মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ২৫ লাখ টকাৰ অনুদান
বানপীড়িত অঞ্চলৰ জনসাধাৰণৰ সহায়ৰ অৰ্থে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এটি প্ৰতিনিধি দলে দেওবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ২৫ লাখ টকাৰ সাহায্য আগবঢ়ায়। বানপানীৰ সময়ত বিশ্ববিদ্যালয়ে গ্ৰহণ কৰা বিভিন্ন সাহায্য আৰু সংৰক্ষণমূলক পদক্ষেপৰ অংশ হিচাপে এই অনুদান আগবঢ়োৱা হয়।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তৰ নেতৃত্বত প্ৰতিনিধি দলটোৱে লোক ভৱনত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি চেক অৰ্পণ কৰে। বিশ্ববিদ্যালয়ৰ শিক্ষকসকলে স্ব-ইচ্ছাই এদিনৰ দৰমহা আগবঢ়োৱাৰ লগতে অনা-শিক্ষক, বিষয়া তথা কৰ্মচাৰীসকলৰ অৱদানৰ জৰিয়তে ২৫ লাখ টকাৰ উক্ত পুঁজি সংগ্ৰহ কৰা হয়।
উল্লখযোগ্য যে বানপানীৰ কালছোৱাত গুৱাহাটী বিশ্ববিদ্যালয়ে উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তদেৱৰ নেতৃত্বত বানত ক্ষতিগ্ৰস্ত লোকসকলৰ কাষত থিয় দি সাহায্য প্ৰদানৰ বাবে তাৎক্ষণিকভাৱে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৫০০টা বানপীড়িত পৰিয়াললৈ সাহায্য সামগ্ৰী প্ৰেৰণ কৰাৰ লগতে ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ শিক্ষাৰ্থীসকলৰ বাবে ৫,০০০টা শৈক্ষিক কিট আৰু প্ৰয়োজনীয় সামগ্ৰী প্ৰেৰণ কৰা কাৰ্য অন্যতম।

মানৱীয় সাহায্যৰ সমান্তৰালভাৱে বানপানীৰ ফলত ক্ষতিগ্ৰস্ত অসমৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰতো বিশ্ববিদ্যালয়ে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে। সাক্ষাৎকালত বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি দলটোৱে মুখ্যমন্ত্ৰীক বান সাহায্য আৰু সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰত বিশ্ববিদ্যালয়ে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে অৱগত কৰে। বিশেষকৈ বানপীড়িত মেধিজন শ্ৰী শ্ৰী গজলা সত্ৰৰ অমূল্য সাঁচিপাতৰ পুথিসমূহ উদ্ধাৰ আৰু সংৰক্ষণৰ বাবে চলি থকা প্ৰচেষ্টাৰ বিষয়েও মুখ্যমন্ত্ৰীক অৱগত কৰে।
এই সন্দৰ্ভত উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই উল্লেখ কৰে যে, “গুৱাহাটী বিশ্ববিদ্যালয় অসমৰ মাটি আৰু মানুহৰ সৈতে গভীৰভাৱে সংপৃক্ত এক প্ৰতিষ্ঠান। সংকটৰ সময়ত সমাজৰ কাষত থিয় দিয়াটো আমাৰ দায়িত্ব। আমাৰ এই অৱদান হয়তো সীমিত, কিন্তু ইয়াৰ মাজেৰে সমগ্ৰ বিশ্ববিদ্যালয় পৰিয়ালৰ সেৱাৰ মনোভাৱ আৰু একাত্মতা প্ৰতিফলিত হৈছে। একে সময়তে এনে দুৰ্যোগৰ সময়ত ক্ষতিগ্ৰস্ত হ’ব পৰা অসমৰ সাংস্কৃতিক ঐতিহ্য সুৰক্ষিত কৰাৰ দায়িত্বও আমাৰ আছে।”
গুৱাহাটী বিশ্ববিদ্যালয়ৰ হৈ পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মা, শৈক্ষিক পঞ্জীয়ক অধ্যাপক ৰাজীৱ সন্দিকৈ, গুৱাহাটী বিশ্ববিদ্যালয় শিক্ষক সংস্থাৰ সভাপতি অধ্যাপক দ্বীপেন বেজবৰুৱা আৰু সাধাৰণ সম্পাদক ড° সমীৰ সৰকাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিভিন্ন গুৰুত্বপূৰ্ণ পদক্ষেপৰ বিষয়ে মুখ্যমন্ত্ৰীক অৱগত কৰে।
অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড⁰ হিমন্ত বিশ্ব শৰ্মাদেৱে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিয়ালে গ্ৰহণ কৰা সামূহিক মানৱীয় পদক্ষেপসমূহৰ শলাগ লোৱাৰ লগতে বৰ্তমানৰ কঠিন সময়ত অসমৰ জনসাধাৰণৰ কাষত থিয় দিয়াৰ বাবে বিশ্ববিদ্যালয়ক ধন্যবাদ জ্ঞাপন কৰে।
সাক্ষাৎকালত প্ৰতিনিধি দলটোৱে ভাৰতৰ মাননীয় উপ-ৰাষ্ট্ৰপতিৰ আগন্তুক গুৱাহাটী বিশ্ববিদ্যালয় ভ্ৰমণ উপলক্ষে বিশ্ববিদ্যালয়ে গ্ৰহণ কৰা প্ৰস্তুতিৰ বিষয়েও মুখ্যমন্ত্ৰীক অৱগত কৰে। মুখ্যমন্ত্ৰীয়ে প্ৰস্তুতিসমূহৰ বিষয়ে অৱগত হৈ উপ-ৰাষ্ট্ৰপতিৰ ভ্ৰমণ সফলভাৱে সম্পন্ন কৰাৰ বাবে প্ৰয়োজনীয় সহযোগিতাৰ আশ্বাস দিয়ে।
বানপানীৰ সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ে গ্ৰহণ কৰা এই পদক্ষেপসমূহে তাৎক্ষণিক সাহায্য প্ৰদানৰ লগতে শিক্ষাৰ ক্ষেত্ৰত সহায়-সহযোগিতা আৰু অসমৰ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ প্ৰচেষ্টাকো সামৰি লৈছে। এই সমগ্ৰ প্ৰচেষ্টাই অসমৰ জনসাধাৰণ আৰু ৰাজ্যখনৰ বিভিন্ন সম্প্ৰদায়ৰ প্ৰতি গুৱাহাটী বিশ্ববিদ্যালয়ৰ সামাজিক দায়বদ্ধতা আৰু সেৱাৰ মনোভাৱক প্ৰতিফলিত কৰিছে।
