নহৰু লগাতকৈ বেছি খালে হ’ব পাৰে এইকেইটা গুৰুতৰ সমস্যা

নহৰুৰ গুণাগুণ সকলোৱে জানে। নহৰুৰ অনেক ঔষধি গুণ আছে যি হৃদৰোগ, কৰ্কট আদিৰ দৰে ৰোগৰ পৰা ৰক্ষা কৰাৰ বাবে উপযোগী। ৰাতিপুৱা খালি পেটত একোঁহ বা দুকোঁহ নহৰু খালে কাহ চৰ্দি কমাব পাৰে। উচ্চ ৰক্তচাপ থকা সকলেও নহৰু দুকোঁহ নিয়মীয়াকৈ খাব পাৰে। বিশেষজ্ঞৰ মতে নহৰু পুৱাতেই যে খাব লাগিব তেনে নহয়, দুপৰীয়া বা আবেলিও খাব পাৰে। কেঁচাকৈ খাবলৈ অসুবিধা পালে ধনিয়া পাত অথবা অন্য চাটনিৰ লগত পিচি খাব পাৰে। নহৰুত এলিচিন নামৰ এক যৌগ থাকে সেয়ে নহৰু বেছিকৈ খালে লিভাৰৰ ক্ষতি হব পাৰে। নহৰু প্ৰাকৃতিকভাৱে ব্লাড থিনাৰ হিচাপে পৰিচিত। ব্লাড থিনাৰ ধৰণৰ ঔষধ ব্যৱহাৰ কৰা লোকে অতিৰিক্ত নহৰু খোৱা অনুচিত। কাৰণ তেজ পাতল কৰা ঔষধ আৰু নহৰুৰ সন্মিলীত প্ৰভাৱ খুবেই বিপদজনক হয়। ইয়াৰ ফলত আভ্যন্তৰীণ ৰক্তপাত হ’ব পাৰে। গৰ্ভৱতী আৰু স্তনপান কৰোৱা মহিলাই নহৰু নোখোৱা ভাল। কাৰণ নহৰু খালে প্ৰসৱ বেদনা বেছি হ’ব পাৰে। আনহাতে বেছিকৈ নহৰু খোৱাৰ ফলত মাতৃ গৰাকীৰ গাখীৰৰ সোৱাদৰ পৰিবৰ্তন হয়। অতিৰিক্ত নহৰু খালে ৰক্তচাপ কমি মূৰ ঘূৰাব পাৰে। খালী পেটত পৰিমাণতকৈ বেছি নহৰু খালে বমি ভাব আহে , নিশ্বাসত দুৰ্গন্ধ আহে। প্ৰসাৱৰ সংক্ৰমণ হ’লে নহৰু খাব নালাগে, কাৰণ নহৰুৱে এনে সংক্ৰমণ বৃদ্ধিহে কৰে। কিন্তু নহৰু বেছিকৈ খালে বহু পাৰ্শ্ব প্ৰতিক্ৰিয়া হয়। অতিৰিক্ত নহৰু খালে বিভিন্ন অপকাৰ হ’ব পাৰে। কেঁচা নহৰু এবাৰত মাত্ৰ দুইকোঁহ খালেই যথেষ্ট, বেছি খালেও স্বাস্থ্যৰ বাবে ক্ষতিকাৰক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...