ই-গভৰ্নেন্সৰ ক্ষেত্ৰত অভিনৱ পদক্ষেপৰ বাবে গুৱাহাটী জল ব’ৰ্ডলৈ দুটাকৈ সন্মানীয় বঁটা

ই-গভৰ্নেন্সৰ অভিনৱ পদক্ষেপ “ৱেবভিত্তিক পানীযোগানৰ সংযোগ পঞ্জীয়ন আৰু পে’মেণ্ট ব্যৱস্থা”(Web Based Water Supply Connection Registration and Payment System)ৰ বাবে শেহতীয়াকৈ সৰ্ব-ভাৰতীয় পৰ্যায়ত দুটাকৈ সন্মানীয় বঁটা লাভ কৰিবলৈ সক্ষম হোৱা গুৱাহাটী মহানগৰ খোৱাপানী আৰু পয় প্ৰণালী পৰিষদ (গুৱাহাটী জল ব’ৰ্ড)ক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে ৰাজ্যৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী অশোক সিংহলে।

উল্লেখযোগ্য যে শেহতীয়াকৈ হায়দৰাবাদৰ ভাৰতীয় প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ পৰা “ৰাজহুৱা ব্যৱস্থাত উদ্ভাৱন কেন্দ্ৰৰ দ্বাৰা উদ্ভাৱনমূলক পদক্ষেপৰ বাবে বঁটা প্ৰদান” (Awarding Innovation by the Center for Innovation in Public Systems)ৰে গুৱাহাটী জল ব’ৰ্ডক সন্মানিত কৰা হয়। ই হৈছে প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে ৰাজহুৱা সেৱা প্ৰদান ব্যৱস্থা উন্নততৰ কৰি তোলাৰ ক্ষেত্ৰত জলব’ৰ্ডৰ উল্লেখযোগ্য অৱদানক স্বীকৃতিস্বৰূপ। বিশেষজ্ঞৰ পেনেলৰ সন্মুখত উপস্থাপন আৰু তেওঁলোকৰ কঠোৰ মূল্যায়নৰ পিছত জল ব’ৰ্ডৰ এই-গভৰ্নেন্স পদক্ষেপক পুৰস্কাৰৰ বাবে নিৰ্বাচিত কৰা হয়।

স্মৰ্তব্য যে ভাৰতীয় প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ে আগবঢ়োৱা এই বঁটাৰ উপৰি গুৱাহাটী জল ব’ৰ্ডক ই-গভৰ্নেন্সৰ পদক্ষেপৰ বাবে সন্মানীয় “SKOCH Award”ৰ বাবেও নিৰ্বাচিত কৰা হৈছে। এই বঁটাৰ জৰিয়তে জিআইএছ-সংহত পৰ্টেলৰ ব্যৱহাৰৰ জৰিয়তে গ্ৰাহক ব্যৱস্থাপনা প্ৰক্ৰিয়া সুশৃংখলিত কৰাৰ ক্ষেত্ৰত ব’ৰ্ডৰ প্ৰচেষ্টাক স্বীকৃতি প্ৰদান কৰা হৈছে। নতুন দিল্লীত অলপতে অনুষ্ঠিত হ’বলগীয়া SKOCH সন্মিলনত গুৱাহাটী জল ব’ৰ্ডক আনুষ্ঠানিকভাৱে এই বঁটা প্ৰদান কৰা হ’ব।

জনসেৱা প্ৰদানৰ ক্ষেত্ৰত উদ্ভাৱন আৰু উৎকৃষ্টতাৰ প্ৰতি থকা দায়বদ্ধতাৰ বাবে মন্ত্ৰী সিংহলে গুৱাহাটী জল ব’ৰ্ডৰ বিশেষভাৱে শলাগ লৈছে। তেওঁ কয় যে গুৱাহাটী জল ব’ৰ্ডৰ এই ই-গভৰ্নেন্স পদক্ষেপ নাগৰিকৰ জীৱন উন্নত কৰাৰ বাবে প্ৰযুক্তিৰ ফলপ্ৰসূ ব্যৱহাৰ কেনেদৰে কৰিব পাৰি তাৰ এক উজ্জ্বল উদাহৰণ। এই পদক্ষেপে গুৱাহাটীৰ বাসিন্দাসকলৰ বাবে পানীযোগান সেৱা লাভ কৰাটো সহজ আৰু অধিক সুবিধাজনক কৰি তুলিছে বুলি তেওঁ মন্তব্য কৰে।

গুৱাহাটী জল ব’ৰ্ডৰ ই-গভৰ্নেন্স পদক্ষেপে পানীযোগান খণ্ডত স্বচ্ছতা, দক্ষতা, আৰু নাগৰিকৰ সংযোগ বৃদ্ধিত যথেষ্ট সহায় কৰিছে। ৱেবভিত্তিক প্লেটফৰ্মে নতুন পানীযোগান সংযোগৰ বাবে আবেদন কৰা, পেমেণ্ট কৰা আৰু আবেদনৰ শেহতীয়া স্থিতিৰ বুজ লোৱাৰ প্ৰক্ৰিয়া সৰল কৰি তুলিছে। ইয়াৰ ফলত যথেষ্ট সময় ৰাহি হোৱাৰ লগতে উপভোক্তাসকলৰ সন্তুষ্টিও বৃদ্ধি পাইছে।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...