তিতাবৰত নিৰ্বাচনী হিংসা! কংগ্ৰেছৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

নিশা তিতাবৰত সংঘটিত হয় নিৰ্বাচন কেন্দ্ৰিক হিংসাত্মক ঘটনা। ৯নং জালুকণিবাৰী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী পোনেশ্বৰ শইকীয়াৰ গুণ্ডা বাহিনীয়ে আক্ৰমণ কৰিলে নিৰ্দলীয় প্ৰাৰ্থী মঞ্জিত শইকীয়াৰ বাহনত।

সোমবাৰে ঘোষণা হোৱা ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদীয় নিৰ্বাচনৰ ফলাফলত পৰাজিত হৈছিল কংগ্ৰেছ প্ৰাৰ্থী পোনেশ্বৰ শইকীয়া। সেই সমষ্টিটোত জয় লাভ কৰে বিজেপি প্ৰাৰ্থী। নিৰ্দলীয় প্ৰাৰ্থী মঞ্জিত শইকীয়াৰ বাবে পোনেশ্বৰ শইকীয়াই পৰাজয়বৰণ কৰা বুলি আক্ৰমণৰ লক্ষ্য কৰি লয় নিৰ্দলীয় প্ৰাৰ্থীজনক। মঞ্জিত শইকীয়াৰ বাহনত আক্ৰমণ কৰাৰ উপৰিও বাসগৃহত গৈও গালি গালাজ কৰা অভিযোগ কংগ্ৰেছৰ গুণ্ডাবাহিনীৰ বিৰুদ্ধে।

কেৱল ইমানেই নহয়, মঞ্জিত হাজৰিকাৰ বাহন চালককো আক্ৰমণ কৰে গুণ্ডাবাহিনীয়ে। ঘৰলৈ গৈ থকা অৱস্থাত চালকজনক আগভেটি ধৰি কৰে আক্ৰমণ। ইতিমধ্যে জালুকণিবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে নিৰ্দলীয় প্ৰাৰ্থী মঞ্জিত শইকীয়াই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

AC নোহোৱাকৈয়ে কমাব পাৰিব কোঠাৰ ভিতৰৰ আৰ্দ্ৰতা: ঘৰখনক আৰামদায়ক কৰি ৰাখিবলৈ কিছু সহজ টিপছ

বৰ্ষাকাল বা বাৰিষাৰ আগমন নিশ্চয়কৈ এক সকাহজনক খবৰ। কিন্তু...

প্ৰধানমন্ত্ৰী মোদী বিশ্বৰ অন্যতম শক্তিশালী নেতা: ২০১৯ৰ MAN vs WILDৰ স্মৃতি ৰোমন্থন বিয়েৰ গ্ৰিলছৰ

ব্ৰিটেইনৰ প্ৰখ্যাত দুঃসাহসী অভিযাত্রী তথা জনপ্ৰিয় দূৰদৰ্শন ব্যক্তিত্ব বিয়েৰ...