গুড় খালে দূৰ হয় কি কি ৰোগ?

গুড় কুঁহিয়াৰৰ পৰা প্ৰাকৃতিকভাৱে তৈয়াৰ কৰা হয়। বহুলোকে খাদ্যসামগ্ৰী হিচাপে গুড় ব্যৱহাৰ কৰা হয়। বিভিন্ন ধৰণৰ জা-জলপাণ, পিঠা-পনাত গুৰ ব্যৱহাৰ কৰা দেখা যায়। সাধাৰণতে গ্ৰামাঞ্চলৰ লোক সকলে বেছিকৈ গুড় ব্যৱহাৰ কৰে যদিও আজিকালি স্বাস্থ্যবৰ্ধক গুণাগুণেৰে সমৃদ্ধ হোৱাৰ বাবে চহৰাঞ্চলৰ লোকেও খাদ্য হিচাপে গুড়ৰ ব্যৱহাৰ কৰে। গুড়ৰ গুণাগুণৰ বিষয় আপুনি জানেনে

Pros and cons of jaggery | Femina.in
  • গুড়ত চুক্ৰজ আৰু গ্লুকজ পোৱা যায়,যি শৰীৰ সঞ্চালিত কৰিবলৈ আৱশ্যকীয় খনিজ পদাৰ্থ তথা খাদ্যপ্ৰাণৰ এক ভাল উৎস । চেলেনিয়ামৰ লগতে এণ্টি অক্সিডেণ্ট হিচাপেও গুড়ৰ এক বিশেষ ভূমিকা আছে ।
  • গুড়ত মেগনেছিয়াম যথেষ্ট পৰিমাণে পোৱা যায়,যি শৰীৰৰ মাংসপেশী,স্নায়ুআৰু ৰক্তবাহিকাবিলাকৰ অৱসাদ দূৰ কৰে ।
  • নিয়মীয়া আহাৰ গ্ৰহণ কৰাৰ পাছত অকণমান গুড় খাব পাৰিলে শৰীৰৰ পাচন প্ৰক্ৰিয়া সুগম হৈ পৰে ।
Chakki Gud : 1 Kg - Tejarati
  • ৰক্তহীনতা ৰোগত ভুক্তভোগী ব্যক্তিসকলৰ বাবে গুড় বিশেষভাৱে উপকাৰী । ই শৰীৰত কমি যোৱা হিমগ্লবিমৰ পৰিমাণ বৃদ্ধি কৰাত সহায় কৰে ।
  • গুড়ে কাহ, হাপানী, অজীৰ্ণ, মাইগ্ৰেন তথা ইয়াৰ দৰে অনেক স্বাস্থ্যজনিত সমস্যাৰ লগত যুঁজিবলৈ সহায় কৰে । শাৰীৰিক দূৰ্বলতাৰ সময়ত ই সোনকালে শক্তি প্ৰদান কৰে ।
  • উপৰোক্ত গুণাগুণসমূহৰ উপৰিও গুড়ে উচ্চ বায়ু প্ৰদূষণযুক্ত এলেকাত থকা ব্যক্তিসকলক এনে প্ৰদূষণৰ দ্বাৰা হ’ব পৰা স্বাস্থ্যজনিত সমস্যাৰ লগত যুঁজিবলৈ শক্তি প্ৰদান কৰে । এনেস্থলত গুড়ক খাদ্যসামগ্ৰীতকৈএক বহোপযোগী ঔষধৰ স্থানহে দিব পাৰি ।

NKTV Digital
Author: NKTV Digital

62 COMMENTS

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...