মুস্তাক আলী ট্ৰফীত সৰ্বাধিক ৰান কৰিও ভাৰতীয় দলত নাম নাহিল ৰিয়ানৰ

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে T-20 শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা
মুস্তাক আলী ট্ৰফীত সৰ্বাধিক ৰান কৰিও ভাৰতীয় দলত নাম নাহিল ৰিয়ানৰ
দলত স্থান নাই সঞ্জু ছেমছন, য়ুজবেন্দ্ৰ চাহালৰো

এদিনীয়া বিশ্বকাপৰ সমাপ্তি ঘটিল, এতিয়া T-20 ক্ৰিকেটৰ বতৰ। ২০২৪ৰ জুনত আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত হ’ব পৰৱৰ্তী T-20 বিশ্বকাপ। বিগত বৰ্ষৰ T-20 বিশ্বকাপত ছেমি ফাইনেলত অভিযান সামৰা ভাৰতীয় দলে তুলনামূলকভাৱে সৰু ফৰ্মেটত যুৱ খেলুৱৈৰ সৈতে আগবাঢ়িছে। অহা ২৩ নৱেম্বৰৰ পৰা ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত T-20 শৃংখলা। ২৮ নৱেম্বৰত শৃংখলাৰ তৃতীয়খন T-20 খেল অনুষ্ঠিত হ’ব গুৱাহাটীত। সোমবাৰে শৃংখলাৰ বাবে BCCI-এ ঘোষণা কৰে ভাৰতীয় দল। কিন্তু আশ্বৰ্য্যজনকভাৱে ভাৰতীয় দলত স্থান নাপালে ভাৰতৰ মুখ্য লেগ স্পিনাৰ য়ুজবেন্দ্ৰ চাহাল। দলত অন্তৰ্ভুক্ত নহ’ল সঞ্জু ছেমছনো। মন কৰিবলগীয়া কথা হ’ল যে দেওধৰ ট্ৰফী আৰু চৈয়দ মুস্তাক আলী ট্ৰফীত সৰ্বাধিক ৰান কৰা অসম সন্তান ৰিয়ান পৰাগেও ভাৰতীয় দলত নাপালে স্থান। কিন্তু ৰিয়ানতকৈ মুস্তাক আলী ট্ৰফীত কম ৰান কৰা তিলক বৰ্মা, শিৱম ডুবেই টীম ইণ্ডিয়াত পালে স্থান।

এইবাৰৰ চৈয়দ মুস্তাক আলী ট্ৰফীত ৰিয়ান পৰাগে কৰিছিল মুঠ ৫১০ ৰান
৭টাকৈ শতক অৰ্জন কৰিছিল ৰিয়ানে
১৮২.৭৯ ষ্ট্ৰাইক ৰেটেৰে বেটিং কৰিছিল ৰিয়ানে
লগতে দখল কৰিছিল ১১টাকৈ উইকেট

ইপিনে, তিলক বৰ্মাই কৰিছে কেৱল ২৮৮ ৰান
দলত স্থান পোৱা ৰিংকু সিঙে কৰিছে ২৫৬ ৰান
ৰুতুৰাজ গায়কৱাড় কৰিছে ২৪৪ ৰান
যশস্বি জয়ছোৱালে সংগ্ৰহ কৰিছে ২৪২ ৰান

অৱশ্যে, এইসকল খেলুৱৈয়ে IPLত সুন্দৰ প্ৰদৰ্শন কৰিছিল। টীম ইণ্ডিয়াত উপেক্ষিত হোৱাৰ পিছত সামাজিক মাধ্যমত বিশেষ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰিয়ান পৰাগে। বৰষুণ আহিবলৈ পৰিৱেশ তৈয়াৰ কৰা আমাৰ কাম, কিন্তু মেঘে গৰজিব নে নাই সেয়া আমাৰ কাম নিশ্চয় নহয়…এইদৰে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰিয়ানে। দল ঘোষণাৰ পিছত খেলুৱৈৰ বাচনিক লৈ যথেষ্ট প্ৰশ্নৰ উদয় হৈছে। কেৱল IPLৰ প্ৰদৰ্শন চাই ভাৰতীয় দলত স্থান লাভ কৰে নেকি? ইয়াক লৈ ক্ৰিকেট মহলত চলিছে ব্যাপক চৰ্চা। যদি IPLৰ প্ৰদৰ্শনৰ ভিত্তিত ভাৰতীয় দলত স্থান লাভ কৰে তেন্তে কিয় ভাৰতীয় দলত নাই সঞ্জু ছেমছন আৰু য়ুজবেন্দ্ৰ চাহাল। এতিয়া কেৱল এই প্ৰশ্নৰ উত্তৰ BCCIৰ নিৰ্বাচক অজিৎ আগৰকৰৰ হাতত। আনহাতে, অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতীয় দলক নেতৃত্ব দিব সূৰ্য কুমাৰ যাদৱে। দলত স্থান পোৱা অন্য খেলুৱৈ সকল হৈছে –

ৰুতুৰাজ গায়কোৱাড়, ঈশান কিষান, যশস্বী জয়ছোৱাল,
তিলক বৰ্মা, ৰিংকু সিং, জিতেশ শৰ্মা, ৱাশ্বিংটন সুন্দৰ,
অক্ষৰ পেটেল, শিৱম ডুবে, ৰবি বিষ্ণৈ, অৰ্শ্বদীপ সিং,
প্ৰসিদ্ধ কৃষ্ণ, আৱেশ খান আৰু মুকেশ কুমাৰ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

GMCHত উপলব্ধ হ’ব কেন্সাৰৰ উন্নত থেৰাপীৰ সঁজুলি,সঁজুলি ক্ৰয়ৰ বাবে কেবিনেটৰ অনুমোদন

অসমত কেন্সাৰ চিকিৎসাৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা কৰিবলৈ...

নেপালত কিয় পুতি পেলোৱা হৈছে চিনাক্ত নোহোৱা মৃতদেহ? কেনেকৈ হ’ব মৃতদেহৰ চিনাক্তকৰণ?

নেপালত ভয়াৱহ বানত মৃত্যু হোৱা চিনাক্ত নোহোৱা মৃতদেহসমূহ পুতি...

বয়স-ফিটনেছৰ বাবে সলনি হ’ব নেকি ভাৰতৰ বিশ্বকাপ দল?

২০২৭ৰ এদিনীয়া বিশ্বকাপৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰিছে ভাৰতীয় ক্ৰিকেট...

১৫ বছৰীয়া বৈভৱৰ কান্ধত ইষ্ট জ’নৰ নেতৃত্বৰ দায়িত্ব

বেংগালুৰুৰ Centre of Excellence (CoE)ত দেওবাৰে অনুষ্ঠিত দুলীপ ট্ৰফীৰ...