মহাকাশতে চুলি কটালে মহাকাশচাৰীয়ে

Shenzhou-13ৰ সদস্য ৱাং য়াপিঙৰ কাৰ্যই সৃষ্টি কৰিছে আলোড়নৰ

সাগৰৰ মাজত অথবা পানীৰ তলত চুলি কটোৱাৰ কথা আপোনালোকে নিশ্চয় শুনিছে। কিন্তু, কেতিয়াবা মহাকাশত চুলি কটোৱাৰ কথা শুনিছে নে? শুনিবলৈ আচহুৱা যেন লাগিলেও এগৰাকী মহিলা মহাকাশচাৰীয়ে কৰি দেখুৱালে এই কাম।

শেহতীয়াকৈ, কক্ষপথত থকা চীনৰ মহাকাশ কেন্দ্ৰৰ মূল মডিউলত দুজন সহযোগী মহাকাশচাৰীৰ সহায়ত চুলি কটাইছে ৱাং য়াপিঙে। য’ত তিনিওজনে এক বিশেষ অভিযানৰ বাবে ৬ মাহ সময় মহাকাশত থিতাপি লৈছে। চাইনা মেনড স্পেচ এজেন্সিৰ দ্বাৰা মুকলি কৰা এটা ভিডিঅ’ ক্লিপত, ৪১ বছৰীয়া ৱাঙক এক বিশেষ জেলেৰে চুলি ধুই থকা আৰু সহকৰ্মী – ঝাই ঝিগাং আৰু য়ে গুয়াংফুৰ দ্বাৰা তেওঁৰ দীঘল চুলি কাটি থকা দেখা গৈছে।

যদিও চুলি কটা কাৰ্য সহজ ভাৱে চলিছিল, কিন্তু প্ৰকৃত চেলুনৰ অভিজ্ঞতাতকৈ মহাকাশত সম্ভৱ কৰি তোলা এই কাৰ্য তুলনামূলকভাৱে বিপদজনক।

মহাকাশচাৰীসকলে মহাকাশতে চুলি কটাবলৈ, ‘হেয়াৰড্ৰেছাৰ’ৰ নিৰ্দেশনাবোৰ নিবিড়ভাৱে অনুসৰণ কৰিব লাগিব। তেওঁলোকে ফ্লোটেচন প্ৰতিৰোধ কৰিবলৈ আৰু দুৰ্ঘটনা ৰোধ কৰিবলৈ তেওঁলোকৰ শৰীৰ স্থিৰ কৰি ৰাখিব লাগিব। লগতে, মহাকাশৰ ওজনহীন পৰিস্থিতিত, চুলি কটাবলৈ ব্যৱহৃত পানী ক্ষুদ্ৰ টোপাললৈ পৰিৱৰ্তিত হ’ব। যদি সময়মতে কটা চুলি সমূহ সংগ্ৰহ আৰু পৰিষ্কাৰ কৰা নহয়, সেইবোৰে মহাকাশযানখনৰ বিজুতিৰ লগতে মহাকাশ কেন্দ্ৰৰো ক্ষতি কৰিব পাৰে। লগতে, মহাকাশচাৰী সকলৰো জীৱন বিপদাপন্ন কৰিব পাৰে।

এই অভিযানৰ সময়ত, তিনিজন ক্ৰু’ই মাজে-মাজে আন দুজনৰ সহায়ত চুলি কাটিব লাগিব। যিহেতু, এই তিনি মহাকাশচাৰীয়ে এক দীঘলীয়া সময়ৰ বাবে কক্ষপথত থাকিব।

মহাকাশচাৰী সকলে সুৰক্ষা নিশ্চিত কৰিবলৈ, এক বিশেষ হেয়াৰকাটিং ডিভাইচ ব্যৱহাৰ কৰে – এক ভেকুৱাম ক্লিনাৰ-সদৃশ ডিভাইচ যি মহাকাশত নেতিবাচক চাপ সৃষ্টি কৰিব পাৰে।

১৯৭৩চনত প্ৰথমবাৰৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্কাইলেব মহাকাশ কেন্দ্ৰত মহাকাশচাৰী চাৰ্লছ কনৰাডে তেওঁৰ সতীৰ্থ পল জে ৱেইটজক এক বিশেষ সঁজুলিৰে চুলি কাটিবলৈ দিছিল।

হেয়াৰড্ৰেছিং সঁজুলিৰ নিৰন্তৰ উন্নতিৰ সৈতে, সহজে ব্যৱহাৰ কৰিব পৰা সঁজুলিটো এতিয়া সমগ্ৰ বিশ্বৰ মহাকাশচাৰীসকলৰ দ্বাৰা সাৰ্বজনীনভাৱে স্বীকৃত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...