বিটত থকা আচৰিত পুষ্টিগুণবোৰ জানেনে?

বিট শীতকালীন পাচলি যদিও বছৰৰ সকলো সময়তে বজাৰত বিট পোৱা পোৱা যায়। বিটত প্ৰচুৰ পৰিমাণে আইৰণ, কেলছিয়াম, মেগনেছিয়াম, ভিটামিন-এ আদি উপাদান পোৱা যায়। ৰক্তহীনতা, ডায়েবেটিছ, উচ্চ ৰক্তচাপ, থাইৰয়ড আদি সমস্যাৰ বাবে বিট অতি উপকাৰী। বিট নিয়মিয়াকৈ খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়ে। ৰক্তহীনতাৰ সমস্যা দূৰ হয়, হাড়ৰ গঠন মজবুত হয়। লগতে মেদবহুলতা কম কৰে। বিটে হজম শক্তি বঢ়ায়, কোষ্ঠকাঠিন্যতাৰ সমস্যা দূৰ কৰে। চকু আৰু ছালৰ বাবেও উপকাৰী বিট। বিটে মস্তিষ্কৰ ৰক্ত সঞ্চালন সঠিকভাবে ৰখা, স্মৃতি শক্তি বৃদ্ধি, মানসিক অৱসাদ দূৰ কৰাত সহায় কৰে। ডায়েবেটিছ ৰোগীয়ে নিয়মিয়াকৈ বিটৰ ৰস সেৱন কৰিলে তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণ হয়। নিয়মিয়াকৈ বিটৰ ৰস খালে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ হয়। বিটৰ ৰসে তেজৰ পৰা দূষিত পদাৰ্থ শোধন কৰাত লিভাৰক সহায় কৰে। জণ্ডিচ, ডায়েৰিয়া আদি সমস্যাৰ পৰা উপশমৰ বাবেও বিটৰ ৰস উপকাৰী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...