ডায়েবেটিচ ৰোগৰ বাবে মহৌষধ মেথিগুটি!

মেথিগুটিৰ বিভিন্ন উপকাৰী গুণ আছে। গোটেই বিশ্বতে বহুলভাৱে ব্যৱহৃত হোৱা এবিধ মচলা হৈছে মেথি। বিভিন্ন ব্যঞ্জনত উপকৰণ হিচাপে ব্যৱহাৰ হোৱা মেথি বহু ঔষধি গুণেৰে ভৰপূৰ। প্ৰাচীন কালৰে পৰা বিশ্বৰ বিভিন্ন দেশত মেথিক বনৌষধি হিচাপে ব্যৱহাৰ কৰি অহা হৈছে। ইথিঅ’পিয়াত মেথিগুটিক ডায়েবেটিচ ৰোগৰ বনৌষধি হিচাপে ব্যৱহাৰ কৰা হয়। ঠিক তেনেদৰে আয়ুর্বেদ শাস্ত্ৰত বিভিন্ন ৰোগ নিৰাময়ত মেথি গুটিৰ ব্যৱহাৰ উল্লেখ আছে। মেথি গুটিত ভিটামিন এ, বিভিন্ন প্ৰকাৰৰ ভিটামিন বি যৌগ, ভিটামিন কে, পটাছিয়াম, কেলছিয়াম, আইৰন, মেগনেছিয়াম, মেংগানিজ, জিংক আদি পোৱা যায় বাবে মেথিগুটি বহু ৰোগৰ বাবে উপকাৰী। ডায়েবেটিচ ৰোগত মেথিগুটি ব্যৱহাৰ কৰিলে উৎকৃষ্ট ফল পোৱা যায়।

দৈনিক খাদ্য তালিকাত যদি অলপ হ’লেও মেথিগুটি থাকে, তেতিয়া ই ডায়েবেটিচ ৰোগ হোৱাত বাধা দিয়ে। এচামুচ মেথিগুটি এগিলাচ পানীত গোটেই ৰাতি তিয়াই ৰাখক। পাছদিনা খালী পেটতে পানী গিলাচ খাওক। উচ্চ ৰক্তচাপ, কলেষ্টৰল, নিয়ন্ত্রণ কৰাত মেথিগুটি উপকাৰী। চুলিৰ স্বাস্থ্য ৰক্ষাত মেথিৰ ব্যৱহাৰ অতি চমৎকাৰী। উফি, চুলি সৰা আদি বিভিন্ন সমস্যাত মেথিৰ ব্যৱহাৰ কৰিলে সুফল পোৱা যায়। মেথি গুটি পিচি পেষ্ট বনাই চুলিৰ গুড়িত ২০ মিনিটমান লগাই থওক। তাৰ পাছত চেম্পু কৰি ধুই দিয়ক। এনেকৈ সপ্তাহত এবাৰ ব্যৱহাৰ কৰক। কোষ্ঠকাঠিন্য, বদহজম, এচিডিটি সমস্যাত মেথিশাক বা মেথিগুটি খালে সুফল পোৱা যায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...