বিপদে লগ নেৰা হৈছে ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়াৰ

অৱশেষত জীৱনৰ এটা কঠিন সিদ্ধান্তক আদৰিবলৈ সাজু হল হাৰ্দিক পাণ্ডিয়া আৰু নাটাছা ষ্টেনকভিচ। দুয়োৱে নিশ্চিত কৰিলে বিবাহ বিচ্ছেদৰ কথা। বৃহস্পতিবাৰে ইনষ্টাগ্ৰামত দুয়োজনে ঘোষণা কৰিলে পৃথক হোৱাৰ সিদ্ধান্ত। সম্প্ৰতি পুত্ৰ অগস্ত্যৰ সৈতে ছাৰ্বিয়াত আছে নাটাছা। পুত্ৰৰ সৈতে নাটাছাই মুম্বাই এৰি যোৱাৰ কিছু ঘণ্টাৰ পাছতেই বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰিলে হাৰ্দিক পাণ্ডিয়াই। বিচ্ছেদৰ কথা ঘোষণা কৰিলেও আইনগতভাৱে বিচ্ছেদ হৈছে নে নাই সেই কথা কিন্তু স্পষ্ট কৰা নাই হাৰ্দিক অথবা নাটাছাই। ইনষ্টাগ্ৰামত পোষ্ট কৰি নাটাছাই লিখিছে, ‘চাৰি বছৰ একেলগে থকাৰ পিছত হাৰ্দিক আৰু মই পৃথক হোৱাৰ সিদ্ধান্ত লৈছোঁ। আমি একেলগে থাকিবলৈ বহু চেষ্টা কৰিলোঁ। কিন্তু অৱশেষত আমি পৃথক হোৱাৰ সিদ্ধান্ত ললোঁ। এয়াই আমাৰ বাবে সঠিক সিদ্ধান্ত। কিন্তু এই সিদ্ধান্ত লোৱাটো বৰ কঠিন আছিল। আমি এটা পৰিয়াল সৃষ্টি কৰিলোঁ। ইজনে-সিজনৰ লগত সুখৰ সময় কটালোঁ।’ এইখিনি কথাকেই একেধৰণে লিখিলে হাৰ্দিকেও।

২০২০ চনৰ ৩১ মে’ত বিবাহপাশত আৱদ্ধ হৈছিল হাৰ্দিক আৰু নাটাছা। ক’ভিড মহামাৰীৰ সময়তে অনুষ্টুপীয়াকৈ বিয়া পাতি পতি-পত্নীৰ বান্ধোনেৰে বান্ধ খাইছিল হাৰ্দিক আৰু নাতাশা। সেই বছৰৰ ৩০ জুলাইত দুয়োৰে জীৱনলৈ আহিছিল পুত্ৰ অগস্ত্য।

২০২৩ৰ ১৪ফেব্ৰুৱাৰীত উদয়পুৰত ধূমধামেৰে নিজৰ বিয়া উদযাপন কৰিছিল হাৰ্দিক-নাটাছাই। বিবাহ বিচ্ছেদ ঘোষণাৰ লগতে পুত্ৰৰ সিদ্ধান্তও ঘোষণা কৰিছে নাটাছাই। ১২ দিনৰ পিছত অগস্ত্যৰ জন্মদিন। অগস্ত্যই চাৰি বছৰ সম্পূৰ্ণ কৰিব। অগস্ত্য আমাৰ দুয়োৰে জীৱনৰ অংশ হৈ থাকিব। আমি একেলগে অগস্ত্যক ডাঙৰ-দীঘল কৰিম। অগস্ত্যক সুখী কৰি ৰাখিবলৈ আমি সকলো চেষ্টা কৰিম। এয়া নাতাছাৰ ঘোষণা। ইতিমধ্যে নিজৰ-নিজৰ ইনষ্টাগ্ৰামৰ পৰা বিয়াৰ ছবি ফটো ডিলিট কৰিছে হাৰ্দিক আৰু নাটাছাই। টি-২০ বিশ্বকাপ জয়ৰ পিছতো হাৰ্দিকক উদ্দ্যেশি কোনোধৰণৰ পোষ্ট কৰা দেখা নগ’ল নাটাছাক। পূৰ্বে হাৰ্দিকৰ প্ৰায় প্ৰতিখন খেলতেই দেখা গৈছিল নাটাছাক। হাৰ্ডিকৰ প্ৰায় প্ৰতিখন মেচতেই গেলেৰীত উপস্থিত থাকিছিল নাটাছা। কিন্তু এইবাৰ IPL অথবা T-20 বিশ্বকাপ কতো দেখা নগল নাটাছাক। খেলৰ চোৱাৰ বিপৰীতে নিজক লৈহে ব্যস্ত আছিল নাটাছা। দুয়োৰে বিচ্চেদৰ খবৰে দুখ দিছে হাৰ্ডিকৰ একাংশ অনুৰাগীক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...