আদাৰ উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?

আমি খাদ্যসমূহত আদাক মচলা হিচাপে ব্যৱহাৰ কৰো। আদাৰ সংমিশ্ৰণে খাদ্যসমূহ সোৱাদযুক্ত হৈ পৰে। কিন্তু আপুনি ব্যৱহাৰ কৰা আদাৰ উপকাৰিতাৰ বিষয়ে আপুনি কিমান জানে? আদাৰ টুকুৰা বা ৰসৰ সৈতে নিমখ মিহলাই সেৱন কৰিলে বমিভাৱ নোহোৱা হয়৷ আদা, ক’লা নিমখ, নেমুৰ ৰস একেলগে খালে পেটৰ গেছ আৰু অজীৰ্ণ নিৰাময় হয়৷ দুকাপ পানীত দুই ইঞ্চি আকাৰৰ আদাৰ টুকুৰা উতলোৱা পানী খালে বুকুৰ জ্বলাপূৰা, এচিডিটি আতৰ হয়৷ গৰ্ভৱতী মহিলাৰ পুৱাবেলা হোৱা বমিভাৱ (Morning sickness ) নিৰাময়ত আদা হ’ল উপকাৰী৷ মহিলাৰ মাহেকীয়াৰ সময়ত হোৱা বিষ (ডিচমেনৰিয়া) উপশম ঘটায়। বৃহৎ আন্ত্ৰৰ (ক’লনৰ) কৰ্কট ৰোগত সুৰক্ষা আগবঢ়ায়৷ স্তনৰ কেঞ্চাৰ, পেনক্ৰিয়াচৰ কেঞ্চাৰ আৰু অভেৰিৰ কেঞ্চাৰ প্ৰতিৰোধ কৰে বুলি বিজ্ঞানীসকলে ঠাৱৰ কৰিছে৷

Ginger and Diabetes - Effect on Glycemic Control, Cataracts & Insulin  Secretion

এন্টিইনফ্লেমেটৰি গুণৰ বাবে আদাই গাঁঠিৰ আৰু হাঁড়ৰ বিষ কমায়৷ নানা ধৰণৰ বাত আৰু অ’ষ্টিঅ’আৰ্থাইটিচৰ চিকিৎসাত আদা খাবলৈ আৰু ইয়াৰ তেল মালিশ কৰিব পৰামৰ্শ দিয়া হয়৷ দৈনিক ২গ্ৰাম আদা দহবাৰ দিনলৈ খালে মাংসপেশীৰ বিষ নিৰাময় হয়৷ আদাৰ ৰসৰ সৈতে নেমুৰ ৰস মিহলাই সেৱন কৰিলে মেদবহুলতা আতৰ হয়৷ নিয়মীয়া আদাৰ সেৱন কৰিলে অপকাৰী কলেষ্টেৰল আৰু ট্ৰাইগ্লিচাৰাইডৰ পৰিমাণ হ্ৰাস পায়৷ তেজৰ নলীত চৰ্বি জমা হব নিদিয়ে৷ আদাই মুখৰ অপকাৰী বেক্টেৰিয়া বিনাশ কৰে৷ দাঁতৰ আৰু মুখৰ দূৰ্গন্ধ দূৰ কৰাত আদা সহায়ক৷ যিকোনো শাৰীৰিক দূৰ্বলতা আৰু মানসিক অৱসাদ আদাৰ ৰস খালে আতৰ হয়৷ শৌচ কচা আতৰাবলৈ আদা,আজৱাইন, নেমুৰ ৰস ক’লা নিমখ মিহলাই খালে উপকৃত হয়৷ পাইলচৰ ৰোগীৰ বাবে আদা উপকাৰী, কিয়নো ই শৌচ খোলোচা কৰাত সহায় কৰে৷ আদাৰ প্ৰলেপ জুয়েপোৰা অংশত লগালে সোনকালে বিষ আৰু ঘাঁৰ উপশম ঘটে৷ আদাৰ তেল মিহলোৱা গৰম পানীৰে গা ধুলে গাৰ বিষৰ উপশম ঘটে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...