বাংলাদেশৰ আম কূটনীতি, ১২ কুইণ্টল আম্ৰপালি আম লৈ দিল্লীলৈ বিদেশ মন্ত্ৰী

বিগত বৰ্ষৰ নিচিনাকৈ এইবছৰো বাংলাদেশৰ আম কূটনীতি। ৰামনাথ কোবিন্দ, নৰেন্দ্ৰ মোদীলৈ আম পঠিয়ালে শ্বেখ হাছিনাই। ১২ কুইণ্টল আম্ৰপালি আম পঠোৱা হৈছে উভয়লৈকে। ৰাষ্ট্ৰপতি ভৱন, প্ৰধানমন্ত্ৰীৰ বাসভৱনে ইতিমধ্যে লাভ কৰিছে আমখিনি, নতুন দিল্লীস্থ বাংলাদেশ দূতাবাসে লৈছে এইক্ষেত্ৰত তত্বাৱধান।

বিগত বৰ্ষতো এনেদৰে আম পঠিয়াইছিল হাছিনাই। ভাৰতৰ ৰাষ্ট্ৰপতিৰ লগতে সুমিষ্ট আম পঠোৱা হৈছিল অসম, পশ্চিমবংগ আৰু ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীলৈকো। আম্ৰপালি আমৰ উপৰি যোৱা বছৰ পঠোৱা হৈছিল বিখ্যাত হাড়িভাঙা আম। আজি দিল্লীলৈ আহিব বাংলাদেশৰ বিদেশ মন্ত্ৰী ড০ এ কে আব্দুল মোমেন। দেওবাৰে দিল্লীত ভাৰত-বাংলাদেশ জইণ্ট কনছালটেটিভ কমিটীৰ বৈঠক অনুষ্ঠিত হ’ব ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...