হাৰিয়ানাত আজি বিধানসভাৰ নিৰ্বাচন

হাৰিয়ানাত আজি বিধানসভাৰ নিৰ্বাচন। ৯০টা সমষ্টিত ভাগ্য নিৰ্ণয় হ’ব ১০৩১ গৰাকী প্ৰাৰ্থীৰ । ৯০ টা সমষ্টিৰ ২০,৬২৯টা কেন্দ্ৰত আৰম্ভ ভোটগ্ৰহণ। আজি ভাগ্য নিৰ্ণয় হ’ব বিজেপিৰ মুখ্যমন্ত্ৰী নয়াব সিং ছাইনীৰ। মল্লযুঁজাৰু তথা কংগ্ৰেছ প্ৰাৰ্থী ভিনেশ ফ’গাটৰো ভাগ্য নিৰ্ণয় হ’ব আজি। জুলানা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ভিনেশ ফ’গাটে। কংগ্ৰেছৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপিন্দৰ সিং হুদাৰো নিৰ্ণয় হ’ব ভাগ্য। একেৰাহে ৩বাৰলৈ হাৰিয়ানা দখলৰ বাবে ব্যাপক প্ৰচাৰ চলাইছিল বিজেপিয়ে। প্ৰধানমন্ত্ৰী মোদী, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো চলাইছিল প্ৰচাৰ। ১০ বছৰৰ পিছত হাৰিয়ানাত বিজেপিক উৎখাতৰ সংকল্পৰে প্ৰচাৰত নামি পৰিছিল কংগ্ৰেছ। কংগ্ৰেছ প্ৰাৰ্থীসকলৰ হৈ হাৰিয়ানাত প্ৰচাৰ চলাইছিল ৰাহুল গান্ধীয়ে। দেশৰ আগশাৰীৰ মহিলা উদ্যোগপতি সাবিত্ৰী জিন্দালে নিৰ্দলীয় হিচাপে আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা। অহা ৮ অক্টোবৰত ঘোষণা হ’ব নিৰ্বাচনৰ ফলাফল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...