আপুনি গুৱাহাটীত বাস কৰে নেকি, সাৱধান!

অপৰাধীৰ ৰম্যভূমিলৈ পৰ্যবসিত হৈছে গুৱাহাটী মহানগৰী। দেওবাৰে দিন-দুপৰতে পিষ্টল কিনি দিম বুলি ফুচুলাই শিশুক অপহৰণ কৰিলে দুৰ্বৃত্তই। সোমবাৰে পুনৰ লৈ যোৱা ঠাইতেই এৰি থৈ গ’ল শিশুক। হাতীগাঁৱত সংঘটিত হ’ল চাঞ্চল্যকৰ ঘটনা। এই পৰ্যন্ত কিন্তু আৰক্ষীয়ে কৰায়ত্ত কৰিব পৰা নাই অপহৰণকাৰীক।

আপুনি গুৱাহাটীত বাস কৰে নেকি, সাৱধান!
আপোনাৰ কণমানি সন্তান আছে নেকি, সাৱধান!
গুৱাহাটী এতিয়া অপৰাধীৰ ৰম্যভূমি

এটা চাঞ্চল্যকৰ অপহৰণ। গুৱাহাটীৰ সিজুবাৰীৰ কনকলতা পথত নিজৰ ভাতৃৰ সৈতে খেলি আছিল এটি ৬ বছৰীয়া শিশুৱে। তেনেতে বাইক লৈ আহিল এজন যুৱক। শিশুটিক কলে, মই তোমাৰ মামা। মোৰ লগত বাইকত উঠাচোন। মই তোমাক পিষ্টল কিনি দিম। তাকেই শুনি বাইকত উঠি ল’লে শিশুটিয়ে। তেতিয়াৰ পৰা আৰু শিশুটি নাই।

মামা’ বুলি পৰিচয় দিছিল অপহৰণকাৰীয়ে
হাতীগাঁৱৰ পৰা দক্ষিণগাঁৱৰ পাহাৰৰ দিশে লৈ গৈছিল শিশুটিক
হাহাকাৰ পিতৃ-মাতৃৰ

ঘটনাৰ পাছতেই খবৰ দিয়া হ’ল আৰক্ষীক। আৰক্ষীয়ে আৰম্ভ কৰিলে অভিযান। ইমানলৈ পোহৰলৈ আহিল দুৰ্বৃত্তই নম্বৰপ্লেটবিহীন পালছাৰ বাইকত শিশুটিক উঠাই লৈ যোৱাৰ দৃশ্য। সংবাদ মাধ্যমতো প্ৰচাৰ হ’ল সেই বাতৰি। তাৰ পাছতেই সোমবাৰে পুৱা একেঠাইতে উদ্ধাৰ হল শিশুটি। যি স্থানৰ পৰা শিশুটিক অপহৰণকাৰীয়ে লৈ গৈছিল সেই একেই স্থানতেই এখন অটোত আনি শিশুটিক থৈ গ’ল অপহৰণকাৰীয়ে।

দক্ষিণগাঁৱৰ পিনে লৈ গৈছিল শিশুটিক
নিশা ৰাখিছিল পাহাৰৰ ওপৰৰ এটা ঘৰত
খাবলৈ দিছিল বিস্কুট
পিতৃ বুলি কৈ ফোনত কথা পতাইছিল আন এজন ব্যক্তিৰ লগত

সোমবাৰে দিনৰ ভাগত সুশৰীৰে একেঠাইত উদ্ধাৰ সেই শিশুটি। যেন উশাহ ঘূৰি আহিছে পিতৃ-মাতৃৰ। এতিয়াও কিন্তু সেই অপহৰণকাৰীৰ কোনো সূংশুত্ৰ উলিয়াব পৰা নাই আৰক্ষীয়ে। চলিছে ধাৰাবাহিক অভিযান। জালত পৰিবনে কালপ্ৰীত? গুৱাহাটীত এয়া কেনে পৰিৱেশ হৈছে। দিন-দুপৰতে এটি শিশুক অপহৰণ কৰিছে দুৰ্বৃত্তই। অপহৰণ কৰা ঠাইতে আকৌ এৰি থৈ গৈছে। ইমান মুকলি বিচৰণ অপৰাধীৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...