৩৪ লাখটকীয়া আল্ট্ৰা বাছ লাভ কৰিলে টিকেন্দ্ৰ, প্ৰশান্তই

ভাগ্যৰ খেলা। বৰপেটাত অনুষ্ঠিত হৈছিল লটাৰি। স্থানীয় এজন লোকক টিকটৰ বহী বিক্ৰী কৰিবলৈ দিছিল আয়োজক সমিতিয়ে। আটাইবোৰ টিকট বিক্ৰী কৰিব নোৱাৰি বন্ধুৰে মিলি দুখন বহী ক্ৰয় কৰিছিল সেই লোকজনেই। পাছত ফলাফলত যি ওলাল। আপোনাৰো মন ভাল লাগি যাব।

ভাগ্যৰ চকৰি যেতিয়া ঘূৰে
তেতিয়াই মানুহৰ কপাল ফুলে

১০০টকাত বুলেট, ১০০ টকাত আই টেন, ১০০টকাত ৱেগনাৰ। ভাগ্যৰ খেলা। লটাৰি অনুষ্ঠিত হয়। টিকট কাটে। বহুতে পায় বহুতে নাপায়। কিন্তু বৰপেটাত এইবাৰ যি খেল হল সেয়া আকৰ্ষণীয়। দুই বন্ধুৰ আশা আৰু এখন বাছ। টিকেন্দ্ৰ, প্ৰশান্ত দুয়ো বন্ধু। টিকেন্দ্ৰ পেছাত এজন ৰোলাৰ চালক। আৰু প্ৰশান্তই কৰে পকা মিস্ত্ৰীৰ লগতে ৱেল্ডিঙৰ কাম। সেইদিনা সৰ্থেবাৰীত কাম কৰিবলৈ বুলি ওলাইছিল টিকেন্দ্ৰ দাস। তেনেতে বৰপেটাৰ কেওঁটকুছি গাৱত লক্ষ্মী পূজা মহোৎসৱৰ মন্দিৰ নিৰ্মাণৰ সাহাৰ্যাৰ্থে অনুষ্ঠিত লটাৰীৰ উপহাৰ কুপনৰ দুখন বহী টিকেন্দ্ৰক দিলে আয়োজকে। কলে তই ওলাই যাবি যেতিয়া এই টিকট কেইটা বিক্ৰী কৰি থৈ আহিবি। বহী দুখন ললে টিকেন্দ্ৰই। কিন্তু বিক্ৰী কৰি শেষ কৰিব পৰা নাছিল। তেতিয়া বন্ধু প্ৰশান্তক প্ৰস্তাৱ দিলে টিকেন্দ্ৰই। দুখন বহী বাকী ৰৈছেগৈ। আমি দুয়োটাই লৈ লওঁ আহ।
সেইমতেই কাম টিকেন্দ্ৰৰ ২,০০০, প্ৰশান্তৰ ২,০০০ চাৰি হাজাৰ টকাৰে দুয়ো মিলি নিজেই কিনিলে বহী দুখন। উপহাৰ যদি কিবা পায় তেন্তে মূল্য সমানে ভাগ কৰাৰ প্ৰতিশ্ৰুতি। সোমবাৰে সেই লটাৰীৰ ফলাফলত ওলাল।

কোনে পালে প্ৰথম পুৰস্কাৰ
প্ৰথম পুৰস্কাৰ এখন আল্ট্ৰা বাছ
টিকেন্দ্ৰ আৰু প্ৰশান্তই ক্ৰয় কৰা বহীতেই আছিল সেইটো টিকট
ফলাফলত দুই বন্ধুৰ কপাল ফুলিল
৩৪ লাখটকীয়া আল্ট্ৰা বাছ লাভ কৰিলে টিকেন্দ্ৰ, প্ৰশান্তই

এতিয়া দুয়ো বন্ধুৰ পৰিকল্পনা। বাছখন বিক্ৰী কৰি টিকেন্দ্ৰই ফিচাৰি খান্দি মাছৰ ব্যৱসায় কৰিব। প্ৰশান্তই আৰম্ভ কৰিব ৱেল্ডিঙৰ দোকান। জীৱনটো এতিয়া অলপ গতি লাগিব।

টিকেন্দ্ৰ-প্ৰশান্তক শুভকামনা সকলোৰে। তাৰ মাজতে বিমোৰত পৰিছে লটাৰিৰ আয়োজক সমিতি।
থাৰখন কাৰ?
কোনে পালে
?
356516 নম্বৰৰ টিকটটোৰ গৰাকীয়ে লাভ কৰিছে মাহিন্দ্ৰা থাৰ

ভাগ্যৱান বিজেতাজনে কুপন জমা দি থাৰখন লৈ যাব পাৰে। কিন্তু নিয়া নাই। তাতেই বিমোৰত পৰিছে আয়োজক সমিতি। ১৫ দিনৰ সময়সীমা বৃদ্ধি কৰি থাৰখন লৈ যাবলৈ আহ্বান। সঁচাই ভাগ্যৰ খেলা। কেতিয়া কি হয় কোনেও ধৰিব নোৱাৰে। কাৰোবাৰ কপাল ফুলে। কাৰোবাৰ মুখ ফুলে। টিকেন্দ্ৰ-প্ৰশান্তৰ কপাল ফুলিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ…

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ। ৰিচা চাড্ডা...

ডায়েট ডিব্ৰুগড়ত সম্পন্ন শিশু বৈজ্ঞানিক প্ৰদৰ্শনী

বিকশিত আৰু স্বাৱলম্বী ভাৰতৰ বাবে ষ্টেম শীৰ্ষক বিষয়বস্তুক আধাৰ...

পুনৰ গুৱাহাটীত যুৱতীৰ ৰহস্যজনক মৃত্যু

পুনৰ চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে গুৱাহাটী মহানগৰী। ৰহস্যজনক অৱস্থাত উদ্ধাৰ...

কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা, আতংকিত ৰাইজ

পুনৰ কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা। নিশা নহয় এইবাৰ দিন-দুপৰতেই চাঞ্চল্যকৰ...