তেজপাতৰ উপকাৰিতাৰ বিষয়ে জানেনে?

সচৰাচৰ আমি তেজপাত বিভিন্ন খোৱা সামগ্ৰীত মচলা হিচাপে ব্যৱহাৰ কৰো। কিন্তু আপুনি ইয়াৰ উপকাৰিতাৰ বিষয়ে জানেনে? তেজপাতৰ আছে বহু ঔষধী গুণ। তেজপাতৰ তৰকাৰীৰ লগত খোৱাৰ উপৰি ৰোগৰ ঔষধী গুণাগুণৰ বাবে কেচা বা শুকান পাতৰ ক্কাথ বা ৪/৫টা পাত বা শুকান গুৰি ৩গ্ৰাম পানীত কিছুসময় উতলাই নাইবা চাহৰ নিচিনাকৈ বনাই খাব পাৰে। অন্যথা তেজপাত গুড়ি বা কেচা ৰস এচামুচ মৌ ,গুড় , তুলসীপাত বা আদা মিহলাই খাব পাৰে ।

১/ তেজপাতে পাচন তন্ত্ৰ সৱল কৰে ,বদহজম, বেয়া উগাৰ অহা ,অৰুচী,অভোক শৌচ কচা আদি দুৰ কৰে । পেটৰ মন্দাগ্নি, গেচ (বায়ু) পিত্ত , দুৰ কৰাৰ লগতে অখাদ্য গ্ৰহনৰ পৰা হবলগা ৰোগ প্ৰতিৰোধ কৰে ।
তেজপাত সিজোৱা পানীত আদা ,সন্ধা নিমখ বা ক’লা নিমখ দি খাব ।
২/ কাহ চৰ্দি হাপানি , স্বৰভংগ (মাতভঙা) এলাৰ্জী ৰোগত তেজপাত , তুলসী, আদা বা শোথ, পিপলী, গুড় বা চেনী সহ বেচিকৈ উতলাই চাহৰ নিচিনা দিনে ২-৩বাৰ খালে উপসম হয়।
৩/ মুৰৰ বিষ , গাথিবিষ’ বা অন্নান্য বিষত তেজপাতৰ চাহ খোৱাৰ লগতে তেজপাত আৰু এৰাপাত বতি লেপ লগালে উপসম হয়।
৪/ প্ৰস্ৰাৱ ৰ যাৱতীয় ৰোগ তথা কিডনী ৰ ৰোগ বা পাথৰী ৰোগত তেজপাতৰ চাহ বা উতলোৱা পানী খোৱাতো উপকাৰী।
৫/ বহুমূত্ৰ ৰোগীৰ বাবে উপকাৰী।


৬/ হৃদয় ৰোগ বা হৃদ যন্ত্ৰ দুৰ্বল বা বুকুৰ ধপধপনি কৰা, সোনকালে ভাগৰি যোৱা ব্যক্তিৰ বাবে যথেষ্ঠ উপকাৰী! তেজপাত ৪ টা গোলাপ ফুলৰ পাহী ৪টা আৰু জনীগুটি (অজৱাইন) ১ বা ২গ্ৰাম উতলাই চাহৰ দৰে দিনে ২/৩বাৰ খাব পাৰে।
৭/ অনিদ্ৰা ৰোগত তেজপাত উপকাৰী।
৮/ তেজপাত ভিজোৱা পানীৰে চকু ধুলে জলা পোৰা ভাল হয়। দাঁতৰ ৰোগত সিজোৱা পানীৰে কুলু কুলু কৰিব।
৯/ মহিলাৰ ৰক্তস্ৰাৱ / পেটৰ বিষ বা প্ৰসৱৰ পিচত গৰ্ভাশয়ৰ সমস্যাৰ বাবে তেজপাতৰ চাহ (উতলোৱা পানী) উপকাৰী নাক বা দাঁতেৰে তেজ যোৱা ৰোগতো একেদৰে খাব পাৰে।
১০/ চুলিৰ নানা সমস্যা, ওকণি আদিতো তেজপাতৰ ৰস বা উতলোৱা পানী সানি কিছুসময় বান্ধি ৰাখিলে সমস্যা কিছু পৰিমাণে দূৰ হয়।
১১/ তেজপাত উতলোৱা পানী চতিয়ালে কীট পতংগ কমে। লগতে বায়ু বিশুদ্ধ কৰাতো সহায় কৰে।

NKTV Digital
Author: NKTV Digital

2 COMMENTS

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...