নহৰু লগাতকৈ বেছি খালে হ’ব পাৰে এইকেইটা গুৰুতৰ সমস্যা

নহৰুৰ গুণাগুণ সকলোৱে জানে। নহৰুৰ অনেক ঔষধি গুণ আছে যি হৃদৰোগ, কৰ্কট আদিৰ দৰে ৰোগৰ পৰা ৰক্ষা কৰাৰ বাবে উপযোগী। ৰাতিপুৱা খালি পেটত একোঁহ বা দুকোঁহ নহৰু খালে কাহ চৰ্দি কমাব পাৰে। উচ্চ ৰক্তচাপ থকা সকলেও নহৰু দুকোঁহ নিয়মীয়াকৈ খাব পাৰে। বিশেষজ্ঞৰ মতে নহৰু পুৱাতেই যে খাব লাগিব তেনে নহয়, দুপৰীয়া বা আবেলিও খাব পাৰে। কেঁচাকৈ খাবলৈ অসুবিধা পালে ধনিয়া পাত অথবা অন্য চাটনিৰ লগত পিচি খাব পাৰে। নহৰুত এলিচিন নামৰ এক যৌগ থাকে সেয়ে নহৰু বেছিকৈ খালে লিভাৰৰ ক্ষতি হব পাৰে। নহৰু প্ৰাকৃতিকভাৱে ব্লাড থিনাৰ হিচাপে পৰিচিত। ব্লাড থিনাৰ ধৰণৰ ঔষধ ব্যৱহাৰ কৰা লোকে অতিৰিক্ত নহৰু খোৱা অনুচিত। কাৰণ তেজ পাতল কৰা ঔষধ আৰু নহৰুৰ সন্মিলীত প্ৰভাৱ খুবেই বিপদজনক হয়। ইয়াৰ ফলত আভ্যন্তৰীণ ৰক্তপাত হ’ব পাৰে। গৰ্ভৱতী আৰু স্তনপান কৰোৱা মহিলাই নহৰু নোখোৱা ভাল। কাৰণ নহৰু খালে প্ৰসৱ বেদনা বেছি হ’ব পাৰে। আনহাতে বেছিকৈ নহৰু খোৱাৰ ফলত মাতৃ গৰাকীৰ গাখীৰৰ সোৱাদৰ পৰিবৰ্তন হয়। অতিৰিক্ত নহৰু খালে ৰক্তচাপ কমি মূৰ ঘূৰাব পাৰে। খালী পেটত পৰিমাণতকৈ বেছি নহৰু খালে বমি ভাব আহে , নিশ্বাসত দুৰ্গন্ধ আহে। প্ৰসাৱৰ সংক্ৰমণ হ’লে নহৰু খাব নালাগে, কাৰণ নহৰুৱে এনে সংক্ৰমণ বৃদ্ধিহে কৰে। কিন্তু নহৰু বেছিকৈ খালে বহু পাৰ্শ্ব প্ৰতিক্ৰিয়া হয়। অতিৰিক্ত নহৰু খালে বিভিন্ন অপকাৰ হ’ব পাৰে। কেঁচা নহৰু এবাৰত মাত্ৰ দুইকোঁহ খালেই যথেষ্ট, বেছি খালেও স্বাস্থ্যৰ বাবে ক্ষতিকাৰক।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

বেলুচিস্তানৰ ইতিহাস আৰু সমসাময়িক পৰিস্থিতি

বেলুচিস্তান পাকিস্তানৰ এখন প্ৰদেশ। দেশৰ দক্ষিণ-পশ্চিম অঞ্চলত অৱস্থিত বেলুচিস্তান...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ তদন্তৰ দায়িত্ব গ্ৰহণ NIAৰ

জম্মু আৰু কাশ্মীৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ তদন্তৰ দায়িত্ব ৰাষ্ট্ৰীয়...

৫ হাজাৰ পাকিস্তানী নাগৰিকৰ তালিকা আৰক্ষীৰ হাতত তুলি দিছে IBয়ে

ইন্টেলিজেন্স ব্যুৰো (আই বি)য়ে দিল্লীত বসবাস কৰা প্ৰায় ৫,০০০...

পথচাৰীৰ গাৰ ওপৰেৰে চলিল নিয়ন্ত্ৰণহীন বাহন

কানাডাত ভয়াৱহ পথ দুৰ্ঘটনা। পথচাৰীৰ গাৰ ওপৰেৰে চলিল নিয়ন্ত্ৰণহীন...