বা ইণ্ডোৰ ষ্টেডিয়ামত নিৰ্মিত চুইমিং পুলত এতিয়া দেখা গৈছে মানুহৰ ভিৰ।

একেদৰে সমুদ্ৰ তীৰতো সমবেত হৈছে হাজাৰ হাজাৰ মানুহ। লক্ষ্যণীয়ভাৱে সাধাৰণতে ইউৰোপ মহাদেশ এক ঠাণ্ডা ভূখণ্ড যদিও, কেতিয়াবা কেতিয়াবা গৰমে ইয়াত ঘাতক ৰূপ ধাৰণ কৰে।

আনহাতে ঠাণ্ডাৰ লগত অধিক অভ্যস্ত ইউৰোপবাসীয়ে সহ্য কৰিব নোৱাৰে গৰমৰ প্ৰকোপ।

সেয়ে তেওঁলোকে এনেকুৱা গৰমৰ দিনত আশ্ৰয় ল’ব লগা হয় পানীৰ, সাগৰ বা চুইমিং পুলৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...