সামাজিক মাধ্যমত ‘I LOVE ULFA’ লিখি আৰক্ষীৰ জালত মৰাণৰ এগৰাকী যুৱতী

সামাজিক মাধ্যমত নিষিদ্ধ ঘোষিত সংগঠন আলফা(স্বা)লৈ মুকলি সমৰ্থন কৰি আৰক্ষীৰ জালত মৰাণৰ এগৰাকী ২৩ বছৰীয়া যুৱতী বক্সিং খেলুৱৈ। যুৱতীগৰাকী মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত ৰাইদঙীয়া গাঁৱৰ পদ্ম চুতীয়াৰ কন্যা মাইনা চুতীয়া ওৰফে প্ৰনিতা। শনিবাৰে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰা অহা আৰক্ষীয়ে মৰাণহাট আৰক্ষীৰ সহযোগত আতক কৰে যুৱতীগৰাকীক। উল্লেখযোগ্য যে যোৱা কিছুদিনৰ পুৰ্বে সামাজিক মাধ্যম অৰ্থাৎ ফেচবুকৰ কমেণ্টত মাইনা চুতীয়াই “আলফাৰ লিংক পালে মইও যাম, আই লভ আলফা” বুলি লিখিছিল। তাৰ ভিত্তিত চৰাইদেউ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ এটা দলে মৰাণহাট আৰক্ষীথানাত গোচৰ ৰুজু কৰি আটক কৰে মাইনা চুতীয়াক। সম্প্ৰতি মাইনা চুতীয়াক সোধ পোচ আৰম্ভ কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...